--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশজুৰি ‘আজাদি কা অমৃত মহোৎসৱ’ উদযাপন কৰা হৈছে। ইয়াৰ অধীনত ‘হৰ ঘৰ তিৰংগা’ অভিযান আৰম্ভ কৰা হৈছে। যাৰ বাবে মানুহে নিজ নিজ ঘৰ আৰু কাৰ্যালয়ত পতাকা লগাইছে। অতি দুখৰ খবৰ যে, ঝাৰখণ্ডৰ ৰাঁচীত ঘৰৰ চাদত ত্ৰিৰংগা লগাই থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয়। সম্পৰ্কত তিনিও ভাই-ভনী। 

ৰাঁচীৰ কাংকেৰ আৰ্ছান্দেত ঘৰৰ চাদত ত্ৰিৰংগা লগাওঁতে সংঘটিত হয় এই দুখজনক দুৰ্ঘটনা। ত্ৰিৰংগা লগাই থকা অৱস্থাতে এজন ভাতৃ আৰু দুগৰাকী ভগ্নীৰ মৃত্যু হয়। মৃত বিনীত ঝা, আৰতি ঝা আৰু পূজা ঝা আছিল ভাই-ভনী। পূজা আৰু বিনীত একে মাতৃৰ ভাই-ভনী হোৱাৰ বিপৰীতে আৰতি আছিল খুড়াকৰ কন্যা। তিনিগৰাকী ভাতৃ-ভগ্নীৰ মৃত্যুত পৰিয়ালটোত দুখৰ পাহাৰ ভাগি পৰিছে।

বিনীতে বি এ পঢ়ি আছিল। এম এ পাছ কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল আৰতিয়ে। বিনীতে ঘৰৰ চাদত লোহাৰ ৰডেৰে পতাকা বন্ধাৰ কাম কৰি আছিল। বৰষুণৰ বাবে ঘৰ আৰু লোহাৰ ৰড তিতি আছিল। পতাকাখন লগোৱা ৰডডালত বিদ্যুতৰ হাই টেনচনৰ তাঁৰৰ লাগি আছিল।

হাই টেনচন তাঁৰৰ সংস্পৰ্শৰ বাবে বিনীতৰ শৰীৰত বিদ্যুৎ প্ৰবাহিত হয়।বিনীতৰ চিঞৰ শুনি পূজা আৰু আৰতি চাদলৈ দৌৰি আহে। বিনীতক বচাবলৈ যাওতে তেওঁলোকৰ দেহতো বিদ্যুৎ প্ৰবাহিত হয়। ঘটনাৰ সময়ত ঘৰটোত উপস্থিত আছিল বিনীত,পূজাৰ মাতৃ শান্তি দেৱী, আৰতিৰ মাতৃ ধৰ্মশীলা দেৱী আৰু আইতাক সুগাৱতী দেৱী। পাছত তিনিওজনকে কাংকে সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াত তিনিওজনকে চিকিৎসকে মৃত ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে তিনিওৰে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয়, ‘ৰাঁচীৰ কাংকেত ঘৰৰ চাদত ত্ৰিৰংগা পতাকা স্থাপন কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো। ভগৱানে তেওঁলোকৰ বিদেহ আত্মাক শান্তি প্ৰদান কৰক। ভগৱানে শোকসন্তপ্ত পৰিয়ালটোক এই দুখ সহিবলৈ শক্তি প্ৰদান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু