--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্মৃতি ইৰাণী বৰ্তমান ৰাজনীতিত সক্ৰিয় কিন্তু এটা সময়ত তেওঁ এগৰাকী সুপৰিচিত টিভি অভিনেত্ৰী আছিল আৰু তেওঁ খ্যাতি লাভ কৰিছিল টিভি ধাৰাবাহিক 'কিউকি ছাচ ভি কভি বহু থি'ৰ পৰা, যিখন এতিয়াও আটাইতকৈ চৰ্চিত টিভি ধাৰাবাহিক। স্মৃতি এটা সময়ত মডেলিঙৰ ক্ষেত্ৰত বিখ্যাত আছিল যদিও এই টিভি ধাৰাবাহিকে তেওঁক ঘৰে ঘৰে বিখ্যাত কৰি তুলিছিল। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত স্মৃতিয়ে সেই বিগত দিনবোৰৰ কথা মনত পেলাই এটা কথা সদৰী কৰিছিল।

স্মৃতিয়ে সেই দিনবোৰৰ কথা মনত পেলাইছিল যেতিয়া তেওঁ বিয়াৰ দিনাও কাম কৰিবলগীয়া হৈছিল আৰু আনকি মাক হোৱাৰ পিছত তৃতীয় দিনাও শ্বুটিঙলৈ ঘূৰি আহিবলগীয়া হৈছিল। স্মৃতিয়ে সাক্ষাৎকাৰত কয় যে তেওঁ মাতৃ হৈ তৃতীয় দিনাই শ্বুটিঙলৈ আহিছিল। ইয়াৰ আঁৰৰ কাৰণ আছিল স্মৃতিৰ দৰিদ্ৰতা। স্মৃতিৰ মতে, সেই সময়ত তেওঁ এদিনৰ দৰমহাও হেৰুৱাব বিচৰা নাছিল। দৰিদ্ৰতাক তেওঁ জীৱনত অতি নিবিড়ভাৱে দেখিছিল। এনে পৰিস্থিতিত তেওঁ টকা উপাৰ্জনৰ এটাও সুযোগ হেৰুৱাব বিছৰা নাছিল আৰু সেয়েহে মাতৃ হোৱাৰ পিছতো তেওঁ যিমান সোনকালে পাৰে কামলৈ উভতি আহিছিল।

কিছুদিনৰ আগতে স্মৃতি ইৰাণীয়ে আন এটা কথা প্ৰকাশ কৰিছিল স্মৃতিৰ গৰ্ভপাত হোৱাৰ সময়তো তেওঁক ফোনযোগে শ্বুটিঙৰ বাবে মাতিছিল আৰু সেই অৱস্থাতো তেওঁ আহি চেটত কাম কৰিবলগীয়া হৈছিল। তেওঁৰ সহ অভিনেতা অপৰা মেহতাইও এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছিল। তেওঁ কয় যে টিভি উদ্যোগৰ সকলোৰে লগত এনেকুৱা হৈছে। ইয়াত অভিনেতাসকলৰ পৰা অধিক নিষ্ঠাৰ দাবী কৰা হয় কাৰণ ইয়াত কাৰো বাবে খণ্ড ৰৈ নাযায় আৰু দৈনিক খণ্ডবোৰৰ বাবে অবিৰতভাৱে শ্বুটিং কৰিবলগীয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ