--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্তি নাই৷ তাকো দ্ৰাগছ মাফিয়া বা আন কোনো মানুহৰ পৰা নহয়৷ অশান্তিৰ সৃষ্টি হৈছে জলহস্তীৰ পৰা৷ কলম্বিয়াৰ এটা এলেকাত  জলহস্তীৰ জন্ম নিয়ন্ত্ৰণৰ পৰিকল্পনা বিফল হৈছে। সেয়ে দেশ খনৰ চৰকাৰে এতিয়া ত্ৰাসৰ সৃষ্টি কৰা জলহস্তীবোৰক ভাৰতলৈ প্ৰেৰণ কৰাৰ কথা ভাবিছে৷ সেইমৰ্মে কলম্বিয়া চৰকাৰে ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ জলহস্তীবোৰকএইবাৰ ভাৰত আৰু মেক্সিকোলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছে।

উল্লেখ্য ১৯৮০ ৰ দশকত কলম্বিয়াৰ ড্ৰাগছ সাম্ৰাজ্যৰ মুৰব্বী এস্কোবাৰে তেওঁৰ ব্যক্তিগত চিৰিয়াখানাৰ বাবে আফ্ৰিকাৰ পৰা চাৰিটা জলহস্তী আনিছিল। ড্ৰাগছ মাফিয়াজনক  ১৯৯৩ চনত  কলম্বিয়াৰ সেনাই হত্যা কৰিছিল। ইয়াৰ পিছত, জন্তুবোৰ মেডেলিন চহৰৰ ওচৰৰ ব্যক্তিগত চিৰিয়াখানা খনৰ  পৰা আঁতৰ কৰা হৈছিল৷  কিন্তু চাৰিটা জলহস্তীয়ে ওচৰৰে আৰ্দ্ৰভূমিত আশ্ৰয় লৈছিল।

যোৱা তিনি টা দশকত, সেই চাৰিটাৰ পৰা জলহস্তীৰ সংখ্যা ৭৫লৈ  বৃদ্ধি পাইছে। কলম্বিয়াৰ মুখ্য নদী মাগদালেনাৰ প্ৰায় ২০০ কিলোমিটাৰ এলেকা এতিয়া এই জলহস্তীবোৰৰ দখলত  আছে। জলহস্তীৰ আক্ৰমণত কেইবাজনো মাছমৰীয়া আহত হোৱাৰ লগতে বহুতৰে মৃত্যুও ঘটিছে৷ পৃথিৱীৰ আটাইতকৈ ভয়াৱহ প্ৰাণী হিচাবে জনাজাত সেই জলহস্তী বোৰকেই এতিয়া ভাৰতলৈ প্ৰেৰণ কৰাৰ কথা ভাবিছে কলম্বিয়াই৷ জলহস্তীৰ  আক্ৰমণত স্থানীয় গাওঁৰ কেইবাটাও গৰুও নিহত হৈছে।  পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কেইটামান জলহস্তীক গুলীয়াইহত্যা  কৰিব লগা হৈছে।

পৃথিৱীৰ আন কোনো ঠাইত জলহস্তীৰ ইমান  ইমান ডাঙৰ দল নাই বুলি কলম্বিয়া চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে। পৰিৱেশবিদসকলে আশংকা কৰিছে যে যদি এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে স্থানীয় পৰিৱেশ তন্ত্ৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ'ব। এনে পৰিস্থিতিত কলম্বিয়াৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে সেই জলহস্তীবোৰ ভাৰত আৰু মেক্সিকোলৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছে। সেই দেশৰ সংবাদ মাধ্যমৰ মতেএই সন্দৰ্ভত দুয়োখন দেশৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্তও লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ