--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোগৰ বহুতো স্বাস্থ্য উপকাৰীতা আছে। এই বিষয়ে আপুনি হয়তো বহুত ভালদৰেই জানে, কিন্তু সময়ৰ অভাৱত বহুতে যোগাসন কৰাৰ পৰা বিৰত থাকে। কিন্তু আপুনি জানেনে এনে বহুতো যোগ আছে যাৰ বাবে সময়ৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে আৰু যিকোনো ঠাইতে এই যোগসমূহ কৰিব পাৰে। তেনে এটা যোগ হ’ল দুয়োখন হাতৰ‌ নখসমূহ ঘৰ্ষণ কৰা । হয়, নখ ঘঁহি দিয়াও এক যোগাসন। এই যোগ অভ্যাসৰ‌ বহু স্বাস্থ্য উপকাৰিতা আছে। বিশেষকৈ চুলিৰে নখ ঘঁহিলে বহুখিনি লাভ হ’ব পাৰে। আজি এই লেখাত আমি নখ ঘৰ্ষণৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে ক'ম।

চুলি সৰা কম হয়

নিয়মিতভাৱে দুয়ো হাতৰ নখ ঘৰ্ষণে শৰীৰত থকা Dihydrotestosterone হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ফলত চুলিৰ ভাল বৃদ্ধি হয়। লগতে সৰি পৰা আৰু নিৰ্জীৱ চুলিৰ পৰাও আপুনি মুক্তি পাব পাৰে। কেৱল এয়াই নহয়, নিয়মিতভাৱে এই কাম কৰিলে বগা চুলি, অনিদ্ৰা আদি সমস্যা কমাব পাৰি।

মানসিক চাপ দূৰ কৰে

এই যোগাসন কৰিলে ৰিফ্লেক্স’লজী ৰিফ্লেক্স এৰিয়াত হেঁচা পৰে। এই হেঁচাত শৰীৰত হোৱা বিষ আৰু মানসিক চাপ কমাব পাৰি। তদুপৰি ই মানসিক চাপও কমাব পাৰে।

তেজৰ সঞ্চালন উন্নত কৰা

নখ ঘৰ্ষণ‌ কৰিলে আমাৰ শৰীৰৰ বহু অংগই সকাহ পায়। লগতে তেজ চলাচল কৰাত সহায় কৰে। নিয়মিতভাৱে এই যোগাসন কৰিলে হাওঁফাওঁৰ সমস্যা আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হ্ৰাস কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু