--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিবলৈ দীপাৱলীৰ প্ৰাকমুহূৰ্তত চণ্ডীগড় পৌৰ নিগমে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ৷ এক টকাতে গ্ৰাহকে লাভ কৰিব বিভিন্ন সামগ্ৰী৷ 

চণ্ডীগড় পৌৰ নিগমে মুকলি কৰা বিশেষ বিপণীত এক টকাতে গ্ৰাহকে লাভ কৰিব বিবিধ সামগ্ৰী৷ চণ্ডীগড় পৌৰ নিগমে এক টকা বিক্ৰীৰ সৈতে মুকলি কৰিছে এখন ছুুপাৰ ষ্টোৰ৷

চণ্ডীগড় পৌৰ নিগমে দীপাৱলী উপলক্ষে দৰিদ্র লোকসকলক দিছে এই অনন্য সুযোগ। ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাত যাতে মানুহৰ কোনো সমস্যা নহয়, সেয়া নিশ্চিত কৰিবলৈ পৌৰ নিগমে ১ টকা বিক্ৰীমূল্যত থকা এই শ্ব’ৰুম মুকলি কৰিছে৷

ঘৰুৱা সামগ্ৰীৰ উপৰি শিশু, বৃদ্ধ মহিলাৰ কাপোৰ আৰু পুতলা, গ্ৰোচাৰী আৰু ইলেক্ট্ৰনিক্স সামগ্ৰীও এই বিপণীত উপলব্ধ। পঞ্চমখন দোকান চণ্ডীগড়ৰ মাজভাগত পৌৰ নিগমে মুকলি কৰিছে। 

দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকে তেওঁলোকৰ আধাৰ কাৰ্ড দেখুৱাই এক টকাত পাঁচবিধ সামগ্ৰী ক্ৰয় কৰিব পাৰে।

এই উপলক্ষে চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ আৰু চণ্ডীগড় পৌৰ নিগমৰ আয়ুক্ত অনিন্দিতা মিত্ৰই চণ্ডীগড়ত মুকলি কৰা এই পঞ্চম ছুপাৰ ষ্টৰ উদ্বোধন কৰে৷

ইয়াৰ পাছত শতাধিক লোকে বিপণীখনৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে৷ ১ টকা অনুসৰি গ্ৰাহকে তেওঁলোকৰ আধাৰ কাৰ্ড দেখুৱাই কাপোৰ, ঘৰুৱা সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী, গ্ৰোচাৰী সামগ্ৰী ক্ৰয় কৰিছিল।  

আয়ুক্ত অনিন্দিতা মিত্ৰই কৈছিল যে দৰিদ্ৰ লোকসকলৰ বাবে এই বিপণীখন মুকলি কৰা হৈছে৷ যিকোনো ব্যক্তিয়ে আধাৰ কাৰ্ড দেখুৱাই ইয়াৰ পৰা পাঁচবিধ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ