--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম কৰীণা কাপুৰ খান। তেওঁৰ বহু কেইখন জনপ্ৰিয় ছবি আছে। কিন্তু আপুনি শুনি আচৰিত হ’ব যে কৰীণাই আজিলৈকে এখনো নিজৰ ছবি চোৱা নাই। এই কথা নিজে সদৰী কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে।

আপোনালোকেই জানেই যে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ ’কফী উইথ কৰণ ৮’ৰ বাবে। এতিয়ালৈকে শ্ব’টোৰ খণ্ডবোৰ যথেষ্ট বিস্ফোৰক হৈ পৰিছে। এতিয়া ইয়াৰ আগন্তুক খণ্ডটোও বৰ উপভোগ্য হ’ব। শ্ব’টোৰ পৰৱৰ্তী অতিথি হ’ল কৰীণা কাপুৰ খান আৰু আলিয়া ভাট। 
এই শ্ব’টোত কৰীণা কাপুৰ আৰু আলিয়া ভাটে বহু আমোদজনক কথা কৈছে। কৰীণাই এই অনুষ্ঠানটোত প্ৰকাশ কৰিছে যে তেওঁ কেতিয়াও নিজৰ ছবি নাচায়। অভিনেত্ৰীগৰাকীয়েও ইয়াৰ এক অতি বিশেষ কাৰণ দাঙি ধৰিছে। কৰীণাই কয় যে তেওঁ নিজকে ছবিত দেখি নাৰ্ভাছ অনুভৱ কৰে, সেইবাবেই তেওঁ নিজৰ ছবি নাচায়।

কৰীণাই কয় যে- "মই যেতিয়াই চিনেমাত নিজকে দেখা পাওঁ তেতিয়াই মোৰ বৰ অস্বস্তি অনুভৱ হয়। মোৰ কোনো এখন ছবি মই চোৱা নাই। মই অনুভৱ কৰোঁ যে মই এনে এক স্থানত আছো য'ত মই অতি সুখী, অতি শান্ত, অতি মই ষ্ট্ৰেছফ্ৰী আৰু সকলোখিনি ভালে চলি আছে।" এনে পৰিস্থিতিত মই অনুভৱ কৰোঁ যে যদি মই নিজকে চাওঁ তেন্তে মই নিজকে বিচাৰ কৰিবলৈ আৰম্ভ কৰিম।"

কৰীণাৰ কথা শুনি কাষতে বহি থকা আলিয়া যথেষ্ট আচৰিত হৈ পৰে। আলিয়াই কৰীণালৈ চাই কয় যে ''আপোনাৰ বহুত আত্মবিশ্বাস আছে।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক