--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালদ্বীপৰ ভাৰত বিৰোধী ৰাষ্ট্ৰপতি মহম্মদ মুইজজু হয়তো উৎখাত হ’ব।দেশ খনৰ  মুখ্য বিৰোধী দলটোৱে দেশ খনৰ  চীন পন্থী ৰাষ্ট্ৰপতি  মুইজজুৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰধান বিৰোধী দল মালদ্বীপ ডেমক্ৰেটিক পাৰ্টিয়ে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে আৰু দলটোৱে এতিয়া ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে  স্বাক্ষৰ সংগ্ৰহ আৰম্ভ কৰিছে।  স্বাক্ষৰ সংগ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে  মহাভিযোগ দাখিল কৰা হ’ব বুলি জানিব পৰা গৈছে।  

 চীনৰ গুপ্তচৰ জাহাজ এখনক চৰকাৰে মালেত  লংগৰ পেলোৱাৰ অনুমতি দিয়াৰ পিছতে ৰাষ্টপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী।  বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি মুইজজুক তেওঁৰ চীনৰ প্ৰতি থকা দৰদৰ বীবে চোকা সমালোচনা কৰিছে।  আনকি বিষয়টোকলৈ  সংসদত হতাহতিও হৈছে। এনে ঘটনাক্ৰমৰ মাজতে  বিৰোধীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে  মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। 

বিগত কিছুদিন ধৰি দেশখনৰ  ৰাষ্ট্ৰপতি মুইজজুৱে বিৰোধীৰ আক্ৰমণৰ  সন্মুখীন হৈছে।  বিশেষকৈভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপ দ্বীপপুঞ্জ ভ্ৰমণ সম্পৰ্কে বহুলভাৱে প্ৰচাৰিত পোষ্টক লৈ মালদ্বীপৰ একাংশ মন্ত্ৰীৰ সৈতে কূটনৈতিক বিবাদৰ সৃষ্টি হৈছিল।  মোদীৰ বিৰুদ্ধে  কঠোৰ মন্তব্য কৰা তিনিজন মন্ত্ৰীক আঁতৰোৱা হৈছে যদিও বিৰোধীৰ ক্ষোভ এতিয়াও প্ৰশমিত হোৱা নাই।  হৈছিল। মালদ্বীপত থকা  ৮০ জন ভাৰতীয় সৈন্যৰ উপস্থিতিকলৈ দেশ খনৰ ৰাষ্ট্ৰপতিয়ে আপত্তি দৰ্শাই আহিছে।  মালদ্বীপৰ ডেম'ক্ৰেটিক পাৰ্টি বা এমডিপি আৰু ডেমোক্ৰেটসকলে চৰকাৰক  ভাৰত বিৰোধী  বুলি অভিযোগ কৰি আহিছে।
বিৰোধীৰ এক  বিবৃতিত কোৱা হৈছে  "মালদ্বীপৰ স্থিৰতা আৰু নিৰাপত্তাৰ বাবে ভাৰত মহাসাগৰত স্থিৰতা আৰু নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ"। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ