--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ ওপৰত নিশ্চয়কৈ ৰঙৰ প্ৰভাৱ পৰে৷ সূৰ্যৰ সাতোটা ৰঙৰ সংমিশ্ৰণত সৃষ্টি হয় বিভিন্ন ৰং। এই ৰঙে বুদ্ধিৰ বিকাশ, নৈতিক চৰিত্ৰ, মনৰ প্ৰশান্তি আদি আনি দিয়ে। সূৰ্যৰ ৰশ্মিত থকা সাতোটা ৰঙে মানুহৰ লগতে বিশ্বৰ সকলো জীৱ তথা প্রাণীকূলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰতিটো ৰঙেই মানুহৰ ওপৰত ভিন্ন ভিন্ন প্ৰভাৱ বিস্তাৰ কৰে ।বাগদেৱী সৰস্বতীয়ে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰে। মানুহৰ ওপৰত ৰঙৰ কেনে প্ৰভাৱ সেই বিষয়ত বাস্তুশাস্ত্ৰই কি কয়? জানো আহক- 

নীলা ৰংঃ নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্ৰতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্ৰিয় দমনৰ শক্তি প্ৰদান কৰে । নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্ৰ আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয় ।
নীলা ৰঙৰ অশুভ প্ৰভাৱঃ নীলা ৰঙে মানুহক স্বাৰ্থপৰ, সন্দেবাদী কৰি তোলে৷ বিষাদ ভাবৰ উদ্ৰেক ঘটায়৷

ৰঙা ৰঙৰ শুভ প্ৰভাৱঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে। এই ৰঙে মানুহক শক্তি যোগায়।
ৰঙা ৰঙৰ অশুভ প্ৰভাৱঃ ৰঙা  মানুহক আৱেগপ্ৰৱণ কৰি তোলে, অধৈর্য কৰি তোলে আৰু স্বাৰ্থপৰ কৰি তোলে।

কমলা ৰঙৰ শুভ প্রভাব : মানুহৰ সৈতে আত্মীয়তা বৃদ্ধি, বন্ধু বৃদ্ধি । 

কমলা ৰঙৰ অশুভ প্রভাবঃএই ৰঙে মানুহক উদত্ত কৰে তথা আলস্য ভাবৰ উদ্রেক ঘটায়
সেউজীয়া ৰঙৰ শুভ প্রভাব : সেউজীয়া ৰঙে মানুহক সৃষ্টিশীল কৰাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে।

সেউজীয়া ৰঙৰ অশুভ প্ৰভাৱ : সেউজীয়া ৰঙে মানুহক ভোজন তথা পানৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলে। অকাৰণতে মানুহক ব্যস্ত  কৰি তোলে।

বেঙুনীয়া ৰঙৰ শুভ প্ৰভাৱ : বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে, তদুপৰি মানুহক ৰসাল কৰি তোলে ।

বেঙুনীয়া ৰঙৰ অশুভ প্ৰভাৱ : বেঙুনীয়া ৰঙে মানুহক আত্মাহংকাৰী কৰে । আনক ঠাট্টা মস্কৰা কৰাত উৎসাহী কৰে ৷

বগা ৰঙৰ শুভ প্ৰভাৱ : বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে তৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে ।

বগা ৰঙৰ অশুভ প্ৰভাৱঃবগা ৰঙে মানুহৰ বুদ্ধি হ্ৰাস কৰাৰ লগতে উদ্যমো হ্ৰাস কৰে ৷

হালধীয়া ৰঙৰ শুভ প্ৰভাৱ : হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্ৰতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে ৷ 

হালধীয়া ৰঙৰ অশুভ প্ৰভাৱঃএই ৰঙে মানুহক জেদী, অত্যধিক আত্মবিশ্বাসী, কন্দলপ্ৰিয় কৰি তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস