--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যোৱা এমাহ ধৰি যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ মল্লযুঁজাৰু বিনেশ ফ’গাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াই ব্রিজভূষণ সিঙৰ নার্কো টেষ্ট কৰিবলৈ দাবী জনাইছে৷ ইফালে, বুধবাৰে (২৪ মে’) সিঙে কয় যে তেওঁ এই পৰীক্ষাৰ বাবে সাজু।


বিজেপিৰ সাংসদ ব্রিজ ভূষণ সিঙে কয় যে মই নার্কো টেষ্ট কৰি দিম, কিন্তু অভিযোগ উত্থাপন কৰা মল্লযুঁজাৰুসকলেও নার্কো টেষ্ট কৰা উচিত৷ প্ৰথমে তেওঁলোকে নাৰ্কো টেষ্টটো কৰি দিয়ে, মইও লাইভ টেষ্টৰ বাবে সাজু হৈ আছো। ৫-৬ ঘণ্টা পূৰ্বেও আৰক্ষীয়ে মোক জেৰা কৰিছিল।আৰক্ষীয়ে যদি মোক আৰু জেৰা কৰিবলগীয়া হয় তেন্তে মই তাৰ বাবে যাম।’ তেওঁ আৰু কয় যে মই ন্যায়পালিকাৰ সিদ্ধান্তক সন্মান কৰো। মোৰ বিৰুদ্ধেও এফআইআৰ ৰুজু হৈছে কিন্তু তথাপিও কিয় চলি আছে প্ৰতিবাদ?


প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে মঙলবাৰে (২৩ মে’) যন্তৰ মন্তৰৰ পৰা ইণ্ডিয়া গেটলৈ ‘কেণ্ডেল মাৰ্চ’ অনুষ্ঠিত কৰে। এই সময়ত বিনেশ ফোগাটে কয় যে যোৱা এমাহ ধৰি আমি প্ৰতিবাদ কৰি আহিছো (চৰকাৰে ব্রিজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে) আৰু এতিয়ালৈকে একো হোৱা নাই সেয়া লজ্জাজনক কথা৷ আজি আমি ইণ্ডিয়া গেটত কেণ্ডেল মাৰ্চ লৈ গম পাইছো যে দেশৰ বহু ঠাইত এনে মাৰ্চ উলিওৱা হৈছে।

তেওঁ কয়, ‘খাপ পঞ্চায়তে সিদ্ধান্ত লৈছে যে অহা ২৮ মে’ত নতুন সংসদৰ সমীপত মহিলা আৰু যুৱক-যুৱতীসকলৰ নেতৃত্বত এখন মহাপঞ্চায়ত অনুষ্ঠিত হ’ব। এই সিদ্ধান্ত লোৱা হৈছে কাৰণ ই নাৰীৰ সততা আৰু মৰ্যাদাৰ যুঁজ। এই প্ৰতিবাদ সন্দৰ্ভত যিকোনো ডাঙৰ সিদ্ধান্ত ২৮ মে’ৰ পিছত লোৱা হ’ব।

এগৰাকী নাবালককে ধৰি কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন আৰু ভাবুকি দিয়াৰ অভিযোগ মল্লযুঁজাৰুসকলে। এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে POCSO আইনকে ধৰি দুখনকৈ এফআইআৰ ৰুজু কৰিছে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা