--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাৰ এক মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এক শেহতীয়া সাক্ষাৎকাৰত, ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই ভাৰতৰ বৈচিত্ৰ্যৰ বিষয়ে ক’বলৈ গৈ দক্ষিণ ভাৰতৰ লোকসকল  "দেখিবলৈ আফ্ৰিকান লোকৰ দৰে  ,পশ্চিমৰ লোকসকলক আৰৱৰ দৰে দেখায় আৰু পূৱত থকা লোকসকলক চীনা যেন লাগে’’ বুলি কয়৷  কংগ্ৰেছ নেতাজনৰ এনে মন্তব্যক বহুতে  বৰ্ণবাদী মন্তব্য বুলি অভিহিত কৰিছে৷  ফলত  পুনৰ বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ। 

পিত্ৰোদাই কৈছিল যে ভাৰতৰ জনসাধাৰণে "৭৫ বছৰ অতি সুখী পৰিৱেশত জীয়াই আছে , য'ত মানুহে একেলগে থাকিব পাৰে আৰু হাই-কাজিয়া এৰাই চলিব পাৰে"৷ পিত্ৰোদাই 'দ্য ষ্টেটছমেন'ক দিয়া এক সাক্ষাৎকাৰত ভাৰতীয় গণতন্ত্ৰৰ গৰিমা বৰ্ণনা কৰিবলৈ গৈ এনেদৰে কৈছিল৷  তেওঁ লগতে  কৈছিল যে ভাৰতীয়সকলে বিভিন্ন ভাষা, ধৰ্ম, খাদ্য আৰু ৰীতি-নীতিক সন্মান কৰে, যিবোৰ অঞ্চল অনুসৰি পৃথক হয়। তেওঁ কয়, "মই বিশ্বাস কৰা ভাৰতখনেই হৈছে, য'ত সকলোৰে বাবে স্থান আছে আৰু সকলোৱে অলপ আপোচ কৰি চলিব পাৰে।" ইয়াৰ আগতে, পিত্ৰোদাই আমেৰিকাত প্ৰচলিত উত্তৰাধিকাৰী কৰ ধাৰণাটোৰ বিষয়ে কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰিছিল ৷  

কংগ্ৰেছ নেতাগৰাকীৰ এনে মন্তব্যৰ পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছক তীব্ৰ  সমালোচনা কৰিছে৷   ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই  দক্ষিণ ভাৰতৰ লোকসকল  "দেখিবলৈ আফ্ৰিকান লোকৰ দৰে  ,পশ্চিমৰ লোকসকলক আৰৱৰ দৰে দেখায় আৰু পূৱত থকা লোকসকলক চীনা যেন লাগে’’ বুলি কৰা মন্তব্যক  'বৰ্ণবাদী' মন্তব্য আখ্যা দিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই এই বিষয়ত  প্ৰথমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷  মুখ্যমন্ত্ৰী শৰ্মাই এক্সত  পিত্ৰোদাক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয়, "ছেম ভাই, মই উত্তৰ-পূৰ্বাঞ্চলৰ আৰু মই দেখিবলৈ এজন ভাৰতীয়ৰ দৰে । আমি এখন বৈচিত্ৰ্যপূৰ্ণ দেশ; আমি বেলেগ দেখাব পাৰোঁ, কিন্তু আমি সকলো এক। আমাৰ দেশৰ বিষয়ে অলপ শিকক।" বিজেপি নেতা শ্বাহজাদ পুনাৱালাই পিত্ৰোদাক সমালোচনা কৰি কয়, "শব্দবোৰ আংকল ছেমৰ, কিন্তু ধাৰণাবোৰ ৰাহুল গান্ধীৰ।" উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক চীনা লোকৰ সৈতে তুলনা কৰি তেওঁ ঘৃণাৰ দোকান খুলি লোৱা বুলিও পুনাৱালাই কয়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ