--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ অভিনৱ ভাৰত জোড়ো যাত্ৰাই আজি ব্যাপক জনসমৰ্থন লাভ কৰে দক্ষিণৰ ৰাজ্য কেৰালাত। বাওঁপন্থী শাসিত ৰাজ্যখনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীৰ 'পদযাত্ৰা' প্ৰত্যক্ষ কৰি উচ্ছাসিত হৈ পৰে সাধাৰণ লোকসকল। জনসাধাৰণৰ এনে সঁহাৰিৰ পাছতে ৰাজ্যখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধী। আজি নেমোমত উপস্থিত হোৱাৰ পিছতে সমাগম হোৱা জনসাধাৰণক উদ্দেশ্যি গান্ধীয়ে কেৰালাক উচ্চ প্ৰশংসা কৰি কয় যে কেৰালাই সকলোকে সন্মান কৰে। 

কেৰালাই কেতিয়াও নিজৰ মাজত বিভাজন হ’বলৈ বা ঘৃণা বিয়পাবলৈ নিদিয়ে বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাই এক অৰ্থত কেৰালাৰ এই  ধাৰণা দেশৰ বিভিন্ন প্ৰান্তত সম্প্ৰসাৰণ কৰিব বিচাৰে বুলি উল্লেখ কৰে।  গান্ধীয়ে কয় যে একেলগ হৈ কাম কৰাটো কেৰালাৰ জনসাধাৰণৰ বাবে এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু এইয়া কেৰালাই দেশৰ অন্য অংশৰ সমুখত প্ৰতিফলিত কৰিছে।  

“কেৰালাই ৰাজ্যৰ সকলোকে সন্মান কৰে। ই নিজকে কেতিয়াও বিভক্ত হ'বলৈ নিদিয়ে বা ই ৰাজ্যখনত ঘৃণা বিয়পিবলৈ নিদিয়ে। সেয়েহে এক অৰ্থত, ভাৰত জোড়ো যাত্ৰা কেৰালাত বিৰাজ কৰা এই ধাৰণাসমূহৰে এক সম্প্ৰসাৰণ।"- তেওঁ কয়।

কেৰালাত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পদযাত্ৰীসকল প্ৰৱেশ কৰাৰ পাছৰে পৰাই ৰাজ্যখনৰ জনসাধাৰণে ব্যাপক সমৰ্থন আগবঢ়াইছে। আজি পুৱা ‘ভাৰত যাত্ৰী'সকল প্ৰায় ১১ বজাত পাটমত কিছুসময় ৰোৱাৰ পিছত সন্ধিয়া ৫ বজাত যাত্ৰা পুনৰ আৰম্ভ কৰি কাঝাকুটমত উপস্থিত হয় আৰু ইয়াতে দিনটোৰ যাত্ৰা সমাপ্ত কৰে। 

উল্লেখ্য যে কেৰালাত ভাৰত জোড়ো যাত্ৰাই ৪৫০ কিলোমিটাৰ অতিক্ৰম কৰি ৰাজ্যখনৰ মাজেৰে পাৰ হ'ব। ১৯ দিনৰ ভিতৰত ৰাজ্যখনৰ সাতখন জিলাৰ মাজেৰে যাত্ৰা কৰি ১ অক্টোবৰত কৰ্ণাটকত প্ৰৱেশ কৰিব ভাৰত যাত্ৰীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী