--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে বিভিন্ন সময়ত বিভিন্ন স্থানত নানান আকাৰৰ ঘৰ প্ৰয়োজন অনুসৰি নিৰ্মাণ কৰে। বাস্তুশাস্ত্ৰৰ বিধি অনুসৰণ কৰি নিৰ্মাণ কৰা ঘৰত সদায় সুখ শান্তি বিৰাজ কৰে। কিন্তু ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি বাস্তু শাস্ত্ৰৰ বিধি সঠিকভাৱে মানি চলা নহয় তেন্তে তেনে ঘৰৰ পৰা সুখ শান্তিয়ে পলাই ফাট মাৰে।

ঘৰ এটা বাস্তু শাস্ত্ৰৰ বিধি অনুসৰি সাজিলেই নহ'ব। তাত কোনটো বস্তু কেনে স্থানত ৰাখিব লাগিব সেই বিষয়েও বাস্তু শাস্ত্ৰৰ বিধি অনুসৰিহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। থকা ঘৰৰ লগতে কাৰখানা দোকান ঘৰ আদিৰ ক্ষেত্ৰতো একে কথাই প্রযোজ্য হয়।

 ঘৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে আছুতীয়া কোঠাৰ প্ৰয়োজন হয়। আচুতীয়া কোঠা নহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে নিৰিবিলি পৰিৱেশত যাতে অধ্যয়ন কৰিব পাৰে সেইবাবে সুকীয়া কোঠা নিৰ্ধাৰণ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে ঘৰৰ উত্তৰ-পূব বা পূব দিশে কোঠা নিৰ্ধাৰণ কৰিব লাগে। উত্তৰ-পূব বা পূব দিশে থকা কোঠাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা তথা মনোযোগ বৃদ্ধি পায়। ফলত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

ঘৰৰ ভিতৰত ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে । এই দিশটো হৈছে অগ্নিৰ অৱস্থানৰ দিশ। সেয়ে এই দিশটোত ৰান্ধনীশাল স্থাপন কৰিব লাগে । এই দিশটোতে ঘৰৰ ইলেকট্রিক মিটাৰ আদিও স্থাপন কৰিব লাগে । ঘৰৰ উত্তৰ-পূব দিশত বা মাজ ভাগত কেতিয়াও ৰান্ধনীশাল নতুন বৈদ্যুতিক সা-সৰঞ্জাম আদি স্থাপন কৰিব নালাগে । একেদৰে কাৰখানাৰ ক্ষেত্ৰত সদায় দক্ষিণ-পূব দিশতহে কাৰখানাৰ বয়লাৰ আদি স্থাপন কৰিব লাগে।

ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আৰু পানী সম্পৰ্কীয় যিকোনো স্থান সদায় উত্তৰ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও স্নানাগাৰ, শৌচাগাৰ, জলাধাৰ, দমকল আদি স্থাপন কৰিব নালাগে । ঘৰত যিদৰে মানুহে বাস কৰে ঠিক তেনেদৰে ঘৰত দেৱতাই বাস কৰাৰ বাবেও বিশেষ গৃহৰ প্ৰয়োজন হয়। তেনে গৃহক আমি সাধাৰণতে মন্দিৰ বুলি কও। ঘৰত এটা মন্দিৰ থাকিলে ঘৰৰ পৰিবেশ সুন্দৰ হৈ থাকে আৰু নানান অপায় অমংগলৰ পৰা গৃহস্থ ৰক্ষা পৰে।  ঘৰত মন্দিৰ স্থাপনৰ উপযুক্ত দিশ হ'ল উত্তৰ-পূব দিশ। উত্তৰ-পূব দিশত স্থাপন কৰা মন্দিৰত বিধি অনুসৰি দেৱ-দেৱতাৰ মূৰ্তি অথবা ছবি ৰাখিব লাগে।

ঘৰত নানান ধৰণৰ ওজনযুক্ত বস্তু ৰখা হয়। তেনে ওজনযুক্ত বস্তুসমূহ ঘৰৰ য'তে ত'তে ৰাখিলে দুৰ্ঘটনা হোৱাৰ আশংকা থকাৰ লগতে নানান অমংগল হ'ব পাৰে। ঘৰত সদায় ওজনযুক্ত বস্তু আৰু ভঁৰালগৃহ ঘৰৰ দক্ষিণ-পশ্চিম দিশত স্থাপন কৰা উচিত। ভঁৰালগৃহ কেতিয়াও উত্তৰ-পূব, দক্ষিণ-পূর্ব, উত্তৰ- পশ্চিম দিশত স্থাপন কৰিব নালাগে। এই দিশকেইটাত কোনো গধুৰ বস্তু ৰাখিব নালাগে ৷ একেদৰে ঘৰৰ মধ্যস্থলত ভঁৰালগৃহ স্থাপন কৰিব নালাগে আৰু কোনো অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে ।

নিদ্ৰা মানুহৰ বাবে অপৰিহাৰ্য । দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত মানুহে নিশা ভালদৰে শুব নোৱাৰিলে পিছদিনাৰ বাবে তেওঁ কাম কৰাৰ শক্তি নাপায়।সেইবাবে প্ৰতিটো ঘৰতে একোটা নিৰ্দিষ্ট শোৱনি কোঠা থকাটো বাঞ্ছনীয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ