--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ ধনকুবেৰসকলৰ মাজত যেন আৰম্ভ হৈছে এক অঘোষিত প্ৰতিযোগিতা। ধনৰ পৰিমাণেৰে শীৰ্ষত থকাৰ বাবে টনা–আঁজোৰা লাগিছে যেন বিশ্বৰ পুঁজিপতি সমাজত। 

যাৰ বাবে প্ৰতিদিনেই সলনি হৈছে ধনাঢ্য ব্যক্তিৰ তালিকাখন। শেহতীয়াভাৱে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত আৰোহণ কৰিলে এগৰাকী ফৰাচী পুঁজিপতিয়ে। দীৰ্ঘদিনে শীৰ্ষস্থান দখল কৰি থকা আমেৰিকাৰ ইলন মাক্সৰ পৰা শীৰ্ষ আসন কাঢ়ি ল’লে এইগৰাকী ফৰাচী পুঁজিপতিয়ে। ব্লুমবাৰ্গৰ শেহতীয়া তথ্য অনুসৰি এই মুহূৰ্তত বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিগৰাকী হৈছে বাৰ্নাৰ্ড আৰন’ল্ট। যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.২০ লাখ কোটি টকা। 

আনহাতে দ্বিতীয় স্থানত থকা ইলন মাক্সৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬.৯৪ লাখ কোটি টকা। শেহতীয়াভাৱে ইলন মাক্সৰ প্ৰতিষ্ঠান টেছলাৰ শ্বেয়াৰৰ ব্যাপক খহনীয়াই দ্বিতীয় স্থানলৈ ঠেলি দিলে মাক্সক। আনহাতে, প্ৰখ্যাত ব্ৰাণ্ড লুই ভিত্তৰ স্বত্ত্বাধিকাৰী হৈছে পুঁজিপতি বাৰ্নাৰ্ড আৰন’ল্ট। ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত আছে এমাজ’নৰ স্বত্ত্বাধিকাৰ জেফ বেজছ। যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.০৪ লাখ কোটি টকা। 

আনহাতে, বিশ্বৰ ধনাঢ্যৰ তালিকাত একাদশ স্থানত আছে মুকেশ আম্বানি। মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮.৬৪ লাখ কোটি। আনহাতে, ভাৰতীয় পুঁজিপতি গৌতম আদানিয়ে ৬.২৩ লাখ কোটি টকাৰে তালিকাত দখল কৰিছে ১৬ সংখ্যক স্থান।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক