--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ স্নেহ স্বৰ্গীয়। সকলো পুত্ৰই মাতৃক সমভাবে মৰম দিব নোৱাৰে। সেইবাবেই বহু মাতৃৰ ঠাই এতিয়া বৃদ্ধাশ্ৰম। কিন্তু ইয়াৰ মাজতো ব্যতিক্ৰম নথকা নহয়।এগৰাকী ৮৭ বছৰীয়া মাতৃক তেওঁৰ দুই পুত্ৰই কান্ধত তুলি পাৰকৃতি সৌন্দৰ্য উপভোগৰ বাবে লৈ যোৱাৰ কথাই এতিয়া বহুতোকে অভিভূত কৰি তুলিছে।  কেৰালাৰ  এই দুজন পুত্ৰই  তেওঁলোকৰ বৃদ্ধ মাতৃক কান্ধত তুলি লৈ  থিয় পাহাৰত বগাই   পশ্চিম ঘাটৰ এক বিৰল ফুল নীলাকুৰিঞ্জি  চোৱাৰ  মাতৃৰ সপোন পূৰণ কৰিছিল।

সেই ফুল বিধ  বাৰ বছৰত কেৱল এবাৰহে ফুলে।৮৭  বছৰীয়া এলিকুট্টি পলনানান ৰোগত ভুগি আছে। এদিন  তেওঁ এজন পুত্ৰক কৈছিল যে তেওঁ  বাৰ বছৰৰ মূৰত এবাৰ ফুলা নীলাকুৰিঞ্জি চাবলৈ বিচাৰে। মাতৃৰ ইচ্ছাৰ কথা জানিব পাৰি ৰৈ থকা নাছিল তেওঁৰ পুত্ৰ। বৃদ্ধাগৰাকীৰ  পুত্ৰ ৰোজন আৰু তেওঁৰ ভাতৃয়ে মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ  সত্যনে বৃদ্ধাগৰাকীক  এখন জীপততুলি  মুন্নাৰৰ ওচৰৰ কালিপাৰা পাহাৰলৈ যাত্ৰা কৰিলে। কিন্তু তাত উপস্থিত হোৱাৰ পিছতহে আচল সমস্যা আহিল। 

কাৰণ   পাহাৰ ওপৰলৈ  কোনো বাহন চলাচল কৰিব পৰা  ৰাস্তা নাই। কিন্তু দুই পুত্ৰই  মাতৃৰ সপোন পূৰণ নোহোৱালৈকে হাৰ মানিবলৈ বিচৰা নাছিল। সেয়ে  দুয়ো পুত্ৰই  বৃদ্ধা মাকক কান্ধত তুলি লৈ প্ৰায় ১.৫ কিলোমিটাৰ পাহাৰ বগাই   নীলাকুৰিঞ্জি ফুলেৰে জাতিষ্কাৰ হৈ থকা সেই  সৈতেঠাই খনত উপস্থিত হৈছিল। বেঙুনীয়া ৰঙৰ নীলাকুৰিঞ্জি  ফুলে তেতিয়া তাত দলিচা মেলি দিছিল। সেই ফুল দৰ্শন কৰি বৃদ্ধা মাতৃৰ নয়ন জুৰাই গৈছিল। জীৱনৰ এটা আশা পূৰণ হোৱা বাবে তেওঁ নিজকে ধন্য মানিছিল। 


আনহাতে দুই পুত্ৰই মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈ পাই আতনন্দত আত্মহাৰা হৈ পৰিছিল।  নীলাকুৰিঞ্জি (ষ্ট্ৰোবিলান্থেছ কুন্থিয়ানা) হৈছে এক বিৰল ফুল যাক পশ্চিমঘাটত পোৱা যায় আৰু এটা নিৰ্দিষ্ট এলেকাত বাৰ বছৰত মাত্ৰ এবাৰহে ফুলে। এই ফুলৰ বাবে  বিখ্যাত  ঠাই খন  হৈছে ইডুক্কি জিলাৰ মুন্নাৰ পাহাৰীয়া কেন্দ্ৰ। মুন্নাৰত পৰৱৰ্তী নীলাকুৰিঞ্জি ফুল  ২০৩০ চনতহে ফুলিব।  তামিলনাডুৰ কোডাইকানাল, কৰ্ণাটকৰ কোডাগু আৰু কেৰালাৰ পুপপাৰাতো এইবাৰ এই ফুল  ফুলিছে। এই বছৰ নীলাকুৰিঞ্জি কৰ্ণাটকৰ চিকমাগালুৰ আৰু কেৰালাৰ কালিপাৰাতো ফুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক