--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকোভিডৰ আতংকৰ মাজতে বিশ্বৰ কেইবাখনো দেশত মাংকি পক্সে নতুন আতংকৰ সৃষ্টি কৰিছে। ভাৰতৰ কলকাতাত এজন সন্দেহজনক মাংকি পক্সত আক্ৰান্ত লোক ধৰা পৰিছে। এনে সময়তে ভাৰত চৰকাৰে আজি দেশৰ প্ৰতি খন ৰাজ্যকে এই সোঁচৰা ৰোগ বিধৰ বিষয়ে সতৰ্ক কৰি দিছে।

কেন্দ্ৰই বৃহস্পতিবাৰে ৰাজ্যসমূহক  সকলো সন্দেহজনক ঘটনাৰ স্ক্ৰীণিং আৰু পৰীক্ষা নিশ্চিত কৰিবলৈ কৈছে।মাংকি পক্সৰ সংক্ৰমণ ঘটিলে প্ৰয়োজনীয় পৰিস্থিতিত  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিকিৎসালয়সাজু কৰি ৰাখিবলৈ কোৱা হৈছে। 

একেদৰে প্ৰয়োজনীয়  মানৱ সম্পদ আৰু যন্ত্ৰ-পাতি আদিও সাজু কৰি ৰাখিবলৈ কোৱা হৈছে।এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এইবুলি কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ১ জানুৱাৰীৰ পৰা ২২ জুনলৈ, ৫০ খন দেশত পৰা মুঠ ৩,৪১৩ গৰাকী  মাঙ্কিপক্স ৰোগী চিনাক্ত হোৱাৰ লগতে এজন ৰোগীৰ  মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰে বেছিভাগ ঘটনা ইউৰোপীয় দেশত ধৰা পৰিছে। ইউৰোপৰ দেশত ৮৬ শতাংশ আৰু আমেৰিকাত ১১ শতাংশ মাংকি পক্সতআক্ৰান্ত ৰোগী ধৰা পৰিছে । এনে পৰিস্থিতিত ভাৰততো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য মাংকি পক্স নামেৰে পৰিচিত এই ৰোগবিধ মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে যদিও ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও ৰোগ বিধ বিয়পাৰ আশংকা থাকে।  আমেৰিকাত মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, মাংকি পক্সৰ লক্ষণসমূহ হ’ল — জ্বৰ, পেশীৰ বিষ আৰু গ্ৰন্থি আদি ফুলা ।

মাংকি পক্সত আক্ৰান্ত লোকৰ মুখ আৰু শৰীৰত চিকেন পক্সৰ দৰে চোকোৰা-চোকৰ গুটি ওলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ