--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত সৰু সৰু কথাত মানুহৰ মাজত কাজিয়া হয়, কিন্তু আপুনি কল্পনা কৰিব পাৰেনে যে চিপছ্‌ক লৈও এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত দুৰ্বাদল কাজিয়া লাগিব পাৰে আৰু সেই বিষয়টো গৈ আদালতৰ মজিয়া পাব পাৰে... শুনি আচৰিত লাগিছে নহয়নে? পাছে এই কথা শুনি আপোনাৰ চকু কপালত উঠিলেও এই কথাই সত্য। 

ঘটনা অনুসৰি এহাল প্ৰেমিক-প্ৰেমিকা গাড়ীৰে ফুৰিবলৈ গৈ আছিল। তাৰ মাজতে চিপছ্‌ৰ পেকেট এটা খুলি চিপছ্‌ খালে প্ৰেমিকাই। প্ৰেমিকাই খাই থকা চিপছ্‌ৰ পেকেটৰ পৰা এটুকুৰা মুখত ভৰালে প্ৰেমিকে। তাতেই যেন ভয়ংকৰ অপৰাধ কৰিলে প্ৰেমিকজনে। প্ৰেমিকে এটুকুৰা চিপছ লৈ খোৱা দেখি প্ৰেমিকা খঙত টিঙিৰিতুলা হৈ উঠে। খঙৰ কোবত প্ৰেমিকাই প্ৰেমিকক গাড়ীৰ পৰা গতিয়াই পেলাই দিয়ে আৰু তেওঁৰ গাৰ ওপৰেৰে গাড়ী চলাবলৈ চেষ্টা কৰে। কোনোমতে প্ৰাণ বচাই পলাই সাৰে প্ৰেমিক।  

এই অদ্ভূত ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ এডিলেইডত। 

এডিলেইড মেজিষ্ট্ৰেট আদালতত প্ৰেমিকা চাৰ্লট হেৰিছনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে প্ৰেমিক মেথিউ ফিনে। ফিনে আদালতত কয় যে তেওঁ প্ৰেমিকাৰ পৰা চিপছ্‌ এপিচ খোৱাৰ পাছতেই সকলো সলনি হৈ গ’ল। তেওঁক গাড়ীৰ পৰা ঠেলি উলিয়াই হত্যাৰ চেষ্টা চলায় উদ্ভট প্ৰকৃতিৰ প্ৰেমিকাই।

অৱশ্যে প্ৰেমিকা চাৰ্লট হেৰিছনে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয় যে এই কাণ্ড কেৱল এক দুৰ্ঘটনাহে আছিল। প্ৰেমিকা চাৰ্লটে কয় যে প্ৰেমিক মেথিউ ফিনে তেওঁক আক্ৰমণ কৰিছিল। সেইবাবে তেওঁ গাড়ীখন ৰখাইছিল আৰু ফিনক বাহিৰলৈ উলিয়াই দিছিল। কেৱল এয়াই নহয়, তেওঁ নিজেই ইয়াৰ অভিযোগ দিবলৈ আৰক্ষী চকীলৈ আহিব বিচাৰিছিল, কিন্তু বাটত তেওঁৰ গাড়ীখন বিপৰীত দিশৰ পৰা অহা বাহনৰ সৈতে খুন্দা খায় আৰু এই দুৰ্ঘটনাটো সংঘটিত হয়। 

এতিয়া আৰক্ষীৰ তদন্ততহে গম পোৱা যাব কোন সঁচা...কোন মিছা....

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন