--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত সৰু সৰু কথাত মানুহৰ মাজত কাজিয়া হয়, কিন্তু আপুনি কল্পনা কৰিব পাৰেনে যে চিপছ্‌ক লৈও এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত দুৰ্বাদল কাজিয়া লাগিব পাৰে আৰু সেই বিষয়টো গৈ আদালতৰ মজিয়া পাব পাৰে... শুনি আচৰিত লাগিছে নহয়নে? পাছে এই কথা শুনি আপোনাৰ চকু কপালত উঠিলেও এই কথাই সত্য। 

ঘটনা অনুসৰি এহাল প্ৰেমিক-প্ৰেমিকা গাড়ীৰে ফুৰিবলৈ গৈ আছিল। তাৰ মাজতে চিপছ্‌ৰ পেকেট এটা খুলি চিপছ্‌ খালে প্ৰেমিকাই। প্ৰেমিকাই খাই থকা চিপছ্‌ৰ পেকেটৰ পৰা এটুকুৰা মুখত ভৰালে প্ৰেমিকে। তাতেই যেন ভয়ংকৰ অপৰাধ কৰিলে প্ৰেমিকজনে। প্ৰেমিকে এটুকুৰা চিপছ লৈ খোৱা দেখি প্ৰেমিকা খঙত টিঙিৰিতুলা হৈ উঠে। খঙৰ কোবত প্ৰেমিকাই প্ৰেমিকক গাড়ীৰ পৰা গতিয়াই পেলাই দিয়ে আৰু তেওঁৰ গাৰ ওপৰেৰে গাড়ী চলাবলৈ চেষ্টা কৰে। কোনোমতে প্ৰাণ বচাই পলাই সাৰে প্ৰেমিক।  

এই অদ্ভূত ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ এডিলেইডত। 

এডিলেইড মেজিষ্ট্ৰেট আদালতত প্ৰেমিকা চাৰ্লট হেৰিছনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে প্ৰেমিক মেথিউ ফিনে। ফিনে আদালতত কয় যে তেওঁ প্ৰেমিকাৰ পৰা চিপছ্‌ এপিচ খোৱাৰ পাছতেই সকলো সলনি হৈ গ’ল। তেওঁক গাড়ীৰ পৰা ঠেলি উলিয়াই হত্যাৰ চেষ্টা চলায় উদ্ভট প্ৰকৃতিৰ প্ৰেমিকাই।

অৱশ্যে প্ৰেমিকা চাৰ্লট হেৰিছনে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয় যে এই কাণ্ড কেৱল এক দুৰ্ঘটনাহে আছিল। প্ৰেমিকা চাৰ্লটে কয় যে প্ৰেমিক মেথিউ ফিনে তেওঁক আক্ৰমণ কৰিছিল। সেইবাবে তেওঁ গাড়ীখন ৰখাইছিল আৰু ফিনক বাহিৰলৈ উলিয়াই দিছিল। কেৱল এয়াই নহয়, তেওঁ নিজেই ইয়াৰ অভিযোগ দিবলৈ আৰক্ষী চকীলৈ আহিব বিচাৰিছিল, কিন্তু বাটত তেওঁৰ গাড়ীখন বিপৰীত দিশৰ পৰা অহা বাহনৰ সৈতে খুন্দা খায় আৰু এই দুৰ্ঘটনাটো সংঘটিত হয়। 

এতিয়া আৰক্ষীৰ তদন্ততহে গম পোৱা যাব কোন সঁচা...কোন মিছা....

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত