--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)য়ে ২০২৩ চনৰ ১৬ মে’ৰ পৰা ২২ মে’লৈ এন এফ আৰ ৰে’লৱে আৰক্ষীৰ অধীনস্থ বিভিন্ন ৰে’ল আৰু ৰে’ল ষ্টেচনত ৩৬ জন নাবালককে ধৰি ৪২ জন লোকক সফলতাৰে উদ্ধাৰ কৰে। আৰ পি এফে মানৱ সৰবৰাহৰ লগত জড়িত দুজন ব্যক্তিকো আটক কৰে। 

মঙলবাৰে এন এফ আৰ সব্যসাচি দেৰ চি পি আৰ অ’ই কয় যে, “৩৬ জন নাবালক, ০২ জন মানসিকভাৱে বিকলাংগ পুৰুষ, ০২ জন মহিলা আৰু ০২ জন ছোৱালীকে ধৰি ৪২ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে।” কাটিহাৰ, পূৰ্ণেয়া, বৰছোৱাই, কুমেদপুৰ, নতুন বঙাইগাঁও, ৰঙিয়া, কামাখ্যা, গুৱাহাটী, মৰিয়নী, তিনিচুকীয়া, নিউ জলপাইগুৰি, নিউ তিনিচুকীয়া আৰু ডিমাপুৰ ৰেল ষ্টেচনৰ বিভিন্ন স্থানত এই অভিযান চলোৱা হয়। বিষয়াগৰাকীয়ে কয়, ‘পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা সকলো ব্যক্তিক সঠিক পৰীক্ষণৰ পিছত নিৰাপদ জিম্মা আৰু পৰিয়ালৰ সদস্যৰ বাবে নিয়ম অনুসৰি নিজ নিজ চাইল্ড লাইনত গতাই দিয়া হয়।


শেহতীয়াকৈ ২২ মে', ২০২৩ তাৰিখে কাটিহাৰৰ আৰ পি এফে মেৰী সাহেলী টিমৰ সৈতে কাটিহাৰ ৰেল ষ্টেচনত ড্ৰাইভ চলাই এজন পলায়ন কৰা নাবালক ল'ৰাক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ কৰা ল’ৰাটোক নিৰাপদ জিম্মা আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে চাইল্ড লাইন/কাটিহাৰক গতাই দিয়ে। ২০২৩ চনৰ ২১ মে’ত ডিমাপুৰৰ আৰ পি এফ দলে ডিমাপুৰ ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা ০৩ গৰাকী নাবালিকাক উদ্ধাৰ কৰে। পিছত নাবালককেইটাক অধিক কাৰ্যপন্থাৰ বাবে ডিমাপুৰৰ চাইল্ড লাইনত গতাই দিয়া হয়। পিছত তেওঁলোকৰ পিতৃ-মাতৃকো অৱগত কৰা হয়। 

২০২৩ চনৰ ১৭ মে’ত আৰ পি এফে পুৰ্ণিয়াৰ বাল বাচাও আন্দোলন দল আৰু জি আৰ পিৰ সদস্যৰ সৈতে যৌথভাৱে পুৰ্ণিয়া ৰেলৱে ষ্টেচনত এক সফল অভিযান চলাই সাতজন নাবালক ল’ৰাক সফলতাৰে উদ্ধাৰ কৰাৰ লগতে ষ্টেচন চৌহদৰ পৰা দুজন মানৱ সৰবৰাহকাৰীকো আটক কৰে। পিছত উদ্ধাৰ কৰা ল’ৰাকেইটাৰ সৈতে সেই সৰবৰাহকাৰীসকলক অধিক পদক্ষেপৰ বাবে জি আৰ পি/পুৰ্ণিয়াক গতাই দিয়া হয়। দেয়ে লগতে কয় যে মানৱ সৰবৰাহৰ লগত জড়িত সন্দেহযুক্ত ব্যক্তিৰ লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, অকলে যাতায়ত কৰা, উপযুক্ত অভিভাৱক নথকা ইত্যাদিৰ বাবে ৰে’ল সুৰক্ষা বাহিনী সজাগ হৈ আছে।



















FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী