--°C
Loading...
Listen to Article
2 min read
80%
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো নাট্যপ্ৰেমীয়ে ‘গোল্ডেন ভয়েচ’ আখ্যা দিয়া, পঞ্চাশৰ দশকৰ শেষৰ ফালে কলকাতাৰ বাংলা কাকত ‘আজকাল’ত ‘বাংলাৰ বক্ষে এক্‌টি নতুন তাৰা আসামেৰ মহানন্দ শৰ্মা’ শিৰোনামাৰে নাট্যপ্ৰেমী কলকতাবাসীৰ হিয়াৰ আমঠু হোৱা মহানন্দ শৰ্মাই ২০১৫ চনৰ ২০ জুন তাৰিখে জীৱন নাটৰ সামৰণি মাৰিছিল৷ মহানন্দ শৰ্মা স্মৃতি হৈ গ’ল৷ ২০ জুন আকৌ এবাৰ শোকৰ দিন হিচাপে চিহ্নিত হ’ল৷

জীৱনৰ মঞ্চত নিতৌ স্বভাৱসূলভ সৰলতাৰে আনৰ অন্তৰ জয় কৰিব পৰা অভিনেতাগৰাকী আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হিয়াৰ আমঠু৷ সেয়ে হয়তো ৰাভাদেৱৰ মৃত্যু দিৱসৰ দিনাই কলাগুৰুৰ স্নেহাস্পদ চিৰসেউজ মহানন্দ শৰ্মাই ইহ সংসাৰৰ পৰা গুচি গ’ল প্ৰিয়জনৰ ওচৰলৈ৷

মহানন্দ শৰ্মা আছিল ভ্ৰাম্যমাণৰ গ্লেমাৰাচ শিল্পী, নায়কৰ নায়ক৷ নটসূৰ্য্য ফণী শৰ্মা, বিষ্ণু ৰাভা আদি কৰি যিসকলে অভিনয়ক মাত্ৰা প্ৰদান কৰি, অভিনয়ৰ যাত্ৰাপথ নিৰ্ণয় কৰিলে, সেইসকলৰ উত্তৰসুৰী আৰু এতিয়া পূৰ্বসুৰী৷ ফণী শৰ্মাৰ পিছতেই আছিল তেওঁৰ কণ্ঠ৷

এওঁ আছিল বহুমুখী প্ৰতিভাৰ প্ৰতীক, এওঁৰ দৰে শিল্পী একক আৰু অনন্য৷ ত্যাগ আৰু সংগ্ৰাম তেওঁৰ শিল্পীসত্বাৰ ভূষণ হৈ পৰে৷ ভ্ৰাম্যমাণ নাটকক অসমৰ সাংস্কৃতিক মাৰ্গৰ এক অবিচ্ছিন্ন অংগৰূপে, এক সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰূপে গঢ়ি তোলাৰ পথত যিকেইগৰাকী পথিকৃৎ ব্যক্তিৰ নাম থ’ব লাগিব তাৰে সুদক্ষ অন্যতম হ’ল ‘মহানন্দ শৰ্মা’৷ এওঁ মঞ্চ পৰিচালকো আছিল৷ সূক্ষ্ম বিশে¡ষণ, পাৰস্পৰিক সহযোগিতা, গভীৰ ৰসবোধ, স্বাভাৱিক স্বতঃস্ফূৰ্ত অভিনয়ৰ সাত্বিকতা, বুদ্ধিমত্তা, প্ৰত্যুৎপন্নমতিতা আদি গুণৰ গৰাকী আছিল চিৰসেউজ অভিনেতাজন৷ এওঁৰ অভিনয় শিকন পদ্ধতিটোৱেই আছিল বেলেগ৷ অখ্যাত অভিনয় শিল্পীক বিখ্যাত কৰাব পাৰিছিল৷

এই পৃথিৱীত এনে সৌভাগ্যবান লোক হয়তো কমেই আছে, যাৰ শিক্ষা আৰু পেচা একেটাই৷ মহানন্দ শৰ্মা ইয়াৰ জলন্ত উদাহৰণ৷

মহানন্দ শৰ্মাৰ মৃত্যুত ভ্ৰাম্যমাণ জগতৰ এটা পৃষ্ঠা নোহোৱা হৈ গ’ল৷ তেওঁ দি থৈ যোৱা অৰিহণাখিনিয়ে আমাৰ জাতীয় জীৱনক, নৱ-প্ৰজন্মক নিশ্চিতভাৱে আগুৱাই নিব৷

আজি নৱতম মৃত্যু দিৱসত ‘চিৰসেউজ’ অভিনেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদিছো৷

ৰীণা শৰ্মা
৯৭০৭৭৪৩৮৯৬

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ