--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুখবৰ মধুমেহ ৰোগত আক্ৰান্তসকলৰ বাবে৷ যিসকলে পেট আৰু কঁকালত আৰু ইনচুলিন ল’ব লগীয়া হয়৷ এতিয়াৰ পৰা এই পেট আৰু কঁকালত আৰু ইনচুলিন লোৱাৰ প্ৰয়োজন নাথাকিব।ভাৰতৰ বজাৰত শীঘ্ৰে মুকলি হ’ব বেজীৰ সলনি 'অৰেল স্প্ৰে’ ইনচুলিন। আগতে কেৱল বিদেশতহে ‘'অৰেল স্প্ৰে’ ইনচুলিন পোৱা গৈছিল। মুম্বাইৰ ঔষধ নিৰ্মাণ কোম্পানী ছিপ্লাই ভাৰতত প্ৰথমবাৰৰ বাবে এই ধৰণৰ ইনচুলিন মুকলি কৰিবলৈ আগবাঢ়িছে।

জানিব পৰা মতে ২০২৫ বৰ্ষৰ ভিতৰত ‘'অৰেল স্প্ৰে’ ইনচুলিন বজাৰত মুকলি কৰা হ’ব। কিন্তু এতিয়ালৈকে ইয়াৰ দামৰ সন্দৰ্ভত সংস্থাটোৱে একো অৱগত কৰা নাই।

প্ৰসংগক্ৰমে ২০১৫ চনত কানেকটিকাটৰ মেনকাইণ্ড কৰ্পৰেশ্যন অৱ আমেৰিকাই প্ৰথম মৌখিক ইনচুলিন প্ৰস্তুত কৰিছিল। দেশৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ‘আফৰাঝা’ এই  নামৰ এই ঔষধত অনুমোদন জনাইছে। পিছলৈ এই ঔষধ ভাৰতৰ বজাৰলৈ অনাৰ বাবেও প্ৰয়াস কৰা হয়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই দেশৰ বিভিন্ন প্ৰান্তত পৰীক্ষা সফল হোৱাৰ পিছত এই ঔষধৰ অনুমোদন দিয়ে । ইয়াৰ পিছত ভাৰতীয় কোম্পানী ছিপ্লাই আমেৰিকান কোম্পানীটোৰ সৈতে যৌথভাৱেভাৰত ‘'অৰেল স্প্ৰে’ ইনচুলিন উৎপাদন আৰু যোগানৰ বাবেও পদক্ষেপ আৰম্ভ হৈছে।

এই ঔষধে গাতানুগতিক কষ্টকৰ পদ্ধতি সমূহৰ পৰা মুক্ত কৰি ৰোগীক ‘'অৰেল স্প্ৰে’ ইনচুলিন ড’জ গ্ৰহণ কৰাৰ ১২ মিনিটৰ ভিতৰতে কাম কৰিবলৈ আৰম্ভ কৰিব। কেইঘণ্টামানৰ ভিতৰতে তেজত অতিৰিক্ত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰিত হ’ব। এই ঔষধ টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে অতি ফলপ্ৰসূ হ’ব বুলি সদৰি কৰিছে। যদিও ঔষধটো কি মাত্ৰাত ল’ব লাগিব সেই কথা সদৰি কৰা নাই। সেয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই ঔষধ গ্ৰহণ কৰা উচিত৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক