--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভা নিৰ্বাচনক লৈ ৰাজস্থানৰ ৰাজনীতিত নাটকীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাজ্যখনৰ চাৰিখন ৰাজ্যসভা আসনৰ বাবে আজি অনুষ্ঠিত হৈছিল নিৰ্বাচন। কিন্তু ভোটগ্ৰহণৰ সময়তে তিনিগৰাকী বিজেপি বিধায়কে খেলিমেলি কৰাক লৈ তীব্ৰ চৰ্চা চলিছে। তিনিগৰাকী বিজেপি বিধায়কৰ দুগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভোটদান কৰা বুলি প্ৰকাশ পাইছে। ভুলক্ৰমে এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে যদিও ইয়াকে লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, ধোলাপুৰৰ বিজেপি বিধায়ক শোভাৰাণী কুশ্বৱাহাই ভুলতে নিজৰ ভোট বিজেপিৰ ঘনশ্যাম তিৱাৰীৰ ঠাইত কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীক দিয়ে। ইয়াৰ ফলত তেওঁৰ ভোট খাৰিজ হোৱাৰ সম্ভাৱনা আছে। বিজেপিয়ে নিজেও শোভা ৰাণীৰ ভোটতদানত বেমেজালি হোৱা বুলি স্বীকাৰ কৰিছে। উল্লেখ্য যে, শোভা ৰাণীৰ স্বামী বিএল কুশ্বৱাহা কাৰাবন্দী হৈ আছে।

ইফালে, আন এগৰাকী বিজেপি বিধায়ক সিদ্ধি কুমাৰীৰ ভোটটো খেলিমেলি হোৱা বুলি জানিব পৰা গৈছে। এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী সুভাষ চন্দ্ৰাক ভোট দিবলগীয়া আছিল যদিও তেওঁ ভোটটো দিয়ে ঘনশ্যাম তিৱাৰীক। আনহাতে ৱাঞ্চৱাড়াৰ বিজেপি বিধায়ক কৈলাস চন্দ্ৰ মীনাৰো ভোটদানত খেলিমেলি হৈছে। তেওঁৰ ভোটটোও খাৰি হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং ডোটছৰাই দাবী কৰিছে যে, কৈলাস চন্দ্ৰ মীনাই পোলিং এজেণ্টক দেখুৱাই ভোটদান কৰিছিল। এই পৰিপ্ৰেক্ষিতত ভোটদানৰ চিচিটিভি ৰেকৰ্ডিং আৰু নিৰ্বাচন আয়োগৰ ৰেকৰ্ডিং চোৱাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, ৰাজস্থানৰ চাৰিখন ৰাজ্যসভা আসনৰ বাবে আজি বিধানসভাত পুৱা ন বজাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ৪ বজাত এই ভোটগ্ৰহণৰ অন্ত পৰিব। আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে প্ৰথম ভোটটো দিছিল মুখ্যমন্ত্ৰী অশোক গেহলটে। উল্লেখ্য যে, আভ্যন্তৰীণ বিদ্ৰোহ আৰু হৰ্ছ ট্ৰেডিঙৰ আশংকাত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল।

এইবাৰ অশোক গেহলটে নিজেই পোলিং এজেণ্টৰ ভূমিকাত অৱতীৰ্ণ হৈছে। ফলত প্ৰতিগৰাকী কংগ্ৰেছ বিধায়কে ভোটদানৰ পাছত বেলট গেহলটক দেখুৱাব লগা হৈছে। ৰাজস্থানত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হৈছে ১০৮। কংগ্ৰেছ ফালৰ পৰা কোনো বেমেজালিৰ তথ্য প্ৰকাশ পোৱা নাই। কিন্তু বিজেপিৰ তিনি বিধায়কৰ ভোট নষ্ট হোৱাৰ আশংকাই এতিয়া চৰ্চা লাভ কৰিছে। এইসকল বিধায়কে জানি শুনি এনেদৰে ভোট নষ্ট কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে। এনেদৰে নষ্ট হোৱা ভোটৰ প্ৰভাৱ ফলাফলত কিদৰে পৰে সেয়া লক্ষ্যণীয় হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত