--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

দেশত এতিয়া স্বাধীনতা দিৱসৰ পাৰভঙা উচাহ৷ বিভিন্ন প্ৰান্তত গৌৰৱৰে উজ্জ্বলি আছে ত্ৰিৰংগা। ইয়াৰ মাজতে বিতৰ্কৰ সৃষ্টি কৰিছে জম্মু -কাশ্মীৰৰ শেষ গৰাকী মুখমন্ত্ৰী মেহবুবা মুফটিৰ মন্তব্যই৷

উল্লেখযোগ্য যে, মেহবুবা মুফটি পিপলছ্ ডেমক্ৰেটিক পাৰ্টিৰ মুখ্য নেতা। আৰু স্বাধীনতা দিৱসৰ দিনাই ভাৰতীয় জনতা পাৰ্টিক আক্ৰমণৰ লক্ষ্য কৰি ল’লে নেত্ৰী গৰাকীয়ে৷

আজি মেহবুবা মুফটিয়ে টুইট কৰে এখন বিশেষ ফটো৷ এই ফটোখন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক ত্ৰিৰংগা আৰু জম্মু-কাশ্মীৰৰ পতাকাৰ মাজত থিয় হৈ থকা দেখা গৈছে৷ 

এই বিশেষ ফটোখনৰ তলত মেহবুবা মুফটিয়ে মন্তব্য কৰি লিখিখে, বিজেপিৰ বিভাজনকাৰী নীতি সফল কৰিবলৈ যেনেকৈ জম্মু-কাশ্মীৰৰ আজাদ পতাকাখন নিচিহ্ন কৰা হ’ল, ঠিক তেনেকৈ ভাৰতবৰ্ষৰ  পতাকাৰ প্ৰত্যেকটো আধাৰ সংকটত আছে৷” 

সমান্তৰালভাৱে ২০১৯ চনত বিজেপি চৰকাৰে ভাৰতৰ সংবিধানৰ পৰা পৃথক কৰা ৩৭০ অনুচ্ছেদলৈয়ো মুকলি সমৰ্থন আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে৷ 

ইয়াৰোপৰি, টুইটাৰত এটি বিশেষ ভিডিঅ’ শ্বেয়াৰ মেহবুবা মুফুটিয়ে অভিযোগ কৰে যে ,বিজেপি চৰকাৰে কাশ্মীৰী সকলক ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ আৰু ত্ৰিৰংগা সমদলত ভাগ ল’বলৈ ভাবুকি প্ৰদান কৰিছে৷” 

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰত এইয়াও স্মৰণ কৰে যে ,কিছুমান নিৰ্দিষ্ট চৰ্ত যেনে , সাংবিধানিক নিৰ্ভৰযোগ্যতা  আৰু পৃথক সংবিধানৰ বিনিময়তহে  ১৯৪৭ চনত জম্মু-কাশ্মীৰৰ লোকসকলে ভাৰতৰ জাতীয় পতাকাখন গ্ৰহণ কৰিছিল৷ 

দেশৰ ৰাজনীতিত এতিয়া বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে মুফটিৰ মন্তব্যয়ে৷ মুফটিৰ যুক্তিক বিজেপি দলৰ নেতা সকলে কেনেদৰে খণ্ডন কৰে সেইয়া লক্ষ্যণীয় হ’ব। 


যি সময়ত “এক ভাৰতবৰ্ষ”ৰ কথা কৈ আজাদী কা অমৃত মহোৎসৱ পালন কৰা হৈছে সেইসময়ত মেহবুবা মুফটিৰ মন্তব্য যথেষ্ট উদ্বেগজনক৷ 
মুফটিৰ এই মন্তব্যয়ে এতিয়া জোঁকাৰি গৈছে সামজিক প্ৰচাৰ মাধ্যম সমূহ৷ স্বাধীনতা দিৱসৰ দিনাই মুফটিয়ে তোলা অভিযোগ সমূহক বিভাজনকাৰী আখ্যা দিছে বহুতে৷ আনহাতে বহুতে প্ৰশংসা কৰিছে মেহবুবা মুফটিৰ এনে স্পষ্টবাদিতাক ৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ