--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক অসম এতিয়া মাওবাদীৰ ঘাটীত পৰিণত হৈছে নেকি?  কিছুদিন পূ্ৰ্বে অসম আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল কাঞ্চনদা নামৰ এজন দুৰ্ধৰ্ষ মাওবাদী সদস্যত। কাঞ্চনদাক জেৰা কৰি লাভ কৰা তথ্যৰ পৰাই অসমত মাওবাদ সম্প্ৰসাৰণৰ সম্পৰ্কীয় ভালেমান তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। মাওবাদ দমনৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে ব্যাপক অভিযান চলি আছে যদিও ইয়াক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু তদন্তকাৰী সংস্থাবোৰে। শেহতীয়াকৈ এজন মাওবাদী নেতাক গ্ৰেপ্তাৰত সহযোগ কৰিবলৈ সাধাৰণ জনতাৰ সহায় বিচাৰি তদন্তকাৰী সংস্থা নিয়াই বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰাক লৈ চৰ্চা চলিছে।

 বাতৰি কাকতত নিয়াই দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰদাৰ সন্ধান বিচাৰি এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এইজন দুৰ্ধৰ্ষ মাওবাদী নেতাৰ সন্ধান দিওঁতা লোকলৈ ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে নিয়াই। বাবু, পংকজ, অজয় আদি নামেৰেও জনাজাত এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ পৰিচয় সদৰি কৰি নিয়াই লিখিছে যে, পিতৃ প্ৰয়াত সুভাষ চন্দ্ৰ গোস্বামী, ঠিকনা, এইচ বি ছোডপুৰ টাউন ৰোড নং ৬, স্নেহলতা এপাৰ্টমেণ্ট, থানা-ঘোলা, বাৰাকপুৰ আৰক্ষী কমিছনাৰেট, উত্তৰ ২৪ পৰগনা, পশ্চিম বংগ। তেওঁৰ আন এটা ঠিকনা হিচাপে প্ৰকাশ কৰা হৈছে যে, মাৰফত গুৰু প্ৰসাদ কৰ, বৰানগৰ, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ। আনহাতে, শক্তিপুৰ, গোস্বামীপাৰা, থানা-খাৰদহ, ডাক-আগৰপাৰা, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ তেওঁৰ তৃতীয়টো ঠিকনা হিচাপে উল্লেখ কৰা হৈছে।

 পশ্চিমবংগৰ বাসিন্দা মাওবাদী নেতাজনক বিচাৰি অসমৰ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰা তথা নিয়াৰ গুৱাহাটী কাৰ্যালয়ক তথ্যৰ বিষয়ে অৱগত কৰাৰ ঠিকনা হিচাপে উল্লেখ কৰাটো তাতপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। এই কাৰ্যৰ জৰিয়তে অসম যে, মাওবাদীৰ ঘাটীত পৰিণত হৈছে তাক প্ৰতিপন্ন কৰিব বিচৰা হৈছে নেকি তাক লৈ চৰ্চা চলিছে। উল্লেখ্য যে, অসমৰ বিভিন্ন আওহতীয়া অঞ্চলক নিৰাপদ ঘাটী হিচাপে ব্যৱহাৰ কৰি দেশজুৰি মাওবাদী কাৰ্যকলাপ চলাই থকাৰ এই প্ৰচেষ্টা উদ্বেগজনক বিবেচিত হৈছে।

 উল্লেখ্য যে, সব্যসাচী গোস্বামী সম্পৰ্কত সততে জানিব পৰা তথ্যৰ ভিতৰত আছে যে, তেওঁক আন এগৰাকী সহযোগীৰ সৈতে ২০১৩ চনত যাদৱপুৰৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁ সৈতে ধৰা পৰিছিল জাকিৰ হুছেইন নামৰ আন এজন অভিযুক্ত। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু মাওবাদী সম্পৰ্কীয় নথি-পত্ৰও জব্দ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে সদৰি কৰা মতে, কিশোৰদা আছিল চিপিআই-মাওবাদীৰ ৰাজ্যিক কমিটীৰ সদস্য। ২০০৬ চনতো তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পাছত জামিন লাভ কৰিছিল। তাৰ পাছত ২০১৩ চনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। এইজন মাওবাদী নেতাই এইবাৰো মুকলি আকাশৰ তললৈ অহাৰ পাছত এতিয়া সকলোৰে বাবে মূৰৰ কামোৰণি হৈ পৰিছে। অসমত আশ্ৰয় লৈ থাকিব পাৰে বুলি সন্দেহ কৰা মাওবাদী নেতাজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া উঠি পৰি লাগিছে তদন্তকাৰী সংস্থা।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত