--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক অসম এতিয়া মাওবাদীৰ ঘাটীত পৰিণত হৈছে নেকি?  কিছুদিন পূ্ৰ্বে অসম আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল কাঞ্চনদা নামৰ এজন দুৰ্ধৰ্ষ মাওবাদী সদস্যত। কাঞ্চনদাক জেৰা কৰি লাভ কৰা তথ্যৰ পৰাই অসমত মাওবাদ সম্প্ৰসাৰণৰ সম্পৰ্কীয় ভালেমান তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। মাওবাদ দমনৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে ব্যাপক অভিযান চলি আছে যদিও ইয়াক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু তদন্তকাৰী সংস্থাবোৰে। শেহতীয়াকৈ এজন মাওবাদী নেতাক গ্ৰেপ্তাৰত সহযোগ কৰিবলৈ সাধাৰণ জনতাৰ সহায় বিচাৰি তদন্তকাৰী সংস্থা নিয়াই বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰাক লৈ চৰ্চা চলিছে।

 বাতৰি কাকতত নিয়াই দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰদাৰ সন্ধান বিচাৰি এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এইজন দুৰ্ধৰ্ষ মাওবাদী নেতাৰ সন্ধান দিওঁতা লোকলৈ ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে নিয়াই। বাবু, পংকজ, অজয় আদি নামেৰেও জনাজাত এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ পৰিচয় সদৰি কৰি নিয়াই লিখিছে যে, পিতৃ প্ৰয়াত সুভাষ চন্দ্ৰ গোস্বামী, ঠিকনা, এইচ বি ছোডপুৰ টাউন ৰোড নং ৬, স্নেহলতা এপাৰ্টমেণ্ট, থানা-ঘোলা, বাৰাকপুৰ আৰক্ষী কমিছনাৰেট, উত্তৰ ২৪ পৰগনা, পশ্চিম বংগ। তেওঁৰ আন এটা ঠিকনা হিচাপে প্ৰকাশ কৰা হৈছে যে, মাৰফত গুৰু প্ৰসাদ কৰ, বৰানগৰ, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ। আনহাতে, শক্তিপুৰ, গোস্বামীপাৰা, থানা-খাৰদহ, ডাক-আগৰপাৰা, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ তেওঁৰ তৃতীয়টো ঠিকনা হিচাপে উল্লেখ কৰা হৈছে।

 পশ্চিমবংগৰ বাসিন্দা মাওবাদী নেতাজনক বিচাৰি অসমৰ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰা তথা নিয়াৰ গুৱাহাটী কাৰ্যালয়ক তথ্যৰ বিষয়ে অৱগত কৰাৰ ঠিকনা হিচাপে উল্লেখ কৰাটো তাতপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। এই কাৰ্যৰ জৰিয়তে অসম যে, মাওবাদীৰ ঘাটীত পৰিণত হৈছে তাক প্ৰতিপন্ন কৰিব বিচৰা হৈছে নেকি তাক লৈ চৰ্চা চলিছে। উল্লেখ্য যে, অসমৰ বিভিন্ন আওহতীয়া অঞ্চলক নিৰাপদ ঘাটী হিচাপে ব্যৱহাৰ কৰি দেশজুৰি মাওবাদী কাৰ্যকলাপ চলাই থকাৰ এই প্ৰচেষ্টা উদ্বেগজনক বিবেচিত হৈছে।

 উল্লেখ্য যে, সব্যসাচী গোস্বামী সম্পৰ্কত সততে জানিব পৰা তথ্যৰ ভিতৰত আছে যে, তেওঁক আন এগৰাকী সহযোগীৰ সৈতে ২০১৩ চনত যাদৱপুৰৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁ সৈতে ধৰা পৰিছিল জাকিৰ হুছেইন নামৰ আন এজন অভিযুক্ত। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু মাওবাদী সম্পৰ্কীয় নথি-পত্ৰও জব্দ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে সদৰি কৰা মতে, কিশোৰদা আছিল চিপিআই-মাওবাদীৰ ৰাজ্যিক কমিটীৰ সদস্য। ২০০৬ চনতো তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পাছত জামিন লাভ কৰিছিল। তাৰ পাছত ২০১৩ চনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। এইজন মাওবাদী নেতাই এইবাৰো মুকলি আকাশৰ তললৈ অহাৰ পাছত এতিয়া সকলোৰে বাবে মূৰৰ কামোৰণি হৈ পৰিছে। অসমত আশ্ৰয় লৈ থাকিব পাৰে বুলি সন্দেহ কৰা মাওবাদী নেতাজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া উঠি পৰি লাগিছে তদন্তকাৰী সংস্থা।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে