--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ফলৰ ৰজা আমৰ বতৰ। বিশ্বৰ আটাইতকৈ দামী আম এইবাৰ লাগিছে মধ্যপ্ৰদেশৰ দুজোপা গছত। সেই আমক লৈয়েই এতিয়া চলিছে ব্যাপক চৰ্চা। প্ৰতি কিলোগ্ৰামত ২ লাখ ৭০ হাজাৰ টকা দামৰ এই আম কোনোৱাই চুৰি কৰি নিয়াৰ ভয়তে আম বিধৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে ৪ জনকৈ নিৰাপত্তাৰক্ষী আৰু ৬ টা প্রসিক্ষণপ্ৰাপ্ত কুকুৰ।
মধ্য প্ৰদেশৰ এহাল দম্পতীৰ সম্পত্তি এই বিৰল প্ৰজাতিৰ অত্যধিক দামী  আম গছ দুজোপা।  ৰাণী পৰিহাৰ আৰু সংকল্প পৰিহাৰে কিছুবছৰ আগতে দুটা আমৰ পুলি ৰোপণ কৰিছিল। অৱশ্যে সেই দুজোপা আমেই যে তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন কৰিব সেয়া তেওঁলোকে ভুলতো ভবা নাছিল।

 সময়ত আম দুজোপা ডাঙৰ হৈ আহিল আৰু আম লাগিবলৈও ধৰিলে। কিন্তু সাধাৰণ আমতকৈ সেই গছ দুজোপাৰ আমৰ ৰং বেলেগ হ'বলৈ ধৰিলে। তেতিয়াই ওলাই পৰিল, সেই আম দুজোপা সাধাৰণ আম নহয়, সেয়া পৃথিৱীৰ অতি বিৰল আৰু মহা মূল্যৱান আম  জাপানী মিয়াজাকি আমহে। মিয়াজাকি আমক পৃথিৱীৰ আটাইতকৈ দামী প্ৰজাতিৰ আম বুলি কোৱা হয়।  জাপানী ভাষাত মিয়াজাকিৰ অৰ্থ হৈছে 'সূৰ্যৰ কণী' ।

যোৱা বছৰ আন্তৰ্জাতিক বজাৰত মিয়াজাকি আম প্ৰতি কিলোগ্ৰামত ২ লাখ ৭০ হাজাৰ টকাকৈ বিক্ৰী হৈছিল। কৃষক দম্পতীহালৰ মতে, যোৱা বছৰ, চোৰে তেওঁলোকৰ বাগিচাত প্ৰৱেশ কৰিছিল আৰু আমবোৰ চুৰি কৰিছিল ।সেই আম বিশ্বৰ আটাইতকৈ দামী আম বুলি জনাজাত হোৱাৰ পিছতে  চোৰে আম চুৰি কৰিবলৈ খাপ পিটি ৰৈছে।

সেয়ে দৰমহা ভৰি ৪ জনকৈ সুৰক্ষাকৰ্মী আৰু ৬ টা তীক্ষ্ণ কুকুৰ আম কেইচাৰ সুৰক্ষাত নিয়োজিত কৰিবলগীয়া হৈছে। দম্পতীহালে প্ৰকাশ কৰা মতে বিৰল আমৰ গছ দুজোপাত এইবাৰ মুঠ সাতটা আম লাগিছে ।তেওঁলোকে কেনেকৈ এই বিৰল প্ৰজাতিৰ আমৰ পুলি পাইছিল বুলি সাংবাদিকে সোধাত পৰিহাৰে কয় যে  তেওঁ  এবাৰ চেন্নাইলৈ গৈ থাকোতে ৰে'লত এজন লোকে কেইটা মান গছপুলি লগত নিয়া দেখিছিল। 

তেওঁ  পৰিহাৰক তাৰে দুটা আমৰ পুলি উপহাৰ হিচাবে দিছিল। সেয়া যে মিয়াজাকি আমৰ পুলি সেই কথা তেতিয়া তেওঁ জনা নাছিল বুলি পৰিহাৰে কয়। পৰিহাৰে কিছু বছৰ আগৰ স্মৃতি ৰোমন্থন কৰি কয়— "তেওঁ মোক আমৰ গছপুলি দুটা দি আমাৰ কেঁচুৱাৰ দৰে এই উদ্ভিদবোৰৰ যত্ন ল'বলৈ কৈছিল। আমি আমাৰ বাগিচাখনত সাধাৰণ আমৰ দৰেই সেয়া  ৰোপণ কৰিছিলো"। সংকল্পই আমবোৰৰ নাম দামিনী ৰাখিছে, তেওঁৰ মাতৃৰ নামৰ নামেৰে। তেওঁ কয় " পিছত আমি এই প্ৰজাতিটোৰ  বিষয়ে জানিব পাৰিছিলো আৰু প্ৰকৃত নামটো বিচাৰি পাইছিলো। 

কিন্তু এই আমৰ নাম এতিয়াও মোৰ বাবে দামিনীয়েই," ।সংকল্পৰ পত্নী ৰাণীয়ে কয় যে বহুলোকে মিয়াজাকি আম কিনিবলৈ আগ্ৰহ কৰিছে। তাই কয় যে মুম্বাইৰ এজনে এই আমৰ বাবে ২১ হাজাৰ টকা দিবলৈ বিচাৰিছে। অৱশ্যে, দম্পতীহালে এতিয়ালৈকে কাকো আম বিক্ৰী নকৰাৰ সিদ্ধান্ত লোৱা নাই।

মিয়াজাকি আম কি?

জাপানৰ মিয়াজাকি চহৰত এনে মূল্যৱান  আমৰ খেতি কৰা হয়। এনে আমৰ ওজন ৩৫০  গ্ৰামতকৈ অধিক হয়  আৰু ইয়াত ১৫ শতাংশ  বা ততোধিক চেনী থাকে। এই আমবোৰত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াত বিটা-কেৰোটিন তথা ফলিক এচিড প্ৰচুৰ পৰিমাণে  থাকে। 

এই আম এক ঔষধি হিচাবেও পৰিচিত। এই আম এপ্ৰিল আৰু আগষ্টৰ ভিতৰত সৰ্বাধিক উৎপাদন হয়। জাপানতো অতি কম পৰিমাণে উৎপাদন হোৱা এনে আম দেশ খনে বিদেশলৈ ৰপ্তানি কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন