--°C
Loading...
Listen to Article
2 min read
80%


২২ ছেপ্টেম্বৰ ২০২২, বৃহস্পতিবাৰ

মেষ- পুৰণা বেমাৰৰ পৰা মুক্তি পাব। ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুৰ পৰা সাৱধান। পৰিয়ালক সময় দিয়ক। প্ৰেমত শুভ।

বৃষ- ঘৰুৱা কন্দল বৃদ্ধি হোৱাৰ বাবে মানসিক অশান্তি হ’ব । মাদক দ্ৰব্যৰ সেৱনৰ পৰা আঁতৰত থাকক। খাদ্যৰ প্ৰতি মনোযোগ দিব।

মিথুন- স্বাস্থ্য ভালে যাব। অপ্ৰত্যাশিতভাৱে যিকোনো ভাল খবৰ লাভ কৰিব পাৰে। সংগীৰ সৈতে সম্পৰ্কত আৰু সচেতন হওক। নতুন চাকৰিৰ যোগ আছে।

কৰ্কট- স্বাস্থ্যক লৈ চিন্তাৰ কোনো কাৰণ নাই। শিক্ষাৰ্থীৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ। কৰ্ম ক্ষেত্ৰত সন্মান লাভ কৰিব।

সিংহ- ঘৰুৱা চিন্তা বাঢ়িব। কন্যাৰ বিবাহৰ যোগ আছে। খং কমাব। কৰ্মক্ষেত্ৰলৈ পৰিৱৰ্তন আহিব। হাতলৈ ধন আহিব। কান, ডিঙিৰ বেমাৰে দেখাব দিব পাৰে।

কন্যা- সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব। বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি হ’ব। আত্মীয়ৰ লগত মনোমালিন্য হ’ব পাৰে। সংগীৰ সৈতে সময় কটাব পাৰে।

তুলা – স্বামীৰ স্বাস্থ্যই চিন্তাত পেলাব। কৰ্মক্ষেত্ৰত অভাৱনীয় সুযোগ আহিব। ব্যৱসায়িৰ বাবে দিনটো লাভজনক।

বৃশ্চিক – মূৰৰ বিষে দেখাব দিব। সম্পৰ্কবোৰক অৱহেলা নকৰিব। কৰ্মস্থানত আত্মবিশ্বাসী হ’ব। চৰকাৰী চাকৰিয়াল বাবে দিনটো মধ্যম। শিল্পীৰ বাবে শুভ।

ধনু – সংগীত শিল্পীৰ আৰ্থিক দিশত শুভ। খাদ্য সমূহ সলনি কৰিব। কৰ্মস্থলীত অনাকাংশিত পৰিৱেশ সৃষ্টি হ’ব পাৰে। ৰাজনীতিত জড়িত লোক সকলে ভাল খবৰ লাভ কৰিব।

মকৰ – দিনটো দুৰ্বল অনুভৱ কৰিব। সম্পৰ্কত চিন্তা বাঢ়িব। নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আত্মবিশ্বাসী হ’ব। খৰছৰ মাত্ৰা বৃদ্ধি পাব।

কুম্ভ -পইচাৰ লেন-দেন সাৱধানে কৰক। মনৰ প্রিয় জনক সময় দিয়ক।
অনৰ্থক চিন্তা কৰিবলৈ এৰক। নিজে ভালপোৱা কাম কৰক। ভবাৰ ধৰণে কামবোৰ নহ'বও পাৰে।

মীন – বেমাৰ ভাল হ’ব । খৰটকীয়াকৈ কোনো সিদ্ধান্ত নল’ব। স্বামী-স্ত্রীৰ মাজত শুভ। কাম-কাজক লৈ বেছি ব্যস্ত হ’ব। মাতৃৰ স্বাস্থ্য ভালে যাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু