--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ফলৰ ৰজা আমৰ বতৰ। বিশ্বৰ আটাইতকৈ দামী আম এইবাৰ লাগিছে মধ্যপ্ৰদেশৰ দুজোপা গছত। সেই আমক লৈয়েই এতিয়া চলিছে ব্যাপক চৰ্চা। প্ৰতি কিলোগ্ৰামত ২ লাখ ৭০ হাজাৰ টকা দামৰ এই আম কোনোৱাই চুৰি কৰি নিয়াৰ ভয়তে আম বিধৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে ৪ জনকৈ নিৰাপত্তাৰক্ষী আৰু ৬ টা প্রসিক্ষণপ্ৰাপ্ত কুকুৰ।
মধ্য প্ৰদেশৰ এহাল দম্পতীৰ সম্পত্তি এই বিৰল প্ৰজাতিৰ অত্যধিক দামী  আম গছ দুজোপা।  ৰাণী পৰিহাৰ আৰু সংকল্প পৰিহাৰে কিছুবছৰ আগতে দুটা আমৰ পুলি ৰোপণ কৰিছিল। অৱশ্যে সেই দুজোপা আমেই যে তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন কৰিব সেয়া তেওঁলোকে ভুলতো ভবা নাছিল।

 সময়ত আম দুজোপা ডাঙৰ হৈ আহিল আৰু আম লাগিবলৈও ধৰিলে। কিন্তু সাধাৰণ আমতকৈ সেই গছ দুজোপাৰ আমৰ ৰং বেলেগ হ'বলৈ ধৰিলে। তেতিয়াই ওলাই পৰিল, সেই আম দুজোপা সাধাৰণ আম নহয়, সেয়া পৃথিৱীৰ অতি বিৰল আৰু মহা মূল্যৱান আম  জাপানী মিয়াজাকি আমহে। মিয়াজাকি আমক পৃথিৱীৰ আটাইতকৈ দামী প্ৰজাতিৰ আম বুলি কোৱা হয়।  জাপানী ভাষাত মিয়াজাকিৰ অৰ্থ হৈছে 'সূৰ্যৰ কণী' ।

যোৱা বছৰ আন্তৰ্জাতিক বজাৰত মিয়াজাকি আম প্ৰতি কিলোগ্ৰামত ২ লাখ ৭০ হাজাৰ টকাকৈ বিক্ৰী হৈছিল। কৃষক দম্পতীহালৰ মতে, যোৱা বছৰ, চোৰে তেওঁলোকৰ বাগিচাত প্ৰৱেশ কৰিছিল আৰু আমবোৰ চুৰি কৰিছিল ।সেই আম বিশ্বৰ আটাইতকৈ দামী আম বুলি জনাজাত হোৱাৰ পিছতে  চোৰে আম চুৰি কৰিবলৈ খাপ পিটি ৰৈছে।

সেয়ে দৰমহা ভৰি ৪ জনকৈ সুৰক্ষাকৰ্মী আৰু ৬ টা তীক্ষ্ণ কুকুৰ আম কেইচাৰ সুৰক্ষাত নিয়োজিত কৰিবলগীয়া হৈছে। দম্পতীহালে প্ৰকাশ কৰা মতে বিৰল আমৰ গছ দুজোপাত এইবাৰ মুঠ সাতটা আম লাগিছে ।তেওঁলোকে কেনেকৈ এই বিৰল প্ৰজাতিৰ আমৰ পুলি পাইছিল বুলি সাংবাদিকে সোধাত পৰিহাৰে কয় যে  তেওঁ  এবাৰ চেন্নাইলৈ গৈ থাকোতে ৰে'লত এজন লোকে কেইটা মান গছপুলি লগত নিয়া দেখিছিল। 

তেওঁ  পৰিহাৰক তাৰে দুটা আমৰ পুলি উপহাৰ হিচাবে দিছিল। সেয়া যে মিয়াজাকি আমৰ পুলি সেই কথা তেতিয়া তেওঁ জনা নাছিল বুলি পৰিহাৰে কয়। পৰিহাৰে কিছু বছৰ আগৰ স্মৃতি ৰোমন্থন কৰি কয়— "তেওঁ মোক আমৰ গছপুলি দুটা দি আমাৰ কেঁচুৱাৰ দৰে এই উদ্ভিদবোৰৰ যত্ন ল'বলৈ কৈছিল। আমি আমাৰ বাগিচাখনত সাধাৰণ আমৰ দৰেই সেয়া  ৰোপণ কৰিছিলো"। সংকল্পই আমবোৰৰ নাম দামিনী ৰাখিছে, তেওঁৰ মাতৃৰ নামৰ নামেৰে। তেওঁ কয় " পিছত আমি এই প্ৰজাতিটোৰ  বিষয়ে জানিব পাৰিছিলো আৰু প্ৰকৃত নামটো বিচাৰি পাইছিলো। 

কিন্তু এই আমৰ নাম এতিয়াও মোৰ বাবে দামিনীয়েই," ।সংকল্পৰ পত্নী ৰাণীয়ে কয় যে বহুলোকে মিয়াজাকি আম কিনিবলৈ আগ্ৰহ কৰিছে। তাই কয় যে মুম্বাইৰ এজনে এই আমৰ বাবে ২১ হাজাৰ টকা দিবলৈ বিচাৰিছে। অৱশ্যে, দম্পতীহালে এতিয়ালৈকে কাকো আম বিক্ৰী নকৰাৰ সিদ্ধান্ত লোৱা নাই।

মিয়াজাকি আম কি?

জাপানৰ মিয়াজাকি চহৰত এনে মূল্যৱান  আমৰ খেতি কৰা হয়। এনে আমৰ ওজন ৩৫০  গ্ৰামতকৈ অধিক হয়  আৰু ইয়াত ১৫ শতাংশ  বা ততোধিক চেনী থাকে। এই আমবোৰত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াত বিটা-কেৰোটিন তথা ফলিক এচিড প্ৰচুৰ পৰিমাণে  থাকে। 

এই আম এক ঔষধি হিচাবেও পৰিচিত। এই আম এপ্ৰিল আৰু আগষ্টৰ ভিতৰত সৰ্বাধিক উৎপাদন হয়। জাপানতো অতি কম পৰিমাণে উৎপাদন হোৱা এনে আম দেশ খনে বিদেশলৈ ৰপ্তানি কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ