--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। চুৰিৰ অভিযোগত দুটা শিশুক অত্যাচাৰ কৰাৰ অমানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰে। আশ্চৰ্যজনক ঘটনাটো হৈছে দুমৰীয়াগঞ্জ তহচিল এলেকাৰ। হাঁহ-কুকুৰাৰ ফাৰ্মৰ পৰা ধন আৰু কুকুৰা চুৰি কৰি ধৰা পৰিল দুটা শিশু। শিশু দুটিক শাস্তিৰ নামত স্থানীয় লোকে খুউব বেয়াকৈ প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ পাছত শিশুকেইটাই প্ৰস্ৰাৱ খাবলৈ বাধ্য হয়। তেওঁলোকৰ ওপৰত গুণ্ডাগিৰিৰ বৰ্বৰতা আৰু অধিক চলি থাকিল। দুয়োৰে কাপোৰ খুলি ব্যক্তিগত অংশত জলকীয়াগুৰি সানি দিয়া হয়। শিশুকেইকেইটা যন্ত্ৰণাত চিঞৰি উঠিছিল। 

গুণ্ডাগিৰিৰ সন্মুখত শিশুসকলৰ চিঞৰ-বাখৰ আৰু অভিযোগৰ কোনো প্ৰভাৱ নপৰে । শিশুসকলৰ সৈতে চলি থকা অত্যাচাৰৰ ধাৰাবাহিকতা চলি থাকিল। মাৰপিট কৰি প্ৰস্ৰাৱ খোৱাৰ পাছতো দাদাগিৰি কৰা লোকৰ হৃদয় তৃপ্ত নহ’ল। শিশুকেইটাৰ হাতত পেট্ৰ’লৰ বেজী দিয়া হৈছিল। শিশুকেইটিৰ সৈতে হোৱা নিষ্ঠুৰতাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে সাধাৰণ লোক স্তম্ভিত হৈ পৰে।সমগ্ৰ ঘটনাৰ দৃশ্য দেখাৰ পাছত আৰক্ষী বিভাগতো চাঞ্চল্যৰ সৃষ্টি হৈছিল। 

অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থই জনোৱা মতে, ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে আৰক্ষীয়ে ৬ জন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত অভিযুক্তৰ জেৰা অব্যাহত আছে। তদন্তৰ ভিত্তিত আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। কোৱা হৈছে যে দুয়োটা শিশুৱেই বিভিন্ন সম্প্ৰদায়ৰ। ১০ আৰু ১৫ বছৰীয়া শিশুৰ সৈতে সংঘটিত হোৱা অমানৱীয় কাণ্ডৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে অভিযুক্তৰ মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস