--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালদ্বীপৰ ভাৰত বিৰোধী ৰাষ্ট্ৰপতি মহম্মদ মুইজজু হয়তো উৎখাত হ’ব।দেশ খনৰ  মুখ্য বিৰোধী দলটোৱে দেশ খনৰ  চীন পন্থী ৰাষ্ট্ৰপতি  মুইজজুৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰধান বিৰোধী দল মালদ্বীপ ডেমক্ৰেটিক পাৰ্টিয়ে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে আৰু দলটোৱে এতিয়া ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে  স্বাক্ষৰ সংগ্ৰহ আৰম্ভ কৰিছে।  স্বাক্ষৰ সংগ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে  মহাভিযোগ দাখিল কৰা হ’ব বুলি জানিব পৰা গৈছে।  

 চীনৰ গুপ্তচৰ জাহাজ এখনক চৰকাৰে মালেত  লংগৰ পেলোৱাৰ অনুমতি দিয়াৰ পিছতে ৰাষ্টপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী।  বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি মুইজজুক তেওঁৰ চীনৰ প্ৰতি থকা দৰদৰ বীবে চোকা সমালোচনা কৰিছে।  আনকি বিষয়টোকলৈ  সংসদত হতাহতিও হৈছে। এনে ঘটনাক্ৰমৰ মাজতে  বিৰোধীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে  মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। 

বিগত কিছুদিন ধৰি দেশখনৰ  ৰাষ্ট্ৰপতি মুইজজুৱে বিৰোধীৰ আক্ৰমণৰ  সন্মুখীন হৈছে।  বিশেষকৈভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপ দ্বীপপুঞ্জ ভ্ৰমণ সম্পৰ্কে বহুলভাৱে প্ৰচাৰিত পোষ্টক লৈ মালদ্বীপৰ একাংশ মন্ত্ৰীৰ সৈতে কূটনৈতিক বিবাদৰ সৃষ্টি হৈছিল।  মোদীৰ বিৰুদ্ধে  কঠোৰ মন্তব্য কৰা তিনিজন মন্ত্ৰীক আঁতৰোৱা হৈছে যদিও বিৰোধীৰ ক্ষোভ এতিয়াও প্ৰশমিত হোৱা নাই।  হৈছিল। মালদ্বীপত থকা  ৮০ জন ভাৰতীয় সৈন্যৰ উপস্থিতিকলৈ দেশ খনৰ ৰাষ্ট্ৰপতিয়ে আপত্তি দৰ্শাই আহিছে।  মালদ্বীপৰ ডেম'ক্ৰেটিক পাৰ্টি বা এমডিপি আৰু ডেমোক্ৰেটসকলে চৰকাৰক  ভাৰত বিৰোধী  বুলি অভিযোগ কৰি আহিছে।
বিৰোধীৰ এক  বিবৃতিত কোৱা হৈছে  "মালদ্বীপৰ স্থিৰতা আৰু নিৰাপত্তাৰ বাবে ভাৰত মহাসাগৰত স্থিৰতা আৰু নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ