--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ স্নেহ স্বৰ্গীয়। সকলো পুত্ৰই মাতৃক সমভাবে মৰম দিব নোৱাৰে। সেইবাবেই বহু মাতৃৰ ঠাই এতিয়া বৃদ্ধাশ্ৰম। কিন্তু ইয়াৰ মাজতো ব্যতিক্ৰম নথকা নহয়।এগৰাকী ৮৭ বছৰীয়া মাতৃক তেওঁৰ দুই পুত্ৰই কান্ধত তুলি পাৰকৃতি সৌন্দৰ্য উপভোগৰ বাবে লৈ যোৱাৰ কথাই এতিয়া বহুতোকে অভিভূত কৰি তুলিছে।  কেৰালাৰ  এই দুজন পুত্ৰই  তেওঁলোকৰ বৃদ্ধ মাতৃক কান্ধত তুলি লৈ  থিয় পাহাৰত বগাই   পশ্চিম ঘাটৰ এক বিৰল ফুল নীলাকুৰিঞ্জি  চোৱাৰ  মাতৃৰ সপোন পূৰণ কৰিছিল।

সেই ফুল বিধ  বাৰ বছৰত কেৱল এবাৰহে ফুলে।৮৭  বছৰীয়া এলিকুট্টি পলনানান ৰোগত ভুগি আছে। এদিন  তেওঁ এজন পুত্ৰক কৈছিল যে তেওঁ  বাৰ বছৰৰ মূৰত এবাৰ ফুলা নীলাকুৰিঞ্জি চাবলৈ বিচাৰে। মাতৃৰ ইচ্ছাৰ কথা জানিব পাৰি ৰৈ থকা নাছিল তেওঁৰ পুত্ৰ। বৃদ্ধাগৰাকীৰ  পুত্ৰ ৰোজন আৰু তেওঁৰ ভাতৃয়ে মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ  সত্যনে বৃদ্ধাগৰাকীক  এখন জীপততুলি  মুন্নাৰৰ ওচৰৰ কালিপাৰা পাহাৰলৈ যাত্ৰা কৰিলে। কিন্তু তাত উপস্থিত হোৱাৰ পিছতহে আচল সমস্যা আহিল। 

কাৰণ   পাহাৰ ওপৰলৈ  কোনো বাহন চলাচল কৰিব পৰা  ৰাস্তা নাই। কিন্তু দুই পুত্ৰই  মাতৃৰ সপোন পূৰণ নোহোৱালৈকে হাৰ মানিবলৈ বিচৰা নাছিল। সেয়ে  দুয়ো পুত্ৰই  বৃদ্ধা মাকক কান্ধত তুলি লৈ প্ৰায় ১.৫ কিলোমিটাৰ পাহাৰ বগাই   নীলাকুৰিঞ্জি ফুলেৰে জাতিষ্কাৰ হৈ থকা সেই  সৈতেঠাই খনত উপস্থিত হৈছিল। বেঙুনীয়া ৰঙৰ নীলাকুৰিঞ্জি  ফুলে তেতিয়া তাত দলিচা মেলি দিছিল। সেই ফুল দৰ্শন কৰি বৃদ্ধা মাতৃৰ নয়ন জুৰাই গৈছিল। জীৱনৰ এটা আশা পূৰণ হোৱা বাবে তেওঁ নিজকে ধন্য মানিছিল। 


আনহাতে দুই পুত্ৰই মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ পাই আতনন্দত আত্মহাৰা হৈ পৰিছিল।  নীলাকুৰিঞ্জি (ষ্ট্ৰোবিলান্থেছ কুন্থিয়ানা) হৈছে এক বিৰল ফুল যাক পশ্চিমঘাটত পোৱা যায় আৰু এটা নিৰ্দিষ্ট এলেকাত বাৰ বছৰত মাত্ৰ এবাৰহে ফুলে। এই ফুলৰ বাবে  বিখ্যাত  ঠাই খন  হৈছে ইডুক্কি জিলাৰ মুন্নাৰ পাহাৰীয়া কেন্দ্ৰ। মুন্নাৰত পৰৱৰ্তী নীলাকুৰিঞ্জি ফুল  ২০৩০ চনতহে ফুলিব।  তামিলনাডুৰ কোডাইকানাল, কৰ্ণাটকৰ কোডাগু আৰু কেৰালাৰ পুপপাৰাতো এইবাৰ এই ফুল  ফুলিছে। এই বছৰ নীলাকুৰিঞ্জি কৰ্ণাটকৰ চিকমাগালুৰ আৰু কেৰালাৰ কালিপাৰাতো ফুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু