--°C
Loading...
Listen to Article
2 min read
80%
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো নাট্যপ্ৰেমীয়ে ‘গোল্ডেন ভয়েচ’ আখ্যা দিয়া, পঞ্চাশৰ দশকৰ শেষৰ ফালে কলকাতাৰ বাংলা কাকত ‘আজকাল’ত ‘বাংলাৰ বক্ষে এক্‌টি নতুন তাৰা আসামেৰ মহানন্দ শৰ্মা’ শিৰোনামাৰে নাট্যপ্ৰেমী কলকতাবাসীৰ হিয়াৰ আমঠু হোৱা মহানন্দ শৰ্মাই ২০১৫ চনৰ ২০ জুন তাৰিখে জীৱন নাটৰ সামৰণি মাৰিছিল৷ মহানন্দ শৰ্মা স্মৃতি হৈ গ’ল৷ ২০ জুন আকৌ এবাৰ শোকৰ দিন হিচাপে চিহ্নিত হ’ল৷

জীৱনৰ মঞ্চত নিতৌ স্বভাৱসূলভ সৰলতাৰে আনৰ অন্তৰ জয় কৰিব পৰা অভিনেতাগৰাকী আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হিয়াৰ আমঠু৷ সেয়ে হয়তো ৰাভাদেৱৰ মৃত্যু দিৱসৰ দিনাই কলাগুৰুৰ স্নেহাস্পদ চিৰসেউজ মহানন্দ শৰ্মাই ইহ সংসাৰৰ পৰা গুচি গ’ল প্ৰিয়জনৰ ওচৰলৈ৷

মহানন্দ শৰ্মা আছিল ভ্ৰাম্যমাণৰ গ্লেমাৰাচ শিল্পী, নায়কৰ নায়ক৷ নটসূৰ্য্য ফণী শৰ্মা, বিষ্ণু ৰাভা আদি কৰি যিসকলে অভিনয়ক মাত্ৰা প্ৰদান কৰি, অভিনয়ৰ যাত্ৰাপথ নিৰ্ণয় কৰিলে, সেইসকলৰ উত্তৰসুৰী আৰু এতিয়া পূৰ্বসুৰী৷ ফণী শৰ্মাৰ পিছতেই আছিল তেওঁৰ কণ্ঠ৷

এওঁ আছিল বহুমুখী প্ৰতিভাৰ প্ৰতীক, এওঁৰ দৰে শিল্পী একক আৰু অনন্য৷ ত্যাগ আৰু সংগ্ৰাম তেওঁৰ শিল্পীসত্বাৰ ভূষণ হৈ পৰে৷ ভ্ৰাম্যমাণ নাটকক অসমৰ সাংস্কৃতিক মাৰ্গৰ এক অবিচ্ছিন্ন অংগৰূপে, এক সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰূপে গঢ়ি তোলাৰ পথত যিকেইগৰাকী পথিকৃৎ ব্যক্তিৰ নাম থ’ব লাগিব তাৰে সুদক্ষ অন্যতম হ’ল ‘মহানন্দ শৰ্মা’৷ এওঁ মঞ্চ পৰিচালকো আছিল৷ সূক্ষ্ম বিশে¡ষণ, পাৰস্পৰিক সহযোগিতা, গভীৰ ৰসবোধ, স্বাভাৱিক স্বতঃস্ফূৰ্ত অভিনয়ৰ সাত্বিকতা, বুদ্ধিমত্তা, প্ৰত্যুৎপন্নমতিতা আদি গুণৰ গৰাকী আছিল চিৰসেউজ অভিনেতাজন৷ এওঁৰ অভিনয় শিকন পদ্ধতিটোৱেই আছিল বেলেগ৷ অখ্যাত অভিনয় শিল্পীক বিখ্যাত কৰাব পাৰিছিল৷

এই পৃথিৱীত এনে সৌভাগ্যবান লোক হয়তো কমেই আছে, যাৰ শিক্ষা আৰু পেচা একেটাই৷ মহানন্দ শৰ্মা ইয়াৰ জলন্ত উদাহৰণ৷

মহানন্দ শৰ্মাৰ মৃত্যুত ভ্ৰাম্যমাণ জগতৰ এটা পৃষ্ঠা নোহোৱা হৈ গ’ল৷ তেওঁ দি থৈ যোৱা অৰিহণাখিনিয়ে আমাৰ জাতীয় জীৱনক, নৱ-প্ৰজন্মক নিশ্চিতভাৱে আগুৱাই নিব৷

আজি নৱতম মৃত্যু দিৱসত ‘চিৰসেউজ’ অভিনেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদিছো৷

ৰীণা শৰ্মা
৯৭০৭৭৪৩৮৯৬

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু