--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানি প্লেণ্ট সমৃদ্ধিৰ প্ৰতীক।  ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেংছুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ। মানি প্লেণ্ট ঘৰৰ পূব বা দক্ষিণ দিশত ৰাখিলেও একে ফলেই পোৱা যায়।


মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে। এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল  ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা  কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। 


ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি। অৱশ্যে এইক্ষেত্ৰত ভেকুলীৰ সংখ্যাৰ ওপৰত সৌভাগ্য বৃদ্ধিৰ কথাটো নিৰ্ভৰ কৰে। ঘৰৰ আলহী বহা কোঠাত সাধাৰণতে ৯টা, ৩টা বা ৬টা তিনি ঠেঙীয়া ভেকুলী ৰাখিব পাৰি। আলহী বহা কোঠাত ৰখা এই ভেকুলীবোৰ কেতিয়াও আনৰ চকুত পৰাকৈ ৰাখিব নালাগে। এনে ভেকুলী চকী মেজৰ তলত, চোফাৰ তলত ৰাখিব লাগে। মনত ৰাখিব যে শোৱনি কোঠাত কেতিয়াও এনে তিনিঠেঙীয়া ভেকুলী ৰাখিব নালাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ