--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব কঁঠাল দিৱস। প্ৰতি বছৰে ৪ জুলাইত জেকফ্ৰুট ডে অৰ্থাৎ কঁঠাল দিৱস পালন কৰা হয়। ফল আৰু ইয়াৰ প্ৰকৃতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে Jackfruitday.com য়ে Jackfruit Dayৰ সৃষ্টি কৰিছিল। এই ফলটোৱে সমগ্ৰ বিশ্বৰ বহু লোকৰ খাদ্য জীৱনশৈলীত পৰিৱৰ্তন সাধন কৰে বুলি বিশ্বাস কৰা হয়। কঁঠালৰ স্বাস্থ্য গুণাগুণ প্ৰচাৰ কৰাৰ বাবেই কঁঠাল দিৱস পালন কৰা হয়। 

কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ জাতীয় ফল আৰু ভাৰতৰ তামিলনাডু আৰু কেৰেলাৰ ৰাজ্যিক ফল৷ অসমতো কঁঠালৰ বিশেষ সমাদৰ আছে। ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। অসমৰো প্ৰায় ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। 

কঁঠাল বৰ্ষা কালৰ সুস্বাদু ৰসাল ফল। কঁঠাল গছ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠাল মুচিৰে অতি সোৱাদযুক্ত ব্যঞ্জন ৰন্ধা হয়। কঁঠাল ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। 

কঁঠালৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১)কঁঠালে মানৱ দেহক ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে।

২)কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৩)কঁঠালে ৰক্তচাপ নিয়ন্ত্রণ আৰু সুস্থ কলেষ্টেৰলৰ মাত্রা দেহত বজায় ৰখাত সহায় কৰে।

৪)পুষ্টিকৰ তত্বৰে সমৃদ্ধ কঁঠালে মানুহৰ ছাল সুন্দৰ আৰু নিমজ কৰে।

৫) কঁঠালত থকা এন্টিঅক্সিডেন্টবোৰে শৰীৰত ​​শর্কৰাৰ মাত্ৰা এটি সুষম স্তৰলৈ উন্নীত কৰে।

৬) কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে। যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

৭)পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

৮)কঁঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।

৯)কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

১০)কঁঠালত খনিজ পদাৰ্থবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তহীনতা ৰোগ প্ৰতিৰোধ কৰে।

১১)পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

১২)কঁঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

১৩)কঁঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।

১৪)কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী।

১৫)কঁঠালত যথেষ্ট পৰিমাণে কাৰ্ব’হাইড্ৰেট আৰু কেল’ৰি থাকে। ই ফ্ৰুক্ট’জ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাৱে শক্তি লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ