--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্মৃতি ইৰাণী বৰ্তমান ৰাজনীতিত সক্ৰিয় কিন্তু এটা সময়ত তেওঁ এগৰাকী সুপৰিচিত টিভি অভিনেত্ৰী আছিল আৰু তেওঁ খ্যাতি লাভ কৰিছিল টিভি ধাৰাবাহিক 'কিউকি ছাচ ভি কভি বহু থি'ৰ পৰা, যিখন এতিয়াও আটাইতকৈ চৰ্চিত টিভি ধাৰাবাহিক। স্মৃতি এটা সময়ত মডেলিঙৰ ক্ষেত্ৰত বিখ্যাত আছিল যদিও এই টিভি ধাৰাবাহিকে তেওঁক ঘৰে ঘৰে বিখ্যাত কৰি তুলিছিল। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত স্মৃতিয়ে সেই বিগত দিনবোৰৰ কথা মনত পেলাই এটা কথা সদৰী কৰিছিল।

স্মৃতিয়ে সেই দিনবোৰৰ কথা মনত পেলাইছিল যেতিয়া তেওঁ বিয়াৰ দিনাও কাম কৰিবলগীয়া হৈছিল আৰু আনকি মাক হোৱাৰ পিছত তৃতীয় দিনাও শ্বুটিঙলৈ ঘূৰি আহিবলগীয়া হৈছিল। স্মৃতিয়ে সাক্ষাৎকাৰত কয় যে তেওঁ মাতৃ হৈ তৃতীয় দিনাই শ্বুটিঙলৈ আহিছিল। ইয়াৰ আঁৰৰ কাৰণ আছিল স্মৃতিৰ দৰিদ্ৰতা। স্মৃতিৰ মতে, সেই সময়ত তেওঁ এদিনৰ দৰমহাও হেৰুৱাব বিচৰা নাছিল। দৰিদ্ৰতাক তেওঁ জীৱনত অতি নিবিড়ভাৱে দেখিছিল। এনে পৰিস্থিতিত তেওঁ টকা উপাৰ্জনৰ এটাও সুযোগ হেৰুৱাব বিছৰা নাছিল আৰু সেয়েহে মাতৃ হোৱাৰ পিছতো তেওঁ যিমান সোনকালে পাৰে কামলৈ উভতি আহিছিল।

কিছুদিনৰ আগতে স্মৃতি ইৰাণীয়ে আন এটা কথা প্ৰকাশ কৰিছিল স্মৃতিৰ গৰ্ভপাত হোৱাৰ সময়তো তেওঁক ফোনযোগে শ্বুটিঙৰ বাবে মাতিছিল আৰু সেই অৱস্থাতো তেওঁ আহি চেটত কাম কৰিবলগীয়া হৈছিল। তেওঁৰ সহ অভিনেতা অপৰা মেহতাইও এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছিল। তেওঁ কয় যে টিভি উদ্যোগৰ সকলোৰে লগত এনেকুৱা হৈছে। ইয়াত অভিনেতাসকলৰ পৰা অধিক নিষ্ঠাৰ দাবী কৰা হয় কাৰণ ইয়াত কাৰো বাবে খণ্ড ৰৈ নাযায় আৰু দৈনিক খণ্ডবোৰৰ বাবে অবিৰতভাৱে শ্বুটিং কৰিবলগীয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান