--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ অভিনৱ ভাৰত জোড়ো যাত্ৰাই আজি ব্যাপক জনসমৰ্থন লাভ কৰে দক্ষিণৰ ৰাজ্য কেৰালাত। বাওঁপন্থী শাসিত ৰাজ্যখনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীৰ 'পদযাত্ৰা' প্ৰত্যক্ষ কৰি উচ্ছাসিত হৈ পৰে সাধাৰণ লোকসকল। জনসাধাৰণৰ এনে সঁহাৰিৰ পাছতে ৰাজ্যখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধী। আজি নেমোমত উপস্থিত হোৱাৰ পিছতে সমাগম হোৱা জনসাধাৰণক উদ্দেশ্যি গান্ধীয়ে কেৰালাক উচ্চ প্ৰশংসা কৰি কয় যে কেৰালাই সকলোকে সন্মান কৰে। 

কেৰালাই কেতিয়াও নিজৰ মাজত বিভাজন হ’বলৈ বা ঘৃণা বিয়পাবলৈ নিদিয়ে বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাই এক অৰ্থত কেৰালাৰ এই  ধাৰণা দেশৰ বিভিন্ন প্ৰান্তত সম্প্ৰসাৰণ কৰিব বিচাৰে বুলি উল্লেখ কৰে।  গান্ধীয়ে কয় যে একেলগ হৈ কাম কৰাটো কেৰালাৰ জনসাধাৰণৰ বাবে এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু এইয়া কেৰালাই দেশৰ অন্য অংশৰ সমুখত প্ৰতিফলিত কৰিছে।  

“কেৰালাই ৰাজ্যৰ সকলোকে সন্মান কৰে। ই নিজকে কেতিয়াও বিভক্ত হ'বলৈ নিদিয়ে বা ই ৰাজ্যখনত ঘৃণা বিয়পিবলৈ নিদিয়ে। সেয়েহে এক অৰ্থত, ভাৰত জোড়ো যাত্ৰা কেৰালাত বিৰাজ কৰা এই ধাৰণাসমূহৰে এক সম্প্ৰসাৰণ।"- তেওঁ কয়।

কেৰালাত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পদযাত্ৰীসকল প্ৰৱেশ কৰাৰ পাছৰে পৰাই ৰাজ্যখনৰ জনসাধাৰণে ব্যাপক সমৰ্থন আগবঢ়াইছে। আজি পুৱা ‘ভাৰত যাত্ৰী'সকল প্ৰায় ১১ বজাত পাটমত কিছুসময় ৰোৱাৰ পিছত সন্ধিয়া ৫ বজাত যাত্ৰা পুনৰ আৰম্ভ কৰি কাঝাকুটমত উপস্থিত হয় আৰু ইয়াতে দিনটোৰ যাত্ৰা সমাপ্ত কৰে। 

উল্লেখ্য যে কেৰালাত ভাৰত জোড়ো যাত্ৰাই ৪৫০ কিলোমিটাৰ অতিক্ৰম কৰি ৰাজ্যখনৰ মাজেৰে পাৰ হ'ব। ১৯ দিনৰ ভিতৰত ৰাজ্যখনৰ সাতখন জিলাৰ মাজেৰে যাত্ৰা কৰি ১ অক্টোবৰত কৰ্ণাটকত প্ৰৱেশ কৰিব ভাৰত যাত্ৰীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু