--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতি সলনিৰ ইংগিত বহন কৰিছে বিহাৰৰ সাম্প্ৰতিক ৰাজনীতিয়ে৷ বিজেপিৰে মধুচন্দ্ৰিকাৰ অন্ত পেলাই বিহাৰৰ ৰাজনীতিত নিজস্বতা অব্যাহত ৰখাৰ অংগীকাৰ গ্ৰহণ কৰিছে বৰ্ষীয়ান ৰাজনীতিবিদ নীতিশ কুমাৰে৷ যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ  আগ্ৰাসী ৰাজনীতিক কিক্ আউট কৰি তেজস্বী যাদৱৰে হাত মিলালে নীতিশ কুমাৰে৷ ইতিমধ্যে, জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰ মহাজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হৈছে৷

সৌ সিদিনালৈ বিজেপিৰে মিত্ৰতাত থাকোঁতে চকুৰ কূটা দাঁতৰ শাল হৈ পৰা তেজস্বীৰ কান্ধত হাত থৈয়েই বিহাৰৰ পৰৱৰ্তী ৰাজনীতিত খোজ আগুৱাব বিচাৰিছে দীৰ্ঘকালৰ সক্ৰিয় নেতা নীতিশ কুমাৰে৷ আজি পুৱাৰেপৰা বিহাৰৰ ৰাজনীতিত দৃষ্টিনিবদ্ধ হৈ আছে দেশবাসীৰ৷ বিজেপিৰ মিত্ৰতা ছেদ কৰি আৰ জে ডি-ক নতুন মিত্ৰ কৰি বিহাৰত নিজৰ আধিপত্য আৰু প্ৰভুত্বক যেন অক্ষুণ্ণ ৰাখিলে নীতিশ কুমাৰে৷

অৱধাৰিতভাৱেই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি ৰাজনীতিৰ সলনিৰ ইংগিত দিলে নীতিশ কুমাৰে৷ দেশৰ ৰাজনীতিৰ অবিসম্বাদী সম্ৰাট লালু প্ৰসাদ যাদৱৰ বাসভৱনৰ পৰাই এতিয়া পৰৱৰ্তী সিদ্ধান্ত ঘোষণা কৰিব লালুতনয় তেজস্বী আৰু নীতিশ কুমাৰে৷ সমুখত তিনিটা সম্ভাৱনা এইমুহূৰ্তত দেখা গৈছে৷

এক) নিজে পুনৰ মুখ্যমন্ত্ৰী হৈ তেজস্বীক উপ-মুখ্যমন্ত্ৰী পাতি বিহাৰত বিজেপিৰ নাম্বাৰ গেইম পলিটিক্স বন্ধ কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে নীতিশ কুমাৰে৷

দুই) তেজস্বীক মুখ্যমন্ত্ৰী ঘোষণা কৰি ত্যাগৰ ৰাজনীতিৰে এক নজিৰ স্থাপন কৰিব পাৰে নীতিশ কুমাৰে৷

তিনি) নতুন মিত্ৰ তেজস্বীক মুখ্যমন্ত্ৰী পাতি হয়তো নীতিশ কুমাৰ হৈ পৰিব পাৰে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ ব্ৰেণ্ড ফিগাৰ৷ আৰু লোকসভাক লক্ষ্য কৰিয়েই আচম্বিতে পুৰণি মিতিৰৰ ঘৰ সলাই লালুক ভাৰসা কৰি দুখোজ আগলৈ খোজ আগবঢ়াইছে নীতিশ কুমাৰে৷

নীতিশ কুমাৰে বিজেপিৰে মিত্ৰতাৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁৰ বিধায়কসকলক সাক্ষাৎ কৰিছিল। তেওঁ কিছুসময়ৰ পূৰ্বে ৰাজ্যপালক পদত্যাগ-পত্ৰ দাখিল কৰে৷ ৰাজ্যপালক পদত্যাগ-পত্ৰ দাখিল কৰিয়ে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে, ‘মই পদত্যাগ কৰিছোঁ আৰু মই মোৰ বিধায়কসকলক এই বিষয়ে অৱগত কৰিছোঁ৷

তেওঁ বিৰোধী নেতা তেজস্বী যাদৱৰ সৈতে দ্বিতীয়বাৰৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰি নতুন কাৰ্যকাল বিচাৰিব।

কংগ্ৰেছৰ দৰে আন দলবোৰে এই নতুন মিত্ৰতাত যোগদান কৰিব বুলি আশা কৰা হৈছে। জানিব পৰা মতে, কিছু সময়ৰ পাছতে দিল্লীলৈ ৰাওনা হব বিহাৰৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷ দিল্লীত ছোনিয়া-ৰাহুলক সাক্ষাৎ কৰি পৰৱৰ্তী ৰণকৌশল গ্ৰহণ কৰিব নীতিশ কুমাৰে৷ ইতিমধ্যে, কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ পদ আৰু তিনিৰ পৰা চাৰিগৰাকী কংগ্ৰেছ বিধায়কৰ মন্ত্ৰিত্ব বিচাৰিছে৷

আনহাতে, এই ঘটনাৰ পাছতেই বিজেপিৰ বৰঘৰতো লাগিছে হাহাকাৰ৷ ইতিমধ্যে, পাটনালৈ উৰা মাৰিছে সুশীল কুমাৰ মোডী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ।

বিহাৰৰ একক বৃহত্তম দল ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিয়েও আজি বিহাৰ সংকটৰ বিষয়ে আলোচনা কৰিবলৈ মিলিত হয়। দলটোৰ নেতৃত্ব দিছে তেজস্বী যাদৱে। দলটোৱে নীতিশ কুমাৰৰ প্ৰতি আনুষ্ঠানিকভাৱে সমৰ্থন ঘোষণা কৰিব বুলি আশা কৰা হৈছে, লগতে আশা কৰা ৰৈছে নীতিশ কুমাৰৰে পূৰ্বৰ মিত্ৰতাক পুনৰুজ্জীৱিত কৰিব (অংশীদাৰীত্ব তিনি বছৰতকৈও কম সময় ধৰি চলিছিল)।

সূত্ৰ অনুসৰি তেজস্বী যাদৱে নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে কাম কৰিব। ২০১৭ চনলৈকে, তেজস্বী যাদৱ নীতিশ কুমাৰৰ চৰকাৰত তেওঁৰ ভাতৃৰ সৈতে এজন মন্ত্ৰী আছিল যাৰ তিনিটা উপাদান আছিল: জেডিইউ, লালু যাদৱৰ দল আৰু কংগ্ৰেছ।

নীতিশ কুমাৰে বিজেপিৰ সৈতে দশকজোৰা সম্পৰ্ক ছেদ কৰাৰ পাছত তেওঁলোকৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিল। কিন্তু কুমাৰে তেজস্বী যাদৱ আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে আৰু সেই বিতৰ্কৰ ব্যৱহাৰ কৰি ধৰ্মনিৰপেক্ষ দলসমূহৰ সৈতে তেওঁৰ মিত্ৰতা সমাপ্ত কৰে আৰু বিজেপিলৈ উভতি আহে।

খবৰ অনুসৰি নীতিশ কুমাৰ নিশ্চিত যে অমিত শ্বাহে বিহাৰত মহাৰাষ্ট্ৰৰ আৰ্হিক পুনৰাবৃত্তি কৰিব বিচাৰে৷ তেওঁৰ দল শিৱসেনাৰ জ্যেষ্ঠ নেতা একনাথ সিন্দেয়ে বিজেপিৰ সৈতে অংশীদাৰীত্বত বৃহৎ বিদ্ৰোহ ঘোষণা কৰাৰ পাছত উদ্ধৱ ঠাকৰেয়ে মুখ্যমন্ত্ৰী পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ