--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত সম্পদ যিমান সমস্যায়ো সিমানেই৷ চৰকাৰৰ বৈষম্যমূলক নীতিৰ পৰা বানপানী আৰু আন প্ৰাকৃতিক দুৰ্যোগ আদিয়ে জৰ্জৰিত কৰি তুলিছে অসমৰ জনজীৱন৷ ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ তুলনাতো অসমত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ৷ ৭.৬৯ শতাংশ নিবনুৱা সমস্যাই ভয়ংকৰ ভৱিষ্যতৰ ছবি এখন দাঙি ধৰাৰ সময়তেই পোহৰলৈ আহিছে আন এক তথ্য৷

ঋণ প্ৰদানত অসমৰ ক্ষেত্ৰত বৈষম্যমূলক মনোভাৱ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ। অসমৰ নাগৰিকে জমা থোৱা ধনৰ বিনিময়ত প্ৰাপ্য ঋণ সম্পূৰ্ণকৈ প্ৰদান নকৰে এই বেংকসমূহে৷ এই বেংকসমূহে বঞ্চনা কৰি আহিছে বেংকৰ ঋণৰ জৰিয়তে নিজাকৈ কিছু উপাৰ্জনৰ পথ মুকলি কৰিব বিচৰা নিবনুৱা যুৱক-যুৱতীসকলক৷ আনহাতে , এনে যুৱক-যুৱতীৰ বাবে চৰকাৰৰো নাই বিশেষ কাৰ্যক্ষম আঁচনি৷

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি কোনো এখন ৰাজ্যৰ মুঠ জমাকৃত ধনৰ ৬০ শতাংশ উক্ত ৰাজ্যখনৰ লোকক ঋণ হিচাপে প্ৰদান কৰিব লাগে বেংকে৷ বেংকসমূহে এই নীতি আন ৰাজ্যৰ ক্ষেত্ৰত ঠিকেই মানি চলে৷ কিন্তু, অসমৰ ক্ষেত্ৰতহে যেন এই বেংকসমূহৰ অন্যস্থিতি৷ অন্ধ্ৰপ্ৰদেশত জমাকৃত ধনৰ ১৩১.৫ শতাংশ, তামিলনাডুত ১০১.৭ শতাংশ, তেলেংগানাত ৯৩.২ শতাংশ, মহাৰাষ্ট্ৰত ৯২ শতাংশ ঋণ প্ৰদান কৰাৰ বিপৰীতে অসমত মাত্ৰ ৪৬.৭ শতাংশ ধনহে ৰাজ্যখনৰ লোকে ঋণ হিচাপে লাভ কৰে৷ বাকী ৫৩.৩ শতাংশ ধন প্ৰদান কৰে অন্য ৰাজ্যত ঋণ হিচাপে৷ নানান অজুহাত দেখুৱাই বেংকসমূহে ৰাজ্যবাসীক বঞ্চিত কৰিছে প্ৰাপ্য ঋণৰ পৰা৷

আনহাতে ৰিজাৰ্ভ বেংকৰ নীতি অৱমাননা কৰা সত্ত্বেও এই বেংকসমূহৰ ওপৰত কোনো বিহিত  ব্যৱস্থা লোৱা নাই ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই৷ বেংকসমূহৰ বৈষম্যমূলক মনোভাৱৰ বাবেই অসমৰ নিবনুৱা সকলৰ বাবে ঋণ লাভ কৰাটো জটিল হৈ পৰিছে৷ আনকি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগসমূহেও বিশেষ সম্প্ৰসাৰণ লাভ কৰিব পৰা নাই ধনৰ অভাৱত৷ সহজ আৰ্থিক ঋণৰ অভাৱো হৈ পৰিছে অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ আন এক কাৰণ৷ বহুলোকে ঋণৰ বাবে কাবুলীৱালা আৰু মাইক্ৰ’ফাইনেন্সৰো শৰণাপন্ন হ’বলগীয়া হয়৷ আৰু অধিক সুদৰ ভাৰ বহন কৰিব নোৱৰত এতিয়া অন্ধকাৰাচ্ছন্ন হৈ পৰিছে অসমৰ একাংশ নাগৰিক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ