--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্তি নাই৷ তাকো দ্ৰাগছ মাফিয়া বা আন কোনো মানুহৰ পৰা নহয়৷ অশান্তিৰ সৃষ্টি হৈছে জলহস্তীৰ পৰা৷ কলম্বিয়াৰ এটা এলেকাত  জলহস্তীৰ জন্ম নিয়ন্ত্ৰণৰ পৰিকল্পনা বিফল হৈছে। সেয়ে দেশ খনৰ চৰকাৰে এতিয়া ত্ৰাসৰ সৃষ্টি কৰা জলহস্তীবোৰক ভাৰতলৈ প্ৰেৰণ কৰাৰ কথা ভাবিছে৷ সেইমৰ্মে কলম্বিয়া চৰকাৰে ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ জলহস্তীবোৰকএইবাৰ ভাৰত আৰু মেক্সিকোলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছে।

উল্লেখ্য ১৯৮০ ৰ দশকত কলম্বিয়াৰ ড্ৰাগছ সাম্ৰাজ্যৰ মুৰব্বী এস্কোবাৰে তেওঁৰ ব্যক্তিগত চিৰিয়াখানাৰ বাবে আফ্ৰিকাৰ পৰা চাৰিটা জলহস্তী আনিছিল। ড্ৰাগছ মাফিয়াজনক  ১৯৯৩ চনত  কলম্বিয়াৰ সেনাই হত্যা কৰিছিল। ইয়াৰ পিছত, জন্তুবোৰ মেডেলিন চহৰৰ ওচৰৰ ব্যক্তিগত চিৰিয়াখানা খনৰ  পৰা আঁতৰ কৰা হৈছিল৷  কিন্তু চাৰিটা জলহস্তীয়ে ওচৰৰে আৰ্দ্ৰভূমিত আশ্ৰয় লৈছিল।

যোৱা তিনি টা দশকত, সেই চাৰিটাৰ পৰা জলহস্তীৰ সংখ্যা ৭৫লৈ  বৃদ্ধি পাইছে। কলম্বিয়াৰ মুখ্য নদী মাগদালেনাৰ প্ৰায় ২০০ কিলোমিটাৰ এলেকা এতিয়া এই জলহস্তীবোৰৰ দখলত  আছে। জলহস্তীৰ আক্ৰমণত কেইবাজনো মাছমৰীয়া আহত হোৱাৰ লগতে বহুতৰে মৃত্যুও ঘটিছে৷ পৃথিৱীৰ আটাইতকৈ ভয়াৱহ প্ৰাণী হিচাবে জনাজাত সেই জলহস্তী বোৰকেই এতিয়া ভাৰতলৈ প্ৰেৰণ কৰাৰ কথা ভাবিছে কলম্বিয়াই৷ জলহস্তীৰ  আক্ৰমণত স্থানীয় গাওঁৰ কেইবাটাও গৰুও নিহত হৈছে।  পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কেইটামান জলহস্তীক গুলীয়াইহত্যা  কৰিব লগা হৈছে।

পৃথিৱীৰ আন কোনো ঠাইত জলহস্তীৰ ইমান  ইমান ডাঙৰ দল নাই বুলি কলম্বিয়া চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে। পৰিৱেশবিদসকলে আশংকা কৰিছে যে যদি এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে স্থানীয় পৰিৱেশ তন্ত্ৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ'ব। এনে পৰিস্থিতিত কলম্বিয়াৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে সেই জলহস্তীবোৰ ভাৰত আৰু মেক্সিকোলৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছে। সেই দেশৰ সংবাদ মাধ্যমৰ মতেএই সন্দৰ্ভত দুয়োখন দেশৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্তও লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল