--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাজিৰঙাত নৈশ চাফাৰী কৰি বিতৰ্কত সাঙুৰ খাই পৰা জাগী বাসুদেৱ তথা সদগুৰুৰ বিৰুদ্ধে পুনৰ বন্যজন্তু নিৰ্যাতনৰ অভিযোগ উঠিছে। এটা বন্যজন্তু অধিকাৰ গ্ৰুপে সদগুৰুৰ বিৰুদ্ধে শেহতীয়াকৈ কৰ্ণাটকৰ বন্ বিভাগৰ ওচৰত এখনি অভিযোগ পত্ৰ দাখিল কৰিছে।

 

বিভাগীয় সূত্ৰই জনোৱা মতে, কৰ্ণাটকৰ চিক্কাবাল্লাপুৰত ৯ অক্টোবৰ তাৰিখে এটা অনুষ্ঠানত সদগুৰুৱে এডাল নিগনি ধৰা সাপ প্ৰদৰ্শন কৰিছিল। দ্যা চ’চাইটি ফৰ প্ৰিভেন্সন অৱ ক্ৰুৱেলিটি টু এনিমেলছ নামৰ উক্ত বন্যজন্তু অধিকাৰ গ্ৰুপটোৰ হৈ পৃথিৱী ৰাজ চি এনে অভিযোগ কৰে যে সদগুৰুৱে বন্যজন্তু সুৰক্ষা আইন উলংঘা কৰিছে।

 

তেওঁ লগতে কয় যে সদগুৰুৱে যিডাল সাপ প্ৰদৰ্শন কৰিছিল, সেই সাপডাল বন্যজন্তু অধিকাৰ আইনৰ ২ নং ধাৰা অনুসৰি সংৰক্ষিত। কিন্তু সদগুৰুৱে সাপডাল অত্যধিক পোহৰত দৰ্শকৰ আগত প্ৰদৰ্শন কৰি এই আইন উলংঘা কৰিছে।

 

বন্যজন্তু অধিকাৰ গ্ৰুপটোৱে অভিযোগ দাখিল কৰাৰ পাছতে সমগ্ৰ ঘটনাৱলীক লৈ বৰ্তমান তদন্ত চলি আছে। আনহাতে, সদগুৰুৰ সংস্থা ইছা ফাউণ্ডেচনে সমগ্ৰ অভিযোগসমূহ টুইটাৰযোগে নস্যাৎ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু