--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : মানিমুনি শাক সকলোৰে চিনাকী৷ ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। এই শাকৰ গুণাগুণৰ বিষয়ে জানিলে হয়তো আপুনি নিতৌ খাৱলৈ চেষ্টা কৰিব৷ এইবিধ ঔষধি শাকক মানুহে মাজে মাজে আঞ্জা হিচাপেও ব্যৱহাৰ কৰে। জানিব পৰা মতে, মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু আনবিধক ডাঙৰ মানিমুনি। ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি।


মানিমুনি শাক যে এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে। কিন্তু কি কি গুণ আছে হয়টো আমি উমান পাৱ নোৱাৰো৷ মানিমুনি শাক খালে শৰীৰৰ বহু উপকাৰ সাধন কৰে৷ এই শাকে শৰীৰৰ ৰক্ত চঞ্চালনত ঔষধৰ দৰে কাম কৰে। ইয়াৰ ৰসত অধিক পৰিমাণৰ মিঠা ৰস থাকে বাবে পৰিপাকতো মিঠা হয়। মনিমুনি খালে শৰীৰ শীতল কৰি ৰখাৰ উপৰিও দেহত ওজন কমোৱাত সহায়ক হয়৷ ই কাহৰ বাবে উপযুগী হয়৷ মানিমুনিয়ে আয়ু বৃদ্ধি কৰাট সহায় কৰে৷ আয়ুস বৃদ্ধিকাৰক, ৰসায়ন, সৰ পৰিষ্কাৰক, পাশু, মেহ, ৰক্তপিত্ত, কুষ্ঠ আৰু বিষ দোষ নায়ক। ই স্মৃতিশক্তি বৰ্ধক হিচাপেও বৃদ্ধি কৰে।

উদৰাময় আৰু অন্যান্য অন্তৰ পীড়াত ই বিশেষ উপকাৰী। মানিমুনি শাকৰ পাতৰ ৰস আমৰসৰ পৰিপাক কাৰক। আমাশয়, পেট কামোৰণি, তেজ হাগনি তাৰ লগত জ্বৰ আদি থাকিলে মানিমুনি শাকৰ পাতৰ ৰস আগত কোৱা মাত্ৰাই ২/৩ বাৰকৈ ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত থেতেলিয়াই তলপেটত প্ৰলেপ ল’লে পেটৰ কামোৰণি গুচে। সৰু ল’ৰা-ছোৱালীৰ পেটৰ কামোৰ, জ্বৰ, তেজ হাগনি আদিত মানিমুনি পাতৰ ৰস অতি উপকাৰী। যি কোনো বেমাৰৰ পিছত মানিমুনিৰ জোল বৰ উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে