--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ ছেকেণ্ডৰ এটা ভিডিঅ’ৰ বাবেই লাখ টকাৰ চাকৰি হেৰুৱাবলগীয়া হোৱা বুলি দাবী কৰিছে এগৰাকী ২৪ বছৰীয়া যুৱতীয়ে। কোম্পানীটোৰ সাপ্তাহিক অনলাইন মিটিঙত অংশগ্ৰহণ কৰিছিল যুৱতীগৰাকী আৰু তেওঁৰ অফিচৰ ষ্টাফে। অনলাইন মিটিং চলি থকাৰ সময়তে তেওঁ কফি পৰি যোৱা এটা ধেমেলীয়া ভিডিঅ’ বনাইছিল।

এই ঘটনা আমেৰিকাৰ। যুৱতীগৰাকীৰ নাম মিচেল চেৰ্না। মিচেলে ক’লে যে অনলাইন মিটিং চলি আছিল আৰু তেওঁ অফ কেমেৰা কৰি থৈছিল। কাৰণ তেওঁ অনুভৱ কৰিছিল যে সেই সময়ত তেওঁৰ বাবে প্ৰয়োজনীয় কোনো কথা মিটিঙত আলোচনা হৈ থকা নাছিল। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ বৰ্ণনা কৰি মিচেলে কয় – মই মোৰ মগজু ব্যৱহাৰ কৰা নাছিলো। অফ কেমেৰা কৰাৰ সময়ত কোম্পানীটোৰ মুখ্য প্ৰডাক্ট অফিচাৰে মিটিঙত কথা পাতি আছিল।

মিচেলে কয় যে ঠিক পিছদিনা তেওঁক এইচ আৰ আৰু মুখ্য প্ৰডাক্ট অফিচাৰৰ সৈতে এখন বৈঠকৰ বাবে মাতি অনা হৈছিল। তেওঁলোকে মিচেলক ক’লে – কোনোবাই এই ভিডিঅ’টো আমালৈ পঠিয়াইছে আৰু আমি ততাতৈয়াকৈ আপোনাক কোম্পানীৰ প্ৰতি কৰা গুৰুতৰ গাফিলতিৰ বাবে বৰ্খাস্ত কৰিছো।

মিচেলে কয় যে তেওঁৰ ধেমেলীয়া ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত মিটিংখন চলি আছিল কিন্তু সেই মিটিঙত কোম্পানীটোৰ সৈতে জড়িত কোনো গোপনীয় কথা আলোচনা হোৱা নাছিল। মিচেলে অনুভৱ কৰে যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা উচিত নাছিল। কিন্তু তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছে।

কোম্পানীটোৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত মিচেলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁ অভিজ্ঞ পেছাদাৰী লোকক চফটৱেৰ বিক্ৰী কৰে। ইয়াৰ বাবে তেওঁ টিকটকৰ সহায়ো লয়। তেওঁ দাবী কৰিছে যে তেওঁ এই ব্যৱসায়ৰ বৃদ্ধিৰ সৈতে জড়িত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি থাকিব।

মিচেল চেৰ্নাই জনোৱা মতে, তেওঁ আগতে চিকিৎসা সঁজুলি প্ৰস্তুত কৰা এটা কোম্পানীত কাম কৰিছিল। তাত তেওঁৰ মাহিলী দৰমহা আছিল লাখৰ ঘৰত।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী