--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভা নিৰ্বাচনক লৈ ৰাজস্থানৰ ৰাজনীতিত নাটকীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাজ্যখনৰ চাৰিখন ৰাজ্যসভা আসনৰ বাবে আজি অনুষ্ঠিত হৈছিল নিৰ্বাচন। কিন্তু ভোটগ্ৰহণৰ সময়তে তিনিগৰাকী বিজেপি বিধায়কে খেলিমেলি কৰাক লৈ তীব্ৰ চৰ্চা চলিছে। তিনিগৰাকী বিজেপি বিধায়কৰ দুগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভোটদান কৰা বুলি প্ৰকাশ পাইছে। ভুলক্ৰমে এই ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে যদিও ইয়াকে লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, ধোলাপুৰৰ বিজেপি বিধায়ক শোভাৰাণী কুশ্বৱাহাই ভুলতে নিজৰ ভোট বিজেপিৰ ঘনশ্যাম তিৱাৰীৰ ঠাইত কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীক দিয়ে। ইয়াৰ ফলত তেওঁৰ ভোট খাৰিজ হোৱাৰ সম্ভাৱনা আছে। বিজেপিয়ে নিজেও শোভা ৰাণীৰ ভোটতদানত বেমেজালি হোৱা বুলি স্বীকাৰ কৰিছে। উল্লেখ্য যে, শোভা ৰাণীৰ স্বামী বিএল কুশ্বৱাহা কাৰাবন্দী হৈ আছে।

ইফালে, আন এগৰাকী বিজেপি বিধায়ক সিদ্ধি কুমাৰীৰ ভোটটো খেলিমেলি হোৱা বুলি জানিব পৰা গৈছে। এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী সুভাষ চন্দ্ৰাক ভোট দিবলগীয়া আছিল যদিও তেওঁ ভোটটো দিয়ে ঘনশ্যাম তিৱাৰীক। আনহাতে ৱাঞ্চৱাড়াৰ বিজেপি বিধায়ক কৈলাস চন্দ্ৰ মীনাৰো ভোটদানত খেলিমেলি হৈছে। তেওঁৰ ভোটটোও খাৰি হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং ডোটছৰাই দাবী কৰিছে যে, কৈলাস চন্দ্ৰ মীনাই পোলিং এজেণ্টক দেখুৱাই ভোটদান কৰিছিল। এই পৰিপ্ৰেক্ষিতত ভোটদানৰ চিচিটিভি ৰেকৰ্ডিং আৰু নিৰ্বাচন আয়োগৰ ৰেকৰ্ডিং চোৱাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, ৰাজস্থানৰ চাৰিখন ৰাজ্যসভা আসনৰ বাবে আজি বিধানসভাত পুৱা ন বজাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ৪ বজাত এই ভোটগ্ৰহণৰ অন্ত পৰিব। আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে প্ৰথম ভোটটো দিছিল মুখ্যমন্ত্ৰী অশোক গেহলটে। উল্লেখ্য যে, আভ্যন্তৰীণ বিদ্ৰোহ আৰু হৰ্ছ ট্ৰেডিঙৰ আশংকাত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল।

এইবাৰ অশোক গেহলটে নিজেই পোলিং এজেণ্টৰ ভূমিকাত অৱতীৰ্ণ হৈছে। ফলত প্ৰতিগৰাকী কংগ্ৰেছ বিধায়কে ভোটদানৰ পাছত বেলট গেহলটক দেখুৱাব লগা হৈছে। ৰাজস্থানত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হৈছে ১০৮। কংগ্ৰেছ ফালৰ পৰা কোনো বেমেজালিৰ তথ্য প্ৰকাশ পোৱা নাই। কিন্তু বিজেপিৰ তিনি বিধায়কৰ ভোট নষ্ট হোৱাৰ আশংকাই এতিয়া চৰ্চা লাভ কৰিছে। এইসকল বিধায়কে জানি শুনি এনেদৰে ভোট নষ্ট কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে। এনেদৰে নষ্ট হোৱা ভোটৰ প্ৰভাৱ ফলাফলত কিদৰে পৰে সেয়া লক্ষ্যণীয় হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে