--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ ছেকেণ্ডৰ এটা ভিডিঅ’ৰ বাবেই লাখ টকাৰ চাকৰি হেৰুৱাবলগীয়া হোৱা বুলি দাবী কৰিছে এগৰাকী ২৪ বছৰীয়া যুৱতীয়ে। কোম্পানীটোৰ সাপ্তাহিক অনলাইন মিটিঙত অংশগ্ৰহণ কৰিছিল যুৱতীগৰাকী আৰু তেওঁৰ অফিচৰ ষ্টাফে। অনলাইন মিটিং চলি থকাৰ সময়তে তেওঁ কফি পৰি যোৱা এটা ধেমেলীয়া ভিডিঅ’ বনাইছিল।

এই ঘটনা আমেৰিকাৰ। যুৱতীগৰাকীৰ নাম মিচেল চেৰ্না। মিচেলে ক’লে যে অনলাইন মিটিং চলি আছিল আৰু তেওঁ অফ কেমেৰা কৰি থৈছিল। কাৰণ তেওঁ অনুভৱ কৰিছিল যে সেই সময়ত তেওঁৰ বাবে প্ৰয়োজনীয় কোনো কথা মিটিঙত আলোচনা হৈ থকা নাছিল। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ বৰ্ণনা কৰি মিচেলে কয় – মই মোৰ মগজু ব্যৱহাৰ কৰা নাছিলো। অফ কেমেৰা কৰাৰ সময়ত কোম্পানীটোৰ মুখ্য প্ৰডাক্ট অফিচাৰে মিটিঙত কথা পাতি আছিল।

মিচেলে কয় যে ঠিক পিছদিনা তেওঁক এইচ আৰ আৰু মুখ্য প্ৰডাক্ট অফিচাৰৰ সৈতে এখন বৈঠকৰ বাবে মাতি অনা হৈছিল। তেওঁলোকে মিচেলক ক’লে – কোনোবাই এই ভিডিঅ’টো আমালৈ পঠিয়াইছে আৰু আমি ততাতৈয়াকৈ আপোনাক কোম্পানীৰ প্ৰতি কৰা গুৰুতৰ গাফিলতিৰ বাবে বৰ্খাস্ত কৰিছো।

মিচেলে কয় যে তেওঁৰ ধেমেলীয়া ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত মিটিংখন চলি আছিল কিন্তু সেই মিটিঙত কোম্পানীটোৰ সৈতে জড়িত কোনো গোপনীয় কথা আলোচনা হোৱা নাছিল। মিচেলে অনুভৱ কৰে যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা উচিত নাছিল। কিন্তু তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছে।

কোম্পানীটোৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত মিচেলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁ অভিজ্ঞ পেছাদাৰী লোকক চফটৱেৰ বিক্ৰী কৰে। ইয়াৰ বাবে তেওঁ টিকটকৰ সহায়ো লয়। তেওঁ দাবী কৰিছে যে তেওঁ এই ব্যৱসায়ৰ বৃদ্ধিৰ সৈতে জড়িত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি থাকিব।

মিচেল চেৰ্নাই জনোৱা মতে, তেওঁ আগতে চিকিৎসা সঁজুলি প্ৰস্তুত কৰা এটা কোম্পানীত কাম কৰিছিল। তাত তেওঁৰ মাহিলী দৰমহা আছিল লাখৰ ঘৰত।











FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক