--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম কৰীণা কাপুৰ খান। তেওঁৰ বহু কেইখন জনপ্ৰিয় ছবি আছে। কিন্তু আপুনি শুনি আচৰিত হ’ব যে কৰীণাই আজিলৈকে এখনো নিজৰ ছবি চোৱা নাই। এই কথা নিজে সদৰী কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে।

আপোনালোকেই জানেই যে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ ’কফী উইথ কৰণ ৮’ৰ বাবে। এতিয়ালৈকে শ্ব’টোৰ খণ্ডবোৰ যথেষ্ট বিস্ফোৰক হৈ পৰিছে। এতিয়া ইয়াৰ আগন্তুক খণ্ডটোও বৰ উপভোগ্য হ’ব। শ্ব’টোৰ পৰৱৰ্তী অতিথি হ’ল কৰীণা কাপুৰ খান আৰু আলিয়া ভাট। 
এই শ্ব’টোত কৰীণা কাপুৰ আৰু আলিয়া ভাটে বহু আমোদজনক কথা কৈছে। কৰীণাই এই অনুষ্ঠানটোত প্ৰকাশ কৰিছে যে তেওঁ কেতিয়াও নিজৰ ছবি নাচায়। অভিনেত্ৰীগৰাকীয়েও ইয়াৰ এক অতি বিশেষ কাৰণ দাঙি ধৰিছে। কৰীণাই কয় যে তেওঁ নিজকে ছবিত দেখি নাৰ্ভাছ অনুভৱ কৰে, সেইবাবেই তেওঁ নিজৰ ছবি নাচায়।

কৰীণাই কয় যে- "মই যেতিয়াই চিনেমাত নিজকে দেখা পাওঁ তেতিয়াই মোৰ বৰ অস্বস্তি অনুভৱ হয়। মোৰ কোনো এখন ছবি মই চোৱা নাই। মই অনুভৱ কৰোঁ যে মই এনে এক স্থানত আছো য'ত মই অতি সুখী, অতি শান্ত, অতি মই ষ্ট্ৰেছফ্ৰী আৰু সকলোখিনি ভালে চলি আছে।" এনে পৰিস্থিতিত মই অনুভৱ কৰোঁ যে যদি মই নিজকে চাওঁ তেন্তে মই নিজকে বিচাৰ কৰিবলৈ আৰম্ভ কৰিম।"

কৰীণাৰ কথা শুনি কাষতে বহি থকা আলিয়া যথেষ্ট আচৰিত হৈ পৰে। আলিয়াই কৰীণালৈ চাই কয় যে ''আপোনাৰ বহুত আত্মবিশ্বাস আছে।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান