--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাৰ বিষয়ে আলোচনা কৰাৰ আগতে, আমি নিজৰ ৰাজ্যৰ মহিলাসকলৰ দুৰ্দশাৰ বিষয়ে চিন্তা কৰা উচিত। নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধে এনে মন্তব্য কৰি মন্ত্ৰী পদ হেৰুৱালে এজনে। মন্ত্ৰীগৰাকীয়ে  ৰাজ্যখনত মহিলাৰ সুৰক্ষাক লৈ নিজৰ চৰকাৰৰ ফালে আঙুলি টোৱাইছিল। কেইঘণ্টামানৰ পিছতে ৰাজস্থানৰ অশোক গেহলট চৰকাৰে তেওঁক মন্ত্ৰীপদৰ পৰা আঁতৰাই দিয়ে। 

ৰাজস্থানৰ নিলম্বিত মন্ত্ৰীগৰাকী হৈছে  ৰাজেন্দ্ৰ সিং গুধা । তেওঁ ৰাজস্থানৰ সেনা কল্যাণ (স্বতন্ত্ৰ দায়িত্ব), আৰু পঞ্চায়ত তথা  গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

ৰাজস্থান বিধানসভাত নিম্নতম উপাৰ্জন গেৰাণ্টি বিধেয়ক, ২০২৩ ৰ  বিষয়ত বিতৰ্ক চলি আছিল। ইয়াৰ মাজতে মণিপুৰৰ ঘটনাটো আলোচনাৰ মাজলৈ আহিল।  কংগ্ৰেছৰ বিধায়কসকলে  মণিপুৰত  দুগৰাকী  মহিলাৰ ক্ষেত্ৰত ঘটা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ফলস্বৰূপে নিম্নতম উপাৰ্জন গেৰাণ্টি বিধেয়কৰ বিষয়ত  আলোচনা স্থগিত ৰখা হৈছিল। 

তাৰ পিছত ৰাজেন্দ্ৰ তেওঁৰ আসনৰ পৰা উঠিছিল আৰু মহিলাৰ সুৰক্ষাক লৈ নিজৰ চৰকাৰকে  প্ৰশ্ন কৰিছিল। তেওঁ কৈছিল "আমি ৰাজস্থানত মহিলাসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছো। মহিলাৰ বিৰুদ্ধে হিংসা বৃদ্ধি পাইছে। 

মণিপুৰৰ ঘটনাবোৰৰ বিষয়ে কোৱাতকৈ আমাক আত্মবিশ্লেষণৰ অধিক প্ৰয়োজন। ''
ইয়াৰ ঠিক পিছতে ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি আৰু বিজেপি বিধায়ক ৰাজেন্দ্ৰ সিং ৰাঠৌৰে মন্ত্ৰীগৰাকীৰ মন্তব্য ব্যৱহাৰ কৰি চৰকাৰক আক্ৰমণ কৰে।এনে ঘটনাৰ পিছতে ৰাজেন্দ্ৰ সিং গুধাৰ মন্ত্ৰী পদ কৰ্তন কৰা হয়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস