--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকোভিডৰ আতংকৰ মাজতে বিশ্বৰ কেইবাখনো দেশত মাংকি পক্সে নতুন আতংকৰ সৃষ্টি কৰিছে। ভাৰতৰ কলকাতাত এজন সন্দেহজনক মাংকি পক্সত আক্ৰান্ত লোক ধৰা পৰিছে। এনে সময়তে ভাৰত চৰকাৰে আজি দেশৰ প্ৰতি খন ৰাজ্যকে এই সোঁচৰা ৰোগ বিধৰ বিষয়ে সতৰ্ক কৰি দিছে।

কেন্দ্ৰই বৃহস্পতিবাৰে ৰাজ্যসমূহক  সকলো সন্দেহজনক ঘটনাৰ স্ক্ৰীণিং আৰু পৰীক্ষা নিশ্চিত কৰিবলৈ কৈছে।মাংকি পক্সৰ সংক্ৰমণ ঘটিলে প্ৰয়োজনীয় পৰিস্থিতিত  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিকিৎসালয়সাজু কৰি ৰাখিবলৈ কোৱা হৈছে। 

একেদৰে প্ৰয়োজনীয়  মানৱ সম্পদ আৰু যন্ত্ৰ-পাতি আদিও সাজু কৰি ৰাখিবলৈ কোৱা হৈছে।এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এইবুলি কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ১ জানুৱাৰীৰ পৰা ২২ জুনলৈ, ৫০ খন দেশত পৰা মুঠ ৩,৪১৩ গৰাকী  মাঙ্কিপক্স ৰোগী চিনাক্ত হোৱাৰ লগতে এজন ৰোগীৰ  মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰে বেছিভাগ ঘটনা ইউৰোপীয় দেশত ধৰা পৰিছে। ইউৰোপৰ দেশত ৮৬ শতাংশ আৰু আমেৰিকাত ১১ শতাংশ মাংকি পক্সতআক্ৰান্ত ৰোগী ধৰা পৰিছে । এনে পৰিস্থিতিত ভাৰততো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য মাংকি পক্স নামেৰে পৰিচিত এই ৰোগবিধ মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে যদিও ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও ৰোগ বিধ বিয়পাৰ আশংকা থাকে।  আমেৰিকাত মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, মাংকি পক্সৰ লক্ষণসমূহ হ’ল — জ্বৰ, পেশীৰ বিষ আৰু গ্ৰন্থি আদি ফুলা ।

মাংকি পক্সত আক্ৰান্ত লোকৰ মুখ আৰু শৰীৰত চিকেন পক্সৰ দৰে চোকোৰা-চোকৰ গুটি ওলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে