--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মছুৰ দাইল ভাৰতৰ জনপ্ৰিয় খাদ্য। ইয়াক প্ৰটিনৰ ভাল উৎস বুলি গণ্য কৰা হয়। যিসকল নিৰামিষভোজীয়ে কণী, মাংস আৰু মাছ নাখায় তেওঁলোকৰ বাবে মচুৰ দাইল এটা ভাল প্ৰটিনৰ বিকল্প। ইয়াৰ উপৰিও মছুৰ দাইলৰ স্বাস্থ্যৰ আন বহুতো উপকাৰো আছে, যাৰ বিষয়ে আমি আজি জনাম।

প্ৰটিনৰ ভাল উৎস

মছুৰ দাইলত প্ৰটিন বেছি থাকে, একাপ সিজোৱা মছুৰ দাইলতত প্ৰায় ১৮ গ্ৰাম প্ৰটিন থাকে। নিৰামিষভোজীৰ বাবে এইটো এটা ভাল প্ৰটিন বিকল্প।

আঁহৰ ভাল উৎস

মচুৰ দাইলত আঁহৰ পৰিমাণো বেছি। একাপ সিজোৱা মছুৰ দাইলতত প্ৰায় ১৫ গ্ৰাম আঁহ থাকে। আঁহে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী

মছুৰ দাইলত আঁহ, পটাছিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে যিবোৰ হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী। এই পুষ্টিকৰ উপাদানসমূহে ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে, কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

ডায়েবেটিছত উপকাৰী

মছুৰ দাইলত অধিক পৰিমাণৰ আঁহ থাকে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে। আঁহে খাদ্যত থকা কাৰ্বহাইড্ৰেটৰ শোষণ লেহেমীয়া কৰাত সহায় কৰিব পাৰে, যাৰ ফলত তেজৰ চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি হোৱাত বাধা দিয়ে।

কেন্সাৰৰ সম্ভাৱনা হ্ৰাস পায়

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে মচুৰ দাইল সেৱন কৰিলে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। মছুৰ দাইলত এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পূৰ্বে জ্বলিছে বাংলাদেশ
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত