--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আপুনি আপোনাৰ শিশুটিক জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰে নেকি? যদি ব্যৱহাৰ কৰে তেনে এতিয়াৰে পৰা সাৱধান হওঁক। কিয়নো আকৌ এবাৰ নমুনা সংগ্ৰহ কৰা হ’ব জনছন বেবী পাউদাৰৰ। বম্বে উচ্চ ন্যায়ালয়ে জনছন এণ্ড জনছনৰ বেবী পাউদাৰৰ নমুনা পুনৰ পৰীক্ষা কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক ইতিমধ্যে নিৰ্দেশ দিছে। 

বুধবাৰে ন্যায়াধীশ এছ ভি গংগাপুৰৱালা আৰু এছ জি ডাইজৰ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনক তিনিদিনৰ ভিতৰত কোম্পানীটোৰ কাৰখানাৰ পৰা সতেজ নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে আদালতে পুনৰ নমুনা লৈ দুটা চৰকাৰী আৰু এটা ব্যক্তিগত লেবলৈ প্ৰেৰণ কৰিব।নমুনা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত লেবসমূহক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি বিচাৰপীঠে কয় যে, নমুনাসমূহ পৰীক্ষাৰ বাবে চেণ্ট্ৰেল ড্ৰাগ টেষ্টিং লেবৰেটৰী, ৱেষ্ট জ’ন, এফ ডি এ লেব আৰু ইন্টাৰটেক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব।

আদালতত পৰৱৰ্তী শুনানি হ’ব ৩০ নৱেম্বৰত। এই সময়ছোৱাত কোম্পানীটোৱে পাউদাৰ উৎপাদন কৰিব পাৰিব যদিও বিক্ৰী আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।জনছন এণ্ড জনছনে মহাৰাষ্ট্ৰ চৰকাৰৰ দুটা আদেশক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। ৰাজ্যখনৰ এফ ডি এৰ যুটীয়া আয়ুক্ত আৰু অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই এই নিৰ্দেশ গৃহীত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু