--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  শ্ৰীলংকা ক্ৰিকেটত নৱজাগৰণৰ সূচনা কৰা বিশ্বকাপ জয়ী অধিনায়ক অৰ্জুনা ৰাণাতুংগা ৰোষত পৰিছে দেশখনৰে ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ। শ্ৰীলংকা ক্ৰিকেট পৰিষদৰ কাৰ্যকৰী সমিতিয়ে শেহতীয়াকৈ শ্ৰীলংকান ক্ৰিকেটৰ কিংবদন্তী গৰাকীৰ বিৰুদ্ধে মিছা আৰু অপমানজনক মন্তব্যৰে শ্ৰীলংকা ক্ৰিকেট পৰিষদৰ মান হানি কৰাৰ  অভিযোগ তুলি উপযুক্ত আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছে। এক বিবৃতিত শ্ৰীলংকা ক্ৰিকেট পৰিষদে জানিবলৈ দিয়া মতে পৰিষদে ইতিমধ্যে ৰাণাতুংগালৈ ২ বিলিয়ন টকাৰ লেটাৰ অৱ ডিমাণ্ড (এলঅ'ডি) প্ৰেৰণ কৰিছে।

সোমবাৰে অনুষ্ঠিত এক জৰুৰী বৈঠকত শ্ৰীলংকা ক্ৰিকেট  পৰিষদৰ কাৰ্যবাহী সমিতিয়ে শেহতীয়াকৈ সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত ৰাণাতুংগাই দিয়া মিছা, অপমানজনক আৰু বিকৃত মন্তব্য সন্দৰ্ভত আলোচনাৰ পিছত বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়কগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয়।

বিবৃতিটোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ ৰাণাতুংগাই বিদ্বেষপূৰ্ণ অভিপ্ৰায়েৰে শ্ৰীলংকা ক্ৰিকেট পৰিষদৰ সন্মান তথা খ্যাতি ক্ষতিগ্ৰস্ত কৰিছে আৰু শ্ৰীলংকা ক্ৰিকেটৰ কাৰ্যকৰী সমিতিৰ বিৰুদ্ধে মিছা আৰু মানহানিকৰ অভিযোগ উত্থাপন কৰি ইচ্ছাকৃতভাৱে ৰাজহুৱা মন্তব্য কৰিছে। 

সেই অনুসৰি, কাৰ্যকৰী সমিতিৰ সদস্যসকলে অৰ্জুনা ৰাণাতুংগালৈ দাবী পত্ৰ প্ৰেৰণ কৰি শ্ৰীলংকা ক্ৰিকেট আৰু ইয়াৰ বিষয়াসকলৰ মান হানিৰ বাবে ২ বিলিয়ন টকা ক্ষতিপূৰণ দাবী কৰিছে।

উল্লেখ্য যে ৰাণাতুঙ্গাই বিগত মে’ মাহত   বাংগালোৰৰ কৰ্ণাটক অলিম্পিক ভৱন ভ্ৰমণৰ সময়ত শ্ৰীলংকা ক্ৰিকেট পৰিষদক দেশখনৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত প্ৰতিষ্ঠান বুলি অভিহিত কৰিছিল আৰু খেলুৱৈ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বহুটো অনিয়ম কৰা বুলি অভিযোগ তুলিছিল।

ৰাণাতুংগাই ১৯৮২ ৰ পৰা ২০০০ চনৰ ভিতৰত ৯৩ খন টেষ্ট আৰু ২৬৯ খন এদিনীয়াত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৬ চনত ৰাণাতুংগাৰ নেতৃত্বতে শ্ৰীলংকাই ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।  শ্ৰীলংকাক ৫৬ খন টেষ্ট আৰু ১৯৩ খন এদিনীয়াত নেতৃত্ব দিয়া ৰাণাতুংগাক শ্ৰীলংকা ক্ৰিকেটত নৱজাগৰণৰ সূচনাকাৰী বুলি অভিহিত কৰা হয়।

ইতিপূৰ্বে দেশখনৰ এগৰাকী সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰা অৰ্জুনা ৰাণাতুংগাক শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে। যোৱা ১০ আগষ্টত দেশখনৰ ক্ৰীড়া মন্ত্ৰী ৰোশন ৰাণাসিংহেই ৰাণাতুংগাক এই পদলৈ মনোনীত কৰিছিল।

দেশখনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ মাজতে তদানীন্তন ক্ৰীড়া মন্ত্ৰী নমাল ৰাজপাক্ষেই পদত্যাগ কৰাৰ পিছত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ সদস্যসকলেও পদত্যাগ কৰিছিল। সেই সময়ত পৰিষদৰ অধ্যক্ষ পদত আছিল শ্ৰীলংকা ক্ৰিকেটৰ আন এগৰাকী কিংবদন্তী খেলুৱৈ তথা প্ৰাক্তন অধিনায়ক মাহেলা জয়াৱৰ্দ্ধনে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ