--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাজিৰঙাত নৈশ চাফাৰী কৰি বিতৰ্কত সাঙুৰ খাই পৰা জাগী বাসুদেৱ তথা সদগুৰুৰ বিৰুদ্ধে পুনৰ বন্যজন্তু নিৰ্যাতনৰ অভিযোগ উঠিছে। এটা বন্যজন্তু অধিকাৰ গ্ৰুপে সদগুৰুৰ বিৰুদ্ধে শেহতীয়াকৈ কৰ্ণাটকৰ বন্ বিভাগৰ ওচৰত এখনি অভিযোগ পত্ৰ দাখিল কৰিছে।

 

বিভাগীয় সূত্ৰই জনোৱা মতে, কৰ্ণাটকৰ চিক্কাবাল্লাপুৰত ৯ অক্টোবৰ তাৰিখে এটা অনুষ্ঠানত সদগুৰুৱে এডাল নিগনি ধৰা সাপ প্ৰদৰ্শন কৰিছিল। দ্যা চ’চাইটি ফৰ প্ৰিভেন্সন অৱ ক্ৰুৱেলিটি টু এনিমেলছ নামৰ উক্ত বন্যজন্তু অধিকাৰ গ্ৰুপটোৰ হৈ পৃথিৱী ৰাজ চি এনে অভিযোগ কৰে যে সদগুৰুৱে বন্যজন্তু সুৰক্ষা আইন উলংঘা কৰিছে।

 

তেওঁ লগতে কয় যে সদগুৰুৱে যিডাল সাপ প্ৰদৰ্শন কৰিছিল, সেই সাপডাল বন্যজন্তু অধিকাৰ আইনৰ ২ নং ধাৰা অনুসৰি সংৰক্ষিত। কিন্তু সদগুৰুৱে সাপডাল অত্যধিক পোহৰত দৰ্শকৰ আগত প্ৰদৰ্শন কৰি এই আইন উলংঘা কৰিছে।

 

বন্যজন্তু অধিকাৰ গ্ৰুপটোৱে অভিযোগ দাখিল কৰাৰ পাছতে সমগ্ৰ ঘটনাৱলীক লৈ বৰ্তমান তদন্ত চলি আছে। আনহাতে, সদগুৰুৰ সংস্থা ইছা ফাউণ্ডেচনে সমগ্ৰ অভিযোগসমূহ টুইটাৰযোগে নস্যাৎ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক