--°C
Loading...
Listen to Article
2 min read
80%
পোন্ধৰ আগষ্ট আমাৰ স্বাধীনতা দিৱস। কিন্তু দেশৰ স্বতন্ত্ৰতা দিৱস উদযাপনৰ বাবে দিন এটা নিৰ্বাচন কৰাৰ স্বাধীনতা আমাৰ আছিলনে? ইতিহাসে কয় আন এক কথা! ভাৰতৰ বাবে ১৫ আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰিছিল মাউণ্ট বেটেনে- সেয়াও তেওঁলোকৰ বাবে গৌৰৱেৰে স্মৰণ কৰিবলগীয়া এটা ঘটনাৰ স্মৃতিত। সেই দিনটোতে দুবছৰৰ পূৰ্বে অৰ্থাৎ ১৯৪৫ চনৰ ১৫ আগষ্টত দ্বিতীয় বিশ্বযুদ্ধত আত্মসমৰ্পণ কৰিছিল জাপানে। 

‘ফ্ৰীডম এট মিডনাইট’ত উদ্ধৃত মাউণ্ট বেটেনৰ ভাষ্য- “The date I chose came out of the blue. I chose it in reply to a question. I was determined to show I was the master of the whole event. When they asked if we had set a date, I knew it had to be soon. I hadn't worked it out exactly then — I thought it had to be about August or September, and I then went out to August 15. Why? Because it was the second anniversary of Japan's surrender.”

কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু ১৯৩০ চনৰ ২৬ জানুৱাৰীত এক ৰাজহুৱা ঘোষণাযোগে সেই দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে দেশবাসীক আহান জনাইছিল। সেইমৰ্মে ১৯৩০ চনৰ পৰা ১৯৪৭ চন পৰ্যন্ত ভাৰতে স্বাধীনতা দিৱস উদযাপন কৰিছিল ২৬ জানুৱাৰী তাৰিখে। 

অৱশেষত বছৰৰ পাছত বছৰ ধৰি চলা সংগ্ৰাম আৰু ৰক্তপাতৰ পাছত ১৯৪৭ চনত উপনিৱেশকাৰী ব্ৰিটিছে ভাৰতক মুক্ত কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯৪৮ চনৰ ৩০ জুনৰ ভিতৰত ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ব্ৰিটিছ সংসদে ভাৰতৰ অন্তিমজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্ট বেটেনক কৰ্তৃত্ব প্ৰদান কৰে। কিন্তু ক্ষমতা হস্তান্তৰৰ এই বিলম্ব মানি ল’বলৈ ৰাজী নাছিল স্বাধীনতা সংগ্ৰামী নেতাসকল। ভাৰতীয় নেতাসকলৰ দাবীৰ ওচৰত সেও মানি মাউণ্ট বেটেনে স্বাধীনতা প্ৰদানৰ দিন আগুৱাই আনিবলৈ ব্ৰিটিছ সংসদত প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱৰ ভিত্তিত ভাৰতক দুভাগ কৰি ব্ৰিটিছ শাসনৰ পৰা মুক্ত দুখন দেশ হিচাপে ঘোষণা কৰিবলৈ ব্ৰিটিছ হাউছ অব্ কমনছে ১৯৪৭ চনৰ ৪ জুলাইত ইণ্ডিয়ান ইণ্ডিপেনডেন্স বিল গ্ৰহণ কৰে। 

এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৰ্বেসৰ্বা বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ বদ্ধপৰিকৰ মাউণ্ট বেটেনে শেষত স্বাধীনতা ঘোষণাৰ বাবেও বাছি ল'লে নিজৰেই পছন্দৰ এটা দিন- ১৫ আগষ্ট, ১৯৪৭।

পল্লৱী বৰা, অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ