--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত ক্ৰমে গৰম হৈ পৰিছে নিৰ্বাচনৰ বতাহ। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক  উভতি ধৰে । বছৰৰ পিছত বছৰ ধৰি ৰাজ্য খনৰ মুখ্যমন্‌ৰীৰ পদত থকা পাটনায়কে কাগজ নোচোৱাকৈ ওড়িশাৰ  সকলো জিলাৰ নাম উল্লেখ কৰিব নোৱাৰে বুলিও মোদীয়ে প্ৰত্যাহ্বান জনায়। পাটনায়ক চৰকাৰে মানুহৰ সামৰ্থ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰাৰ বাবেই ৰাজ্যখনৰ উন্নয়ন স্থৱিৰ হৈ পৰা বুলি মোদীয়ে উল্লেখ কৰে।  শনিবাৰে  মোদীয়ে ওড়িশাৰ কন্ধমাল জিলাত এক ৰেলী সম্বোধন কৰি কয় যে ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰত উন্নতি কৰাৰ যথেষ্ট সুযোগ আছে। 

তেওঁ লগতে কয় যে যিহেতু 'নবীন বাবু' ইমান দীঘলীয়া সময়ৰ বাবে মুখ্যমন্ত্ৰী হৈ আছে, তেওঁ তেওঁক  প্ৰত্যাহ্বান জনাব বিচাৰে যে  মানচিত্ৰ নোচোৱাকৈ তেওঁ ওড়িশাৰ  সকলো জিলাৰ নাম ক’ব পাৰিবনে? । মোদীয়ে কয় যে ৰাজ্যৰ জিলা কেইখনেই চিনি নপালে মুখ্যমন্ত্ৰী এগৰাকীয়ে কিদৰে  মানুহৰ  দুখ-কষ্ট বুজি পাব?  প্ৰধানমন্ত্ৰীয়ে কয়, "ওড়িশাই মোক অপৰিসীম মৰম আৰু সমৰ্থন আগবঢ়াইছে। মই নিঃস্বাৰ্থভাৱে দেশৰ সেৱা কৰি আপোনালোকৰ বিশ্বাসৰ প্ৰতিটো আউন্স পৰিশোধ কৰিম। ২৬  বছৰ আগতে অটল বিহাৰী বাজপেয়ীয়ে  পোখৰাণৰ পাৰমাণৱিক পৰীক্ষণ অনুষ্ঠিত কৰিছিল। পাৰমাণৱিক পৰীক্ষাই সমগ্ৰ বিশ্বতে ভাৰতীয়সকলক গৌৰাৱান্বিত  কৰি তুলিছিল।

 ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বক ইয়াৰ সামৰ্থ্যৰ বিষয়ে সজাগ কৰি দিছিল। আনহাতে কংগ্ৰেছে নিজৰ লোকসকলক ভাবুকি দিহে আহিছে। তেওঁলোকে 'পাকিস্তান  এক পাৰমাণৱিক শক্তি' বুলি পুনৰাবৃত্তি কৰি ভাৰতীয়সকলৰ মনত ভয়ৰ সৃষ্টি কৰে।  প্ৰধানমন্ত্ৰী মোদীয়ে কন্ধমালক পিছপৰা জিলা হিচাপে ঘোষণা কৰাৰ বাবে কংগ্ৰেছ আৰু বিজেডিক আক্ৰমণ কৰে।  প্ৰধানমন্ত্ৰীয়ে কয়, "মই এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা লোক,  সেয়েহে আপোনাৰ দুৰ্দশাৰ প্ৰতি মই সহানুভূতিশীল।"  উল্লেখ্য ওড়িশাত পাটনায়ক ২০২০ চনৰ ৫ মাৰ্চৰ পৰা মুখ্যমন্ত্ৰী হৈ আছে।  ৰাজ্যখনত ১৩ মে'ৰ পৰা ১ জুনলৈ চাৰিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। , ২০১৯ ৰ বিধানসভা নিৰ্বাচনত বিজু জনতা দলে (বিজেডি) ১৪৬ খন আসনৰ ভিতৰত ১১২ খন আসনত জয় লাভ কৰিছিল, ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২৩ খন আসন আৰু কংগ্ৰেছে ৯ খন আসন লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement