--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিবলৈ দীপাৱলীৰ প্ৰাকমুহূৰ্তত চণ্ডীগড় পৌৰ নিগমে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ৷ এক টকাতে গ্ৰাহকে লাভ কৰিব বিভিন্ন সামগ্ৰী৷ 

চণ্ডীগড় পৌৰ নিগমে মুকলি কৰা বিশেষ বিপণীত এক টকাতে গ্ৰাহকে লাভ কৰিব বিবিধ সামগ্ৰী৷ চণ্ডীগড় পৌৰ নিগমে এক টকা বিক্ৰীৰ সৈতে মুকলি কৰিছে এখন ছুুপাৰ ষ্টোৰ৷

চণ্ডীগড় পৌৰ নিগমে দীপাৱলী উপলক্ষে দৰিদ্র লোকসকলক দিছে এই অনন্য সুযোগ। ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাত যাতে মানুহৰ কোনো সমস্যা নহয়, সেয়া নিশ্চিত কৰিবলৈ পৌৰ নিগমে ১ টকা বিক্ৰীমূল্যত থকা এই শ্ব’ৰুম মুকলি কৰিছে৷

ঘৰুৱা সামগ্ৰীৰ উপৰি শিশু, বৃদ্ধ মহিলাৰ কাপোৰ আৰু পুতলা, গ্ৰোচাৰী আৰু ইলেক্ট্ৰনিক্স সামগ্ৰীও এই বিপণীত উপলব্ধ। পঞ্চমখন দোকান চণ্ডীগড়ৰ মাজভাগত পৌৰ নিগমে মুকলি কৰিছে। 

দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকে তেওঁলোকৰ আধাৰ কাৰ্ড দেখুৱাই এক টকাত পাঁচবিধ সামগ্ৰী ক্ৰয় কৰিব পাৰে।

এই উপলক্ষে চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ আৰু চণ্ডীগড় পৌৰ নিগমৰ আয়ুক্ত অনিন্দিতা মিত্ৰই চণ্ডীগড়ত মুকলি কৰা এই পঞ্চম ছুপাৰ ষ্টৰ উদ্বোধন কৰে৷

ইয়াৰ পাছত শতাধিক লোকে বিপণীখনৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে৷ ১ টকা অনুসৰি গ্ৰাহকে তেওঁলোকৰ আধাৰ কাৰ্ড দেখুৱাই কাপোৰ, ঘৰুৱা সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী, গ্ৰোচাৰী সামগ্ৰী ক্ৰয় কৰিছিল।  

আয়ুক্ত অনিন্দিতা মিত্ৰই কৈছিল যে দৰিদ্ৰ লোকসকলৰ বাবে এই বিপণীখন মুকলি কৰা হৈছে৷ যিকোনো ব্যক্তিয়ে আধাৰ কাৰ্ড দেখুৱাই ইয়াৰ পৰা পাঁচবিধ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু