--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিযোগিতাৰ দৌৰ, যাৰ ফলত ‘গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ড’ত অভিলেখ গঢ়িবলৈ আৰু অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হৈ পৰে। অৱশ্যে ‘যেতিয়া ইচ্ছাশক্তি থাকে, তেতিয়া অসম্ভৱো সম্ভৱ হৈ পৰে’ এই বাক্যশাৰীকে প্ৰমাণ কৰি দেখুৱালে এজন ১২ বছৰীয়া কিশোৰে।

 কাৰ্তিকেয়া জাখৰ, জৱাহৰ নৱোদয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। নাবালকজনে কোনো নিৰ্দেশনা অবিহনে তিনিটা লাৰ্নিং ৱেব এপ্লিকেচন প্ৰস্তুত কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। এই কৃতিত্বৰ লগতে তেওঁ নিজৰ প্ৰতিভাৰ বাবে আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈও স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বুলি হিন্দুস্তান টাইমছত ইতিমধ্যে প্ৰকাশ পাইছে।

 প্ৰাপ্ত তথ্য অনুসৰি কাৰ্তিকেয়ৰ পিতৃ এজন কৃষক। যিয়ে তেওঁক ক’ভিড-১৯ৰ মহামাৰীৰ সময়ত অনলাইন ক্লাছৰ বাবে ১০ হাজাৰ টকাৰ এটা মোবাইল কিনি দিছিল। কিশোৰজনে কয় যে ক’ডিং প্ৰক্ৰিয়াৰ সময়ত ফোনটোত বহুতো সমস্যা দেখা দিবলৈ ধৰিলে, কিন্তু ১২ বছৰীয়া কিশোৰজনে ইউটিউবৰ সহায়ত পঢ়া-শুনাৰ লগতে নিজৰ ফোনটোক কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হয়।

 জাখৰে ক’লে যে মই তিনিটা এপ্লিকেচন তৈয়াৰ কৰিলোঁএটা জেনেৰেল নোলেজৰ বাবে লুচেণ্ট জি.কে. online, ৰাম কাৰ্তিক লাৰ্নিং চেণ্টাৰ নামৰ ক’ডিং আৰু গ্ৰাফিক ডিজাইনিঙৰ বাবে দ্বিতীয় আৰু তৃতীয় শ্ৰীৰাম কাৰ্তিক ডিজিটেল এডুকেচন। এই এপসমূহে বৰ্তমান ৪৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আছে।’ কাৰ্তিকেয়াই আৰু কয়, ‘মই প্ৰধানমন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ পৰা প্ৰেৰণা পাইছিলোঁ। ময়ো জাতিৰ তথা দেশ সেৱাত অংশগ্ৰহণ কৰিব বিচাৰো।’

 বৰ্তমানৰ এই কৃতিত্বৰ উপৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত যোগ্যতা অৰ্জন কৰি বিদ্যালয়লৈ যোৱা ছাত্ৰীগৰাকীয়ে বৃত্তিও লাভ কৰিছে। এতিয়া ৱেব-ডেভেলপাৰজনে ভাৰ্চিটিৰ পৰা কম্পিউটাৰ বিজ্ঞানত B.Sc পঢ়ি আছে। কিশোৰজনৰ পিতৃ অজিত জাখৰৰ মতে, কাৰ্তিকেয়াই অনলাইন ক্লাছত ব্যৱহাৰ কৰি থকা ফোনটোৰ স্ক্ৰীণ নষ্ট হৈছিল। কিন্তু তেওঁ যথেষ্ট উৎসাহী আছিল যাৰ বাবে তেওঁক তিনিটা এপ ডেভেলপ কৰিবলৈ প্ৰেৰণা লাভ কৰিছিল।

 তেওঁ আৰু কয়, ‘মই চৰকাৰক অনুৰোধ কৰিছো যে মোৰ পুত্ৰক সহায় কৰক যাতে তেওঁ অধিক এপ্লিকেচন বিকশিত কৰিব পাৰে। তেওঁ অতি প্ৰতিভাশালী। মই বিচাৰো তেওঁ ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত জাতিৰ সেৱা কৰক। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰ আৰু উপ-মুখ্যমন্ত্ৰী দুশ্যন্ত চৌটালায়ো তেওঁৰ সাফল্যৰ বাবে অভিনন্দন জনাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ