--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ ওপৰত নিশ্চয়কৈ ৰঙৰ প্ৰভাৱ পৰে৷ সূৰ্যৰ সাতোটা ৰঙৰ সংমিশ্ৰণত সৃষ্টি হয় বিভিন্ন ৰং। এই ৰঙে বুদ্ধিৰ বিকাশ, নৈতিক চৰিত্ৰ, মনৰ প্ৰশান্তি আদি আনি দিয়ে। সূৰ্যৰ ৰশ্মিত থকা সাতোটা ৰঙে মানুহৰ লগতে বিশ্বৰ সকলো জীৱ তথা প্রাণীকূলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰতিটো ৰঙেই মানুহৰ ওপৰত ভিন্ন ভিন্ন প্ৰভাৱ বিস্তাৰ কৰে ।বাগদেৱী সৰস্বতীয়ে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰে। মানুহৰ ওপৰত ৰঙৰ কেনে প্ৰভাৱ সেই বিষয়ত বাস্তুশাস্ত্ৰই কি কয়? জানো আহক- 

নীলা ৰংঃ নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্ৰতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্ৰিয় দমনৰ শক্তি প্ৰদান কৰে । নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্ৰ আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয় ।
নীলা ৰঙৰ অশুভ প্ৰভাৱঃ নীলা ৰঙে মানুহক স্বাৰ্থপৰ, সন্দেবাদী কৰি তোলে৷ বিষাদ ভাবৰ উদ্ৰেক ঘটায়৷

ৰঙা ৰঙৰ শুভ প্ৰভাৱঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে। এই ৰঙে মানুহক শক্তি যোগায়।
ৰঙা ৰঙৰ অশুভ প্ৰভাৱঃ ৰঙা  মানুহক আৱেগপ্ৰৱণ কৰি তোলে, অধৈর্য কৰি তোলে আৰু স্বাৰ্থপৰ কৰি তোলে।

কমলা ৰঙৰ শুভ প্রভাব : মানুহৰ সৈতে আত্মীয়তা বৃদ্ধি, বন্ধু বৃদ্ধি । 

কমলা ৰঙৰ অশুভ প্রভাবঃএই ৰঙে মানুহক উদত্ত কৰে তথা আলস্য ভাবৰ উদ্রেক ঘটায়
সেউজীয়া ৰঙৰ শুভ প্রভাব : সেউজীয়া ৰঙে মানুহক সৃষ্টিশীল কৰাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে।

সেউজীয়া ৰঙৰ অশুভ প্ৰভাৱ : সেউজীয়া ৰঙে মানুহক ভোজন তথা পানৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলে। অকাৰণতে মানুহক ব্যস্ত  কৰি তোলে।

বেঙুনীয়া ৰঙৰ শুভ প্ৰভাৱ : বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে, তদুপৰি মানুহক ৰসাল কৰি তোলে ।

বেঙুনীয়া ৰঙৰ অশুভ প্ৰভাৱ : বেঙুনীয়া ৰঙে মানুহক আত্মাহংকাৰী কৰে । আনক ঠাট্টা মস্কৰা কৰাত উৎসাহী কৰে ৷

বগা ৰঙৰ শুভ প্ৰভাৱ : বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে তৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে ।

বগা ৰঙৰ অশুভ প্ৰভাৱঃবগা ৰঙে মানুহৰ বুদ্ধি হ্ৰাস কৰাৰ লগতে উদ্যমো হ্ৰাস কৰে ৷

হালধীয়া ৰঙৰ শুভ প্ৰভাৱ : হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্ৰতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে ৷ 

হালধীয়া ৰঙৰ অশুভ প্ৰভাৱঃএই ৰঙে মানুহক জেদী, অত্যধিক আত্মবিশ্বাসী, কন্দলপ্ৰিয় কৰি তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ