--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। চুৰিৰ অভিযোগত দুটা শিশুক অত্যাচাৰ কৰাৰ অমানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰে। আশ্চৰ্যজনক ঘটনাটো হৈছে দুমৰীয়াগঞ্জ তহচিল এলেকাৰ। হাঁহ-কুকুৰাৰ ফাৰ্মৰ পৰা ধন আৰু কুকুৰা চুৰি কৰি ধৰা পৰিল দুটা শিশু। শিশু দুটিক শাস্তিৰ নামত স্থানীয় লোকে খুউব বেয়াকৈ প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ পাছত শিশুকেইটাই প্ৰস্ৰাৱ খাবলৈ বাধ্য হয়। তেওঁলোকৰ ওপৰত গুণ্ডাগিৰিৰ বৰ্বৰতা আৰু অধিক চলি থাকিল। দুয়োৰে কাপোৰ খুলি ব্যক্তিগত অংশত জলকীয়াগুৰি সানি দিয়া হয়। শিশুকেইকেইটা যন্ত্ৰণাত চিঞৰি উঠিছিল। 

গুণ্ডাগিৰিৰ সন্মুখত শিশুসকলৰ চিঞৰ-বাখৰ আৰু অভিযোগৰ কোনো প্ৰভাৱ নপৰে । শিশুসকলৰ সৈতে চলি থকা অত্যাচাৰৰ ধাৰাবাহিকতা চলি থাকিল। মাৰপিট কৰি প্ৰস্ৰাৱ খোৱাৰ পাছতো দাদাগিৰি কৰা লোকৰ হৃদয় তৃপ্ত নহ’ল। শিশুকেইটাৰ হাতত পেট্ৰ’লৰ বেজী দিয়া হৈছিল। শিশুকেইটিৰ সৈতে হোৱা নিষ্ঠুৰতাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে সাধাৰণ লোক স্তম্ভিত হৈ পৰে।সমগ্ৰ ঘটনাৰ দৃশ্য দেখাৰ পাছত আৰক্ষী বিভাগতো চাঞ্চল্যৰ সৃষ্টি হৈছিল। 

অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থই জনোৱা মতে, ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে আৰক্ষীয়ে ৬ জন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত অভিযুক্তৰ জেৰা অব্যাহত আছে। তদন্তৰ ভিত্তিত আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। কোৱা হৈছে যে দুয়োটা শিশুৱেই বিভিন্ন সম্প্ৰদায়ৰ। ১০ আৰু ১৫ বছৰীয়া শিশুৰ সৈতে সংঘটিত হোৱা অমানৱীয় কাণ্ডৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে অভিযুক্তৰ মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়