--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুখবৰ মধুমেহ ৰোগত আক্ৰান্তসকলৰ বাবে৷ যিসকলে পেট আৰু কঁকালত আৰু ইনচুলিন ল’ব লগীয়া হয়৷ এতিয়াৰ পৰা এই পেট আৰু কঁকালত আৰু ইনচুলিন লোৱাৰ প্ৰয়োজন নাথাকিব।ভাৰতৰ বজাৰত শীঘ্ৰে মুকলি হ’ব বেজীৰ সলনি 'অৰেল স্প্ৰে’ ইনচুলিন। আগতে কেৱল বিদেশতহে ‘'অৰেল স্প্ৰে’ ইনচুলিন পোৱা গৈছিল। মুম্বাইৰ ঔষধ নিৰ্মাণ কোম্পানী ছিপ্লাই ভাৰতত প্ৰথমবাৰৰ বাবে এই ধৰণৰ ইনচুলিন মুকলি কৰিবলৈ আগবাঢ়িছে।

জানিব পৰা মতে ২০২৫ বৰ্ষৰ ভিতৰত ‘'অৰেল স্প্ৰে’ ইনচুলিন বজাৰত মুকলি কৰা হ’ব। কিন্তু এতিয়ালৈকে ইয়াৰ দামৰ সন্দৰ্ভত সংস্থাটোৱে একো অৱগত কৰা নাই।

প্ৰসংগক্ৰমে ২০১৫ চনত কানেকটিকাটৰ মেনকাইণ্ড কৰ্পৰেশ্যন অৱ আমেৰিকাই প্ৰথম মৌখিক ইনচুলিন প্ৰস্তুত কৰিছিল। দেশৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ‘আফৰাঝা’ এই  নামৰ এই ঔষধত অনুমোদন জনাইছে। পিছলৈ এই ঔষধ ভাৰতৰ বজাৰলৈ অনাৰ বাবেও প্ৰয়াস কৰা হয়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই দেশৰ বিভিন্ন প্ৰান্তত পৰীক্ষা সফল হোৱাৰ পিছত এই ঔষধৰ অনুমোদন দিয়ে । ইয়াৰ পিছত ভাৰতীয় কোম্পানী ছিপ্লাই আমেৰিকান কোম্পানীটোৰ সৈতে যৌথভাৱেভাৰত ‘'অৰেল স্প্ৰে’ ইনচুলিন উৎপাদন আৰু যোগানৰ বাবেও পদক্ষেপ আৰম্ভ হৈছে।

এই ঔষধে গাতানুগতিক কষ্টকৰ পদ্ধতি সমূহৰ পৰা মুক্ত কৰি ৰোগীক ‘'অৰেল স্প্ৰে’ ইনচুলিন ড’জ গ্ৰহণ কৰাৰ ১২ মিনিটৰ ভিতৰতে কাম কৰিবলৈ আৰম্ভ কৰিব। কেইঘণ্টামানৰ ভিতৰতে তেজত অতিৰিক্ত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰিত হ’ব। এই ঔষধ টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে অতি ফলপ্ৰসূ হ’ব বুলি সদৰি কৰিছে। যদিও ঔষধটো কি মাত্ৰাত ল’ব লাগিব সেই কথা সদৰি কৰা নাই। সেয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই ঔষধ গ্ৰহণ কৰা উচিত৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ