--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাৰ বিষয়ে আলোচনা কৰাৰ আগতে, আমি নিজৰ ৰাজ্যৰ মহিলাসকলৰ দুৰ্দশাৰ বিষয়ে চিন্তা কৰা উচিত। নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধে এনে মন্তব্য কৰি মন্ত্ৰী পদ হেৰুৱালে এজনে। মন্ত্ৰীগৰাকীয়ে  ৰাজ্যখনত মহিলাৰ সুৰক্ষাক লৈ নিজৰ চৰকাৰৰ ফালে আঙুলি টোৱাইছিল। কেইঘণ্টামানৰ পিছতে ৰাজস্থানৰ অশোক গেহলট চৰকাৰে তেওঁক মন্ত্ৰীপদৰ পৰা আঁতৰাই দিয়ে। 

ৰাজস্থানৰ নিলম্বিত মন্ত্ৰীগৰাকী হৈছে  ৰাজেন্দ্ৰ সিং গুধা । তেওঁ ৰাজস্থানৰ সেনা কল্যাণ (স্বতন্ত্ৰ দায়িত্ব), আৰু পঞ্চায়ত তথা  গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

ৰাজস্থান বিধানসভাত নিম্নতম উপাৰ্জন গেৰাণ্টি বিধেয়ক, ২০২৩ ৰ  বিষয়ত বিতৰ্ক চলি আছিল। ইয়াৰ মাজতে মণিপুৰৰ ঘটনাটো আলোচনাৰ মাজলৈ আহিল।  কংগ্ৰেছৰ বিধায়কসকলে  মণিপুৰত  দুগৰাকী  মহিলাৰ ক্ষেত্ৰত ঘটা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ফলস্বৰূপে নিম্নতম উপাৰ্জন গেৰাণ্টি বিধেয়কৰ বিষয়ত  আলোচনা স্থগিত ৰখা হৈছিল। 

তাৰ পিছত ৰাজেন্দ্ৰ তেওঁৰ আসনৰ পৰা উঠিছিল আৰু মহিলাৰ সুৰক্ষাক লৈ নিজৰ চৰকাৰকে  প্ৰশ্ন কৰিছিল। তেওঁ কৈছিল "আমি ৰাজস্থানত মহিলাসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছো। মহিলাৰ বিৰুদ্ধে হিংসা বৃদ্ধি পাইছে। 

মণিপুৰৰ ঘটনাবোৰৰ বিষয়ে কোৱাতকৈ আমাক আত্মবিশ্লেষণৰ অধিক প্ৰয়োজন। ''
ইয়াৰ ঠিক পিছতে ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি আৰু বিজেপি বিধায়ক ৰাজেন্দ্ৰ সিং ৰাঠৌৰে মন্ত্ৰীগৰাকীৰ মন্তব্য ব্যৱহাৰ কৰি চৰকাৰক আক্ৰমণ কৰে।এনে ঘটনাৰ পিছতে ৰাজেন্দ্ৰ সিং গুধাৰ মন্ত্ৰী পদ কৰ্তন কৰা হয়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে