--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশজুৰি ‘আজাদি কা অমৃত মহোৎসৱ’ উদযাপন কৰা হৈছে। ইয়াৰ অধীনত ‘হৰ ঘৰ তিৰংগা’ অভিযান আৰম্ভ কৰা হৈছে। যাৰ বাবে মানুহে নিজ নিজ ঘৰ আৰু কাৰ্যালয়ত পতাকা লগাইছে। অতি দুখৰ খবৰ যে, ঝাৰখণ্ডৰ ৰাঁচীত ঘৰৰ চাদত ত্ৰিৰংগা লগাই থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয়। সম্পৰ্কত তিনিও ভাই-ভনী। 

ৰাঁচীৰ কাংকেৰ আৰ্ছান্দেত ঘৰৰ চাদত ত্ৰিৰংগা লগাওঁতে সংঘটিত হয় এই দুখজনক দুৰ্ঘটনা। ত্ৰিৰংগা লগাই থকা অৱস্থাতে এজন ভাতৃ আৰু দুগৰাকী ভগ্নীৰ মৃত্যু হয়। মৃত বিনীত ঝা, আৰতি ঝা আৰু পূজা ঝা আছিল ভাই-ভনী। পূজা আৰু বিনীত একে মাতৃৰ ভাই-ভনী হোৱাৰ বিপৰীতে আৰতি আছিল খুড়াকৰ কন্যা। তিনিগৰাকী ভাতৃ-ভগ্নীৰ মৃত্যুত পৰিয়ালটোত দুখৰ পাহাৰ ভাগি পৰিছে।

বিনীতে বি এ পঢ়ি আছিল। এম এ পাছ কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল আৰতিয়ে। বিনীতে ঘৰৰ চাদত লোহাৰ ৰডেৰে পতাকা বন্ধাৰ কাম কৰি আছিল। বৰষুণৰ বাবে ঘৰ আৰু লোহাৰ ৰড তিতি আছিল। পতাকাখন লগোৱা ৰডডালত বিদ্যুতৰ হাই টেনচনৰ তাঁৰৰ লাগি আছিল।

হাই টেনচন তাঁৰৰ সংস্পৰ্শৰ বাবে বিনীতৰ শৰীৰত বিদ্যুৎ প্ৰবাহিত হয়।বিনীতৰ চিঞৰ শুনি পূজা আৰু আৰতি চাদলৈ দৌৰি আহে। বিনীতক বচাবলৈ যাওতে তেওঁলোকৰ দেহতো বিদ্যুৎ প্ৰবাহিত হয়। ঘটনাৰ সময়ত ঘৰটোত উপস্থিত আছিল বিনীত,পূজাৰ মাতৃ শান্তি দেৱী, আৰতিৰ মাতৃ ধৰ্মশীলা দেৱী আৰু আইতাক সুগাৱতী দেৱী। পাছত তিনিওজনকে কাংকে সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াত তিনিওজনকে চিকিৎসকে মৃত ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে তিনিওৰে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয়, ‘ৰাঁচীৰ কাংকেত ঘৰৰ চাদত ত্ৰিৰংগা পতাকা স্থাপন কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো। ভগৱানে তেওঁলোকৰ বিদেহ আত্মাক শান্তি প্ৰদান কৰক। ভগৱানে শোকসন্তপ্ত পৰিয়ালটোক এই দুখ সহিবলৈ শক্তি প্ৰদান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ