--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ ধনকুবেৰসকলৰ মাজত যেন আৰম্ভ হৈছে এক অঘোষিত প্ৰতিযোগিতা। ধনৰ পৰিমাণেৰে শীৰ্ষত থকাৰ বাবে টনা–আঁজোৰা লাগিছে যেন বিশ্বৰ পুঁজিপতি সমাজত। 

যাৰ বাবে প্ৰতিদিনেই সলনি হৈছে ধনাঢ্য ব্যক্তিৰ তালিকাখন। শেহতীয়াভাৱে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত আৰোহণ কৰিলে এগৰাকী ফৰাচী পুঁজিপতিয়ে। দীৰ্ঘদিনে শীৰ্ষস্থান দখল কৰি থকা আমেৰিকাৰ ইলন মাক্সৰ পৰা শীৰ্ষ আসন কাঢ়ি ল’লে এইগৰাকী ফৰাচী পুঁজিপতিয়ে। ব্লুমবাৰ্গৰ শেহতীয়া তথ্য অনুসৰি এই মুহূৰ্তত বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিগৰাকী হৈছে বাৰ্নাৰ্ড আৰন’ল্ট। যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.২০ লাখ কোটি টকা। 

আনহাতে দ্বিতীয় স্থানত থকা ইলন মাক্সৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬.৯৪ লাখ কোটি টকা। শেহতীয়াভাৱে ইলন মাক্সৰ প্ৰতিষ্ঠান টেছলাৰ শ্বেয়াৰৰ ব্যাপক খহনীয়াই দ্বিতীয় স্থানলৈ ঠেলি দিলে মাক্সক। আনহাতে, প্ৰখ্যাত ব্ৰাণ্ড লুই ভিত্তৰ স্বত্ত্বাধিকাৰী হৈছে পুঁজিপতি বাৰ্নাৰ্ড আৰন’ল্ট। ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত আছে এমাজ’নৰ স্বত্ত্বাধিকাৰ জেফ বেজছ। যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.০৪ লাখ কোটি টকা। 

আনহাতে, বিশ্বৰ ধনাঢ্যৰ তালিকাত একাদশ স্থানত আছে মুকেশ আম্বানি। মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮.৬৪ লাখ কোটি। আনহাতে, ভাৰতীয় পুঁজিপতি গৌতম আদানিয়ে ৬.২৩ লাখ কোটি টকাৰে তালিকাত দখল কৰিছে ১৬ সংখ্যক স্থান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ