--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)য়ে ২০২৩ চনৰ ১৬ মে’ৰ পৰা ২২ মে’লৈ এন এফ আৰ ৰে’লৱে আৰক্ষীৰ অধীনস্থ বিভিন্ন ৰে’ল আৰু ৰে’ল ষ্টেচনত ৩৬ জন নাবালককে ধৰি ৪২ জন লোকক সফলতাৰে উদ্ধাৰ কৰে। আৰ পি এফে মানৱ সৰবৰাহৰ লগত জড়িত দুজন ব্যক্তিকো আটক কৰে। 

মঙলবাৰে এন এফ আৰ সব্যসাচি দেৰ চি পি আৰ অ’ই কয় যে, “৩৬ জন নাবালক, ০২ জন মানসিকভাৱে বিকলাংগ পুৰুষ, ০২ জন মহিলা আৰু ০২ জন ছোৱালীকে ধৰি ৪২ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে।” কাটিহাৰ, পূৰ্ণেয়া, বৰছোৱাই, কুমেদপুৰ, নতুন বঙাইগাঁও, ৰঙিয়া, কামাখ্যা, গুৱাহাটী, মৰিয়নী, তিনিচুকীয়া, নিউ জলপাইগুৰি, নিউ তিনিচুকীয়া আৰু ডিমাপুৰ ৰেল ষ্টেচনৰ বিভিন্ন স্থানত এই অভিযান চলোৱা হয়। বিষয়াগৰাকীয়ে কয়, ‘পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা সকলো ব্যক্তিক সঠিক পৰীক্ষণৰ পিছত নিৰাপদ জিম্মা আৰু পৰিয়ালৰ সদস্যৰ বাবে নিয়ম অনুসৰি নিজ নিজ চাইল্ড লাইনত গতাই দিয়া হয়।


শেহতীয়াকৈ ২২ মে', ২০২৩ তাৰিখে কাটিহাৰৰ আৰ পি এফে মেৰী সাহেলী টিমৰ সৈতে কাটিহাৰ ৰেল ষ্টেচনত ড্ৰাইভ চলাই এজন পলায়ন কৰা নাবালক ল'ৰাক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ কৰা ল’ৰাটোক নিৰাপদ জিম্মা আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে চাইল্ড লাইন/কাটিহাৰক গতাই দিয়ে। ২০২৩ চনৰ ২১ মে’ত ডিমাপুৰৰ আৰ পি এফ দলে ডিমাপুৰ ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা ০৩ গৰাকী নাবালিকাক উদ্ধাৰ কৰে। পিছত নাবালককেইটাক অধিক কাৰ্যপন্থাৰ বাবে ডিমাপুৰৰ চাইল্ড লাইনত গতাই দিয়া হয়। পিছত তেওঁলোকৰ পিতৃ-মাতৃকো অৱগত কৰা হয়। 

২০২৩ চনৰ ১৭ মে’ত আৰ পি এফে পুৰ্ণিয়াৰ বাল বাচাও আন্দোলন দল আৰু জি আৰ পিৰ সদস্যৰ সৈতে যৌথভাৱে পুৰ্ণিয়া ৰেলৱে ষ্টেচনত এক সফল অভিযান চলাই সাতজন নাবালক ল’ৰাক সফলতাৰে উদ্ধাৰ কৰাৰ লগতে ষ্টেচন চৌহদৰ পৰা দুজন মানৱ সৰবৰাহকাৰীকো আটক কৰে। পিছত উদ্ধাৰ কৰা ল’ৰাকেইটাৰ সৈতে সেই সৰবৰাহকাৰীসকলক অধিক পদক্ষেপৰ বাবে জি আৰ পি/পুৰ্ণিয়াক গতাই দিয়া হয়। দেয়ে লগতে কয় যে মানৱ সৰবৰাহৰ লগত জড়িত সন্দেহযুক্ত ব্যক্তিৰ লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, অকলে যাতায়ত কৰা, উপযুক্ত অভিভাৱক নথকা ইত্যাদিৰ বাবে ৰে’ল সুৰক্ষা বাহিনী সজাগ হৈ আছে।



















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস