--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জন্মদিনত কোচি মেট্ৰো কৰ্তৃপক্ষই দিলে বিশেষ উপহাৰ। কোচি মেট্ৰ' ষ্টেচনৰ জন্মদিনত যাত্ৰীসকলৰ বাবে  এটা বিশেষ প্ৰস্তাৱ দিয়া হৈছে। ১৭ জুন, ২০১৭ তাৰিখে, কোচি মেট্ৰ'ৰ নতুন পথ আৰম্ভ কৰা হৈছিল আৰু সেই বিশেষ দিনটোৰ উপলক্ষে, যাত্ৰীসকলে শুক্ৰবাৰে পাঁচ টকাৰ বিনিময়ত যাত্ৰা কৰিবলৈ সক্ষম হৈছিল, ইয়াকে লৈ যাত্ৰীসকল মেট্ৰ' কৰ্তৃপক্ষৰ সিদ্ধান্তত সুখী।

২০১৭ চনৰ ১৭ জুনৰ দিনটোতে কোচিত মেট্ৰা চলাচল আৰম্ভ হয়। সেয়েহে মেট্ৰ' কৰ্তৃপক্ষই মেট্ৰ'ৰ ভাড়া পাঁচ টকালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। কোচি মেট্ৰ' ৰে'ল কৰ্তৃপক্ষই এক বিবৃতিত কৈছিল যে টাৰ্মিনাসৰ পৰা যিকোনো ষ্টেচনলৈ যাত্ৰা কৰিবলৈ শুক্ৰবাৰে মাত্ৰ ৫ টকা মাচুল ল'ব। মেট্ৰ' কাৰ্ড কঢ়িয়াই অনা সকলৰ লগতে যিসকলে টিকট ক্ৰয় কৰে তেওঁলোকেও এই সুবিধা লাভ কৰিব বুলি জনাইছিল। ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰ কৰ্তৃপক্ষই অনলাইন প্ৰণালীৰ টিকটৰো ব্যৱস্থা কৰে। 

কোচি হৈছে দেশৰ অষ্টম চহৰ, য'ত ২০১৭ চনত মেট্ৰ' সেৱা আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত, কোচিত ১৩.৪ কিলোমিটাৰ মেট্ৰ' সেৱা আৰম্ভ কৰা হৈছিল। দেশৰ কোনো মেট্ৰ'ই পূৰ্বতে ইমান দূৰ ভ্ৰমণৰ ব্যৱস্থা কৰা নাছিল। এই মেট্ৰ' সেৱা   সম্পূৰ্ণ হ'বলৈ ৪ বছৰ আৰু ১০ দিন লাগিছিল, যি হৈছে এক ৰাষ্ট্ৰীয় অভিলেখ। কোচি মেট্ৰ'ত সৌৰ শক্তিৰ ওপৰত চলাৰ সুবিধা আছে। এই মেট্ৰ'ৰ সৰহ সংখ্যাক কৰ্মচাৰী মহিলা । 

উল্লেখ্য যে, কোচি মেট্ৰ'ই প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ যিকোনো মেট্ৰ'ক পৰাস্ত কৰিব। ইয়াত মেট্ৰ' নিয়ন্ত্ৰণ কৰিবলৈ 'যোগাযোগ আধাৰিত ৰেল নিয়ন্ত্ৰণ প্ৰযুক্তি' ব্যৱহাৰ কৰা হয়। যাৰ দ্বাৰা চালকবিহীন ৰে'ল চলাচলো সম্ভৱ। কোচি মেট্ৰ' হৈছে এক যৌথ প্ৰকল্প। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পটো ৰূপায়ণৰ বাবে সমান পৰিমাণৰ ধন প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু