--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰৰ ভিতৰত ছবি আদি সজাই ৰাখিলে মনটো ভাল লাগে। কিন্তু সকলো ছবি ঘৰৰ ভিতৰত ৰখাটো উচিৎ নহয়। ফেংছুইয়ে কেনে ধৰণৰ ছবি ঘৰৰ ভিতৰত ৰাখিব নালাগে সেই বিষয়ে কিছু দিহা দিছে। 

দৰাচলতে এপাহ সতেজ ফুলৰ ছবিয়ে মানুহৰ মনত যি ভাবৰ উদ্রেক ঘটাব, ৰক্তপাত অথবা যুদ্ধ-বিগ্ৰহৰ ছবিয়ে মানুহৰ মনত আন এক ভাবৰহে সঞ্চাৰ কৰিব। এই ক্ষেত্ৰত ফুলৰ ছবিয়ে মানুহৰ মন প্রফুল্লিত তথা শান্ত কৰি তোলাৰ বিপৰীতে যুদ্ধ-বিগ্রহ, ৰক্তপাত, হিংসাত্মক দৃশ্যৰ ছবিয়ে মানুহৰ মনত হিংস্ৰতাৰ ভাব জগাই তোলে। এনেধৰণৰ হিংসাত্মক ছবি যদি ঘৰৰ দক্ষিণ-পশ্চিম দিশত আঁৰি থোৱা হয় তেন্তে এনে ছবিৰ কু-প্ৰভাৱ আৰু বেছি বৃদ্ধি পায়। 

এনে ছবিৰ পৰা অনবৰতে এক অশুভ শক্তি নির্গত হৈ থাকে। যি অশুভ শক্তিয়ে ঘৰৰ সদস্যসকলৰ মন অস্থিৰ তথা অশান্ত কৰি ৰাখে। এনে হিংসাত্মক ছবি থকা ঘৰত কেতিয়াও শান্তি স্থায়ী হ'ব নোৱাৰে। সদায় তেনে ঘৰত হাই-কাজিয়া, মাৰপিট আদি ঘটনা ঘটি থাকে। বহুতেই ঘৰত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ছবি আঁৰি থয়। এই যুদ্ধৰ সৈতে ভগৱান শ্ৰীকৃষ্ণ জড়িত আছিল যদিও যুদ্ধৰ ছবি হোৱাৰ বাবেই এনে ছবিয়ে ঘৰৰ ভিতৰত অশুভ শক্তিৰহে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে পৌৰাণিক কোনো যুদ্ধৰ ছবি হ'লেও সেই ছবি ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ'ব নালাগে। 

ভগৱান শ্রীকৃষ্ণই  অৰ্জুনক উপদেশ দি থকাৰ ছবি প্ৰায়ে বহুতে ঘৰত আঁৰি থোৱা দেখা যায়। এনে ছবিও শুভ ফলদায়ক নহয়। কাৰণ শ্ৰীকৃষ্ণই অর্জুনক উপদেশ দি থক স্থানডোখৰ কোনো আশ্রম অথবা দেৱস্থান নহয়, সেয়া ৰণক্ষেত্ৰহে। সেইবাবে এনে ছবিও ঘৰত আঁৰি থোৱা উচিত নহয়। এনে ছবিয়ে মানুহৰ মনোজগতত গভীৰভাৱে ৰেখাপাত কৰে আৰু মানুহক হিংস্ৰ কৰি তুলিব পাৰে। সেয়ে ভাল লাগিলেও কিছুমান ছবি ঘৰৰ ভিতৰত আঁৰি ৰাখিব নালাগে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ