--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোগৰ বহুতো স্বাস্থ্য উপকাৰীতা আছে। এই বিষয়ে আপুনি হয়তো বহুত ভালদৰেই জানে, কিন্তু সময়ৰ অভাৱত বহুতে যোগাসন কৰাৰ পৰা বিৰত থাকে। কিন্তু আপুনি জানেনে এনে বহুতো যোগ আছে যাৰ বাবে সময়ৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে আৰু যিকোনো ঠাইতে এই যোগসমূহ কৰিব পাৰে। তেনে এটা যোগ হ’ল দুয়োখন হাতৰ‌ নখসমূহ ঘৰ্ষণ কৰা । হয়, নখ ঘঁহি দিয়াও এক যোগাসন। এই যোগ অভ্যাসৰ‌ বহু স্বাস্থ্য উপকাৰিতা আছে। বিশেষকৈ চুলিৰে নখ ঘঁহিলে বহুখিনি লাভ হ’ব পাৰে। আজি এই লেখাত আমি নখ ঘৰ্ষণৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে ক'ম।

চুলি সৰা কম হয়

নিয়মিতভাৱে দুয়ো হাতৰ নখ ঘৰ্ষণে শৰীৰত থকা Dihydrotestosterone হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ফলত চুলিৰ ভাল বৃদ্ধি হয়। লগতে সৰি পৰা আৰু নিৰ্জীৱ চুলিৰ পৰাও আপুনি মুক্তি পাব পাৰে। কেৱল এয়াই নহয়, নিয়মিতভাৱে এই কাম কৰিলে বগা চুলি, অনিদ্ৰা আদি সমস্যা কমাব পাৰি।

মানসিক চাপ দূৰ কৰে

এই যোগাসন কৰিলে ৰিফ্লেক্স’লজী ৰিফ্লেক্স এৰিয়াত হেঁচা পৰে। এই হেঁচাত শৰীৰত হোৱা বিষ আৰু মানসিক চাপ কমাব পাৰি। তদুপৰি ই মানসিক চাপও কমাব পাৰে।

তেজৰ সঞ্চালন উন্নত কৰা

নখ ঘৰ্ষণ‌ কৰিলে আমাৰ শৰীৰৰ বহু অংগই সকাহ পায়। লগতে তেজ চলাচল কৰাত সহায় কৰে। নিয়মিতভাৱে এই যোগাসন কৰিলে হাওঁফাওঁৰ সমস্যা আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হ্ৰাস কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement