--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : মানিমুনি শাক সকলোৰে চিনাকী৷ ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। এই শাকৰ গুণাগুণৰ বিষয়ে জানিলে হয়তো আপুনি নিতৌ খাৱলৈ চেষ্টা কৰিব৷ এইবিধ ঔষধি শাকক মানুহে মাজে মাজে আঞ্জা হিচাপেও ব্যৱহাৰ কৰে। জানিব পৰা মতে, মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু আনবিধক ডাঙৰ মানিমুনি। ঔষধ হিচাবে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ হয় আৰু ইয়াৰ গুণাগুণো ডাঙৰ মানিমুনি বিধতকৈ বেছি।


মানিমুনি শাক যে এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে। কিন্তু কি কি গুণ আছে হয়টো আমি উমান পাৱ নোৱাৰো৷ মানিমুনি শাক খালে শৰীৰৰ বহু উপকাৰ সাধন কৰে৷ এই শাকে শৰীৰৰ ৰক্ত চঞ্চালনত ঔষধৰ দৰে কাম কৰে। ইয়াৰ ৰসত অধিক পৰিমাণৰ মিঠা ৰস থাকে বাবে পৰিপাকতো মিঠা হয়। মনিমুনি খালে শৰীৰ শীতল কৰি ৰখাৰ উপৰিও দেহত ওজন কমোৱাত সহায়ক হয়৷ ই কাহৰ বাবে উপযুগী হয়৷ মানিমুনিয়ে আয়ু বৃদ্ধি কৰাট সহায় কৰে৷ আয়ুস বৃদ্ধিকাৰক, ৰসায়ন, সৰ পৰিষ্কাৰক, পাশু, মেহ, ৰক্তপিত্ত, কুষ্ঠ আৰু বিষ দোষ নায়ক। ই স্মৃতিশক্তি বৰ্ধক হিচাপেও বৃদ্ধি কৰে।

উদৰাময় আৰু অন্যান্য অন্তৰ পীড়াত ই বিশেষ উপকাৰী। মানিমুনি শাকৰ পাতৰ ৰস আমৰসৰ পৰিপাক কাৰক। আমাশয়, পেট কামোৰণি, তেজ হাগনি তাৰ লগত জ্বৰ আদি থাকিলে মানিমুনি শাকৰ পাতৰ ৰস আগত কোৱা মাত্ৰাই ২/৩ বাৰকৈ ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত থেতেলিয়াই তলপেটত প্ৰলেপ ল’লে পেটৰ কামোৰণি গুচে। সৰু ল’ৰা-ছোৱালীৰ পেটৰ কামোৰ, জ্বৰ, তেজ হাগনি আদিত মানিমুনি পাতৰ ৰস অতি উপকাৰী। যি কোনো বেমাৰৰ পিছত মানিমুনিৰ জোল বৰ উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ