--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুকলি চেণ্ডেল বা চপ্পল বেছিকৈ পিন্ধা হয়, যাৰ বাবে মানুহৰ ভৰিত ক’লা দাগ পৰে। এই চিনবোৰ ইমানেই গভীৰ হৈ থাকে যে চপ্পল বা চেণ্ডেলৰ ফিটাখন ভৰিত ছপা হৈ যায়।  এতিয়া শীতকাল আৰম্ভ হৈছে, এনে পৰিস্থিতিত বেছিভাগ মানুহেই জোতা বা চেণ্ডেলৰ ভিতৰত মোজা পিন্ধি ওলাই যাব, কিন্তু যিসকলৰ ইতিমধ্যে ভৰি বেয়া হৈছে তেওঁলোকৰ বাবে এই সহজ টিপছবোৰ গ্ৰহণ কৰিব পাৰে। এই টিপচ্ৰে ভৰিৰ ক’লা দাগবোৰ মাত্ৰ ১৫ৰ পৰা ২০ মিনিটতে পৰিষ্কাৰ কৰিব পাৰিব।

ভৰিৰ ক’লা ৰং আঁতৰোৱাৰ ঘৰুৱা উপায়
গাখীৰ আৰু ক্ৰীম
যদি আপুনি গাখীৰ আৰু ক্ৰীম ব্যৱহাৰ কৰে, তেন্তে ভৰিৰ ক’লা ৰং আঁতৰাব পাৰে, লগতে এই মিশ্ৰণে ভৰিৰ আৰ্দ্ৰতাও দিব। ইয়াৰ বাবে এটা বাটিত ৪ৰ পৰা ৫ চামুচ কেঁচা গাখীৰ লৈ তাত এটা ডাঙৰ চামুচ সতেজ ক্ৰীম দিব। হাত-ভৰিত লগালে ২ৰ পৰা ৩ ঘণ্টাৰ পিছত ধুব লাগে। ৰাতিটোও ভৰিৰ ওপৰত ৰাখিব পাৰে।

হালধি আৰু বেচন
টনিং আঁতৰাবলৈ হালধি  আৰু বেচনৰ স্ক্ৰাব (Feet Scrub) প্ৰয়োগ কৰিব পাৰি। স্ক্রাব বনাবলৈ এটা বাটিত বেচন লৈ আধা চামুচ হালধিৰ মিহলাই লওক। তাত দৈ দি পেষ্ট বনাওক। এই পেষ্ট ১৫ৰ পৰা ২০ মিনিট ৰাখিব।

ওটছ আৰু দৈ
পিহি লোৱা ওটছ দৈত দি ভৰিত ২০ মিনিট ৰাখিব, তাৰ পাছত ধুব। ই এটা ভাল স্ক্ৰাব হিচাপে কাম কৰে। ভাল ফলাফলৰ বাবে সপ্তাহত ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব লাগে। ভৰি ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ লগোৱাটো নিশ্চিত কৰক।

দৈ আৰু বিলাহী 
বিলাহী ৰ ৰসে ছালৰ পি এইচ লেভেলৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ উপৰিও ছাল পৰিষ্কাৰ আৰু উজ্জ্বল কৰি তুলিব পাৰি। ইয়াৰ উপৰিও দৈ ছালখন এক্সফোলিয়েট কৰাত সহায় কৰে। ভৰিৰ ক’লা ৰং আঁতৰাবলৈ বিলাহীৰ বাকলি উলিয়াই পিহি লওক। তাৰ পাছত তাত এচামুচ দৈ মিহলাই আধা ঘণ্টা ভৰিৰ ওপৰত ৰাখি তাৰ পিছত ধুই লব।


ইয়াৰ বাবে এটা পকা অমিতা অলপ লৈ তাত মৌ দি পেষ্ট বনাব লাগে। এই পেষ্টটো প্ৰায় আধা ঘণ্টামান ভৰিৰ ওপৰত ৰাখি তাৰ পিছত ধুব। যদি আপুনি ভৰিত ভাল প্ৰভাৱ দেখাব বিচাৰে তেন্তে সপ্তাহত কমেও দুবাৰ প্ৰয়োগ কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু