--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰৰ ভিতৰত ছবি আদি সজাই ৰাখিলে মনটো ভাল লাগে। কিন্তু সকলো ছবি ঘৰৰ ভিতৰত ৰখাটো উচিৎ নহয়। ফেংছুইয়ে কেনে ধৰণৰ ছবি ঘৰৰ ভিতৰত ৰাখিব নালাগে সেই বিষয়ে কিছু দিহা দিছে। 

দৰাচলতে এপাহ সতেজ ফুলৰ ছবিয়ে মানুহৰ মনত যি ভাবৰ উদ্রেক ঘটাব, ৰক্তপাত অথবা যুদ্ধ-বিগ্ৰহৰ ছবিয়ে মানুহৰ মনত আন এক ভাবৰহে সঞ্চাৰ কৰিব। এই ক্ষেত্ৰত ফুলৰ ছবিয়ে মানুহৰ মন প্রফুল্লিত তথা শান্ত কৰি তোলাৰ বিপৰীতে যুদ্ধ-বিগ্রহ, ৰক্তপাত, হিংসাত্মক দৃশ্যৰ ছবিয়ে মানুহৰ মনত হিংস্ৰতাৰ ভাব জগাই তোলে। এনেধৰণৰ হিংসাত্মক ছবি যদি ঘৰৰ দক্ষিণ-পশ্চিম দিশত আঁৰি থোৱা হয় তেন্তে এনে ছবিৰ কু-প্ৰভাৱ আৰু বেছি বৃদ্ধি পায়। 

এনে ছবিৰ পৰা অনবৰতে এক অশুভ শক্তি নির্গত হৈ থাকে। যি অশুভ শক্তিয়ে ঘৰৰ সদস্যসকলৰ মন অস্থিৰ তথা অশান্ত কৰি ৰাখে। এনে হিংসাত্মক ছবি থকা ঘৰত কেতিয়াও শান্তি স্থায়ী হ'ব নোৱাৰে। সদায় তেনে ঘৰত হাই-কাজিয়া, মাৰপিট আদি ঘটনা ঘটি থাকে। বহুতেই ঘৰত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ছবি আঁৰি থয়। এই যুদ্ধৰ সৈতে ভগৱান শ্ৰীকৃষ্ণ জড়িত আছিল যদিও যুদ্ধৰ ছবি হোৱাৰ বাবেই এনে ছবিয়ে ঘৰৰ ভিতৰত অশুভ শক্তিৰহে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে পৌৰাণিক কোনো যুদ্ধৰ ছবি হ'লেও সেই ছবি ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ'ব নালাগে। 

ভগৱান শ্রীকৃষ্ণই  অৰ্জুনক উপদেশ দি থকাৰ ছবি প্ৰায়ে বহুতে ঘৰত আঁৰি থোৱা দেখা যায়। এনে ছবিও শুভ ফলদায়ক নহয়। কাৰণ শ্ৰীকৃষ্ণই অর্জুনক উপদেশ দি থক স্থানডোখৰ কোনো আশ্রম অথবা দেৱস্থান নহয়, সেয়া ৰণক্ষেত্ৰহে। সেইবাবে এনে ছবিও ঘৰত আঁৰি থোৱা উচিত নহয়। এনে ছবিয়ে মানুহৰ মনোজগতত গভীৰভাৱে ৰেখাপাত কৰে আৰু মানুহক হিংস্ৰ কৰি তুলিব পাৰে। সেয়ে ভাল লাগিলেও কিছুমান ছবি ঘৰৰ ভিতৰত আঁৰি ৰাখিব নালাগে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান