--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আপুনি আপোনাৰ শিশুটিক জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰে নেকি? যদি ব্যৱহাৰ কৰে তেনে এতিয়াৰে পৰা সাৱধান হওঁক। কিয়নো আকৌ এবাৰ নমুনা সংগ্ৰহ কৰা হ’ব জনছন বেবী পাউদাৰৰ। বম্বে উচ্চ ন্যায়ালয়ে জনছন এণ্ড জনছনৰ বেবী পাউদাৰৰ নমুনা পুনৰ পৰীক্ষা কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক ইতিমধ্যে নিৰ্দেশ দিছে। 

বুধবাৰে ন্যায়াধীশ এছ ভি গংগাপুৰৱালা আৰু এছ জি ডাইজৰ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনক তিনিদিনৰ ভিতৰত কোম্পানীটোৰ কাৰখানাৰ পৰা সতেজ নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে আদালতে পুনৰ নমুনা লৈ দুটা চৰকাৰী আৰু এটা ব্যক্তিগত লেবলৈ প্ৰেৰণ কৰিব।নমুনা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত লেবসমূহক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি বিচাৰপীঠে কয় যে, নমুনাসমূহ পৰীক্ষাৰ বাবে চেণ্ট্ৰেল ড্ৰাগ টেষ্টিং লেবৰেটৰী, ৱেষ্ট জ’ন, এফ ডি এ লেব আৰু ইন্টাৰটেক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব।

আদালতত পৰৱৰ্তী শুনানি হ’ব ৩০ নৱেম্বৰত। এই সময়ছোৱাত কোম্পানীটোৱে পাউদাৰ উৎপাদন কৰিব পাৰিব যদিও বিক্ৰী আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।জনছন এণ্ড জনছনে মহাৰাষ্ট্ৰ চৰকাৰৰ দুটা আদেশক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। ৰাজ্যখনৰ এফ ডি এৰ যুটীয়া আয়ুক্ত আৰু অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই এই নিৰ্দেশ গৃহীত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ