--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত সম্পদ যিমান সমস্যায়ো সিমানেই৷ চৰকাৰৰ বৈষম্যমূলক নীতিৰ পৰা বানপানী আৰু আন প্ৰাকৃতিক দুৰ্যোগ আদিয়ে জৰ্জৰিত কৰি তুলিছে অসমৰ জনজীৱন৷ ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ তুলনাতো অসমত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ৷ ৭.৬৯ শতাংশ নিবনুৱা সমস্যাই ভয়ংকৰ ভৱিষ্যতৰ ছবি এখন দাঙি ধৰাৰ সময়তেই পোহৰলৈ আহিছে আন এক তথ্য৷

ঋণ প্ৰদানত অসমৰ ক্ষেত্ৰত বৈষম্যমূলক মনোভাৱ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ। অসমৰ নাগৰিকে জমা থোৱা ধনৰ বিনিময়ত প্ৰাপ্য ঋণ সম্পূৰ্ণকৈ প্ৰদান নকৰে এই বেংকসমূহে৷ এই বেংকসমূহে বঞ্চনা কৰি আহিছে বেংকৰ ঋণৰ জৰিয়তে নিজাকৈ কিছু উপাৰ্জনৰ পথ মুকলি কৰিব বিচৰা নিবনুৱা যুৱক-যুৱতীসকলক৷ আনহাতে , এনে যুৱক-যুৱতীৰ বাবে চৰকাৰৰো নাই বিশেষ কাৰ্যক্ষম আঁচনি৷

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি কোনো এখন ৰাজ্যৰ মুঠ জমাকৃত ধনৰ ৬০ শতাংশ উক্ত ৰাজ্যখনৰ লোকক ঋণ হিচাপে প্ৰদান কৰিব লাগে বেংকে৷ বেংকসমূহে এই নীতি আন ৰাজ্যৰ ক্ষেত্ৰত ঠিকেই মানি চলে৷ কিন্তু, অসমৰ ক্ষেত্ৰতহে যেন এই বেংকসমূহৰ অন্যস্থিতি৷ অন্ধ্ৰপ্ৰদেশত জমাকৃত ধনৰ ১৩১.৫ শতাংশ, তামিলনাডুত ১০১.৭ শতাংশ, তেলেংগানাত ৯৩.২ শতাংশ, মহাৰাষ্ট্ৰত ৯২ শতাংশ ঋণ প্ৰদান কৰাৰ বিপৰীতে অসমত মাত্ৰ ৪৬.৭ শতাংশ ধনহে ৰাজ্যখনৰ লোকে ঋণ হিচাপে লাভ কৰে৷ বাকী ৫৩.৩ শতাংশ ধন প্ৰদান কৰে অন্য ৰাজ্যত ঋণ হিচাপে৷ নানান অজুহাত দেখুৱাই বেংকসমূহে ৰাজ্যবাসীক বঞ্চিত কৰিছে প্ৰাপ্য ঋণৰ পৰা৷

আনহাতে ৰিজাৰ্ভ বেংকৰ নীতি অৱমাননা কৰা সত্ত্বেও এই বেংকসমূহৰ ওপৰত কোনো বিহিত  ব্যৱস্থা লোৱা নাই ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই৷ বেংকসমূহৰ বৈষম্যমূলক মনোভাৱৰ বাবেই অসমৰ নিবনুৱা সকলৰ বাবে ঋণ লাভ কৰাটো জটিল হৈ পৰিছে৷ আনকি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমূহেও বিশেষ সম্প্ৰসাৰণ লাভ কৰিব পৰা নাই ধনৰ অভাৱত৷ সহজ আৰ্থিক ঋণৰ অভাৱো হৈ পৰিছে অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ আন এক কাৰণ৷ বহুলোকে ঋণৰ বাবে কাবুলীৱালা আৰু মাইক্ৰ’ফাইনেন্সৰো শৰণাপন্ন হ’বলগীয়া হয়৷ আৰু অধিক সুদৰ ভাৰ বহন কৰিব নোৱৰত এতিয়া অন্ধকাৰাচ্ছন্ন হৈ পৰিছে অসমৰ একাংশ নাগৰিক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে