--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাৰ এক মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এক শেহতীয়া সাক্ষাৎকাৰত, ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই ভাৰতৰ বৈচিত্ৰ্যৰ বিষয়ে ক’বলৈ গৈ দক্ষিণ ভাৰতৰ লোকসকল  "দেখিবলৈ আফ্ৰিকান লোকৰ দৰে  ,পশ্চিমৰ লোকসকলক আৰৱৰ দৰে দেখায় আৰু পূৱত থকা লোকসকলক চীনা যেন লাগে’’ বুলি কয়৷  কংগ্ৰেছ নেতাজনৰ এনে মন্তব্যক বহুতে  বৰ্ণবাদী মন্তব্য বুলি অভিহিত কৰিছে৷  ফলত  পুনৰ বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ। 

পিত্ৰোদাই কৈছিল যে ভাৰতৰ জনসাধাৰণে "৭৫ বছৰ অতি সুখী পৰিৱেশত জীয়াই আছে , য'ত মানুহে একেলগে থাকিব পাৰে আৰু হাই-কাজিয়া এৰাই চলিব পাৰে"৷ পিত্ৰোদাই 'দ্য ষ্টেটছমেন'ক দিয়া এক সাক্ষাৎকাৰত ভাৰতীয় গণতন্ত্ৰৰ গৰিমা বৰ্ণনা কৰিবলৈ গৈ এনেদৰে কৈছিল৷  তেওঁ লগতে  কৈছিল যে ভাৰতীয়সকলে বিভিন্ন ভাষা, ধৰ্ম, খাদ্য আৰু ৰীতি-নীতিক সন্মান কৰে, যিবোৰ অঞ্চল অনুসৰি পৃথক হয়। তেওঁ কয়, "মই বিশ্বাস কৰা ভাৰতখনেই হৈছে, য'ত সকলোৰে বাবে স্থান আছে আৰু সকলোৱে অলপ আপোচ কৰি চলিব পাৰে।" ইয়াৰ আগতে, পিত্ৰোদাই আমেৰিকাত প্ৰচলিত উত্তৰাধিকাৰী কৰ ধাৰণাটোৰ বিষয়ে কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰিছিল ৷  

কংগ্ৰেছ নেতাগৰাকীৰ এনে মন্তব্যৰ পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছক তীব্ৰ  সমালোচনা কৰিছে৷   ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই  দক্ষিণ ভাৰতৰ লোকসকল  "দেখিবলৈ আফ্ৰিকান লোকৰ দৰে  ,পশ্চিমৰ লোকসকলক আৰৱৰ দৰে দেখায় আৰু পূৱত থকা লোকসকলক চীনা যেন লাগে’’ বুলি কৰা মন্তব্যক  'বৰ্ণবাদী' মন্তব্য আখ্যা দিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই এই বিষয়ত  প্ৰথমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷  মুখ্যমন্ত্ৰী শৰ্মাই এক্সত  পিত্ৰোদাক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয়, "ছেম ভাই, মই উত্তৰ-পূৰ্বাঞ্চলৰ আৰু মই দেখিবলৈ এজন ভাৰতীয়ৰ দৰে । আমি এখন বৈচিত্ৰ্যপূৰ্ণ দেশ; আমি বেলেগ দেখাব পাৰোঁ, কিন্তু আমি সকলো এক। আমাৰ দেশৰ বিষয়ে অলপ শিকক।" বিজেপি নেতা শ্বাহজাদ পুনাৱালাই পিত্ৰোদাক সমালোচনা কৰি কয়, "শব্দবোৰ আংকল ছেমৰ, কিন্তু ধাৰণাবোৰ ৰাহুল গান্ধীৰ।" উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক চীনা লোকৰ সৈতে তুলনা কৰি তেওঁ ঘৃণাৰ দোকান খুলি লোৱা বুলিও পুনাৱালাই কয়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি