--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছিকিমত ছানী লিয়নী । প্ৰশান্তিৰ চহৰত বিপুল আদৰণি পৰ্ণ তাৰকা ছানী লিয়নীক। পৰ্যটন বিভাগৰ বিষয়া সুষমা প্ৰধানে ছিকিমৰ ৰংপোত ছানী লিয়নী আৰু তেওঁৰ স্বামী তথা অভিনেতা ডেনিয়েলক সম্বৰ্ধনা জনায়। সামাজিক মাধ্যমত প্ৰকাশ পোৱা ছবিসমূহত মুখত কলা মাক্স আৰু গাত কলা পোছাক পৰিহিত দম্পতীয়ে থিয় দি থকা দেখিবলৈ পোৱা গৈছে। দুয়োৰে আগমনত আনন্দিত ছিকিমবাসী। ছিকিমত সুষমাই তেওঁলোকক জনাইছে আন্তৰিক শুভেচ্ছা।প্ৰচলিত প্ৰথা অনুসৰি, দুয়োকে হালধীয়া ৰঙৰ স্ক্ৰাফ আৰু ছিকিমৰ তথ্য সম্বলিত দুখন কিতাপ প্ৰদান কৰে সুষমাই।

উল্লেখ্য যে, শনিবাৰে পুৱা বাগডোগ্ৰা বিমানবন্দৰত ভৰি দিয়াৰ পাছতে ছানী আৰু ডেনিয়েলৰ ভ্ৰমণক লৈ আৰম্ভ হৈছিল অন্তহীন জল্পনা-কল্পনাৰ। তেওঁলোক ক'লৈ গৈ আছে, তেওঁলোকে বংগৰ মাটিত কিয় ভৰি থৈছে আদি প্ৰশ্নৰ উত্তৰ বিচাৰি সাংবাদিকে কৰিছিল প্ৰশ্ন।পৰৱৰ্তী সময়ত জানিবলৈ পোৱা মতে, গেংটকৰ এখন কেছিনোৰ বৰ্ষপূৰ্তী উপলক্ষে নিমন্ত্ৰি্ত হৈছে ছানী লিয়নী। অনুষ্ঠানটোত অংশগ্ৰহণৰ লক্ষ্যৰেই ছানি-ডেনিয়েল বাগডোগ্ৰাৰ পৰা ছিকিমৰ ৰাজধানীত উপস্থিত হৈছিল। অৱশ্যে, ছিকিমৰ পৰ্যটন বিভাগে দাবী কৰিছে যে, ছানী আৰু তেওঁৰ স্বামী ডেনিয়েলে কেৱল ভ্ৰমণৰ উদ্দেশ্যে ছিকিমলৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ