--°C
Loading...
Listen to Article
2 min read
80%
পোন্ধৰ আগষ্ট আমাৰ স্বাধীনতা দিৱস। কিন্তু দেশৰ স্বতন্ত্ৰতা দিৱস উদযাপনৰ বাবে দিন এটা নিৰ্বাচন কৰাৰ স্বাধীনতা আমাৰ আছিলনে? ইতিহাসে কয় আন এক কথা! ভাৰতৰ বাবে ১৫ আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰিছিল মাউণ্ট বেটেনে- সেয়াও তেওঁলোকৰ বাবে গৌৰৱেৰে স্মৰণ কৰিবলগীয়া এটা ঘটনাৰ স্মৃতিত। সেই দিনটোতে দুবছৰৰ পূৰ্বে অৰ্থাৎ ১৯৪৫ চনৰ ১৫ আগষ্টত দ্বিতীয় বিশ্বযুদ্ধত আত্মসমৰ্পণ কৰিছিল জাপানে। 

‘ফ্ৰীডম এট মিডনাইট’ত উদ্ধৃত মাউণ্ট বেটেনৰ ভাষ্য- “The date I chose came out of the blue. I chose it in reply to a question. I was determined to show I was the master of the whole event. When they asked if we had set a date, I knew it had to be soon. I hadn't worked it out exactly then — I thought it had to be about August or September, and I then went out to August 15. Why? Because it was the second anniversary of Japan's surrender.”

কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু ১৯৩০ চনৰ ২৬ জানুৱাৰীত এক ৰাজহুৱা ঘোষণাযোগে সেই দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে দেশবাসীক আহান জনাইছিল। সেইমৰ্মে ১৯৩০ চনৰ পৰা ১৯৪৭ চন পৰ্যন্ত ভাৰতে স্বাধীনতা দিৱস উদযাপন কৰিছিল ২৬ জানুৱাৰী তাৰিখে। 

অৱশেষত বছৰৰ পাছত বছৰ ধৰি চলা সংগ্ৰাম আৰু ৰক্তপাতৰ পাছত ১৯৪৭ চনত উপনিৱেশকাৰী ব্ৰিটিছে ভাৰতক মুক্ত কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯৪৮ চনৰ ৩০ জুনৰ ভিতৰত ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ব্ৰিটিছ সংসদে ভাৰতৰ অন্তিমজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্ট বেটেনক কৰ্তৃত্ব প্ৰদান কৰে। কিন্তু ক্ষমতা হস্তান্তৰৰ এই বিলম্ব মানি ল’বলৈ ৰাজী নাছিল স্বাধীনতা সংগ্ৰামী নেতাসকল। ভাৰতীয় নেতাসকলৰ দাবীৰ ওচৰত সেও মানি মাউণ্ট বেটেনে স্বাধীনতা প্ৰদানৰ দিন আগুৱাই আনিবলৈ ব্ৰিটিছ সংসদত প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱৰ ভিত্তিত ভাৰতক দুভাগ কৰি ব্ৰিটিছ শাসনৰ পৰা মুক্ত দুখন দেশ হিচাপে ঘোষণা কৰিবলৈ ব্ৰিটিছ হাউছ অব্ কমনছে ১৯৪৭ চনৰ ৪ জুলাইত ইণ্ডিয়ান ইণ্ডিপেনডেন্স বিল গ্ৰহণ কৰে। 

এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৰ্বেসৰ্বা বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ বদ্ধপৰিকৰ মাউণ্ট বেটেনে শেষত স্বাধীনতা ঘোষণাৰ বাবেও বাছি ল'লে নিজৰেই পছন্দৰ এটা দিন- ১৫ আগষ্ট, ১৯৪৭।

পল্লৱী বৰা, অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু