--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাৱৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি দিনকাৰ গুপ্তাক দেশৰ শীৰ্ষ স্থানীয় সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী নিৰ্দেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে নিয়াৰ শীৰ্ষ পদৰ বাবে পঞ্জাৱৰ আইপিএছ বিষয়া গৰাকীৰ নাম অনুমোদন কৰে।

উল্লেখ্য যে, ৱাই চি মোডীৰ অৱসৰৰ পিছত বিগত বৰ্ষৰ মে’ মাহত চেণ্ট্ৰেল ৰিজাৰ্ভড পুলিচ ফ'ৰ্চ(চিআৰপিএফ)- ৰ সঞ্চালক প্ৰধান কুলদ্বীপ সিঙক নিয়াৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছিল। এতিয়া দিনকাৰ গুপ্তাই কুলদ্বীপ সিঙৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিব। ২০২৪ চনৰ ৩১ মাৰ্টলৈকে দিনকৰ গুপ্তা নিয়াৰ মুৰব্বীৰ পদত অধিষ্ঠিত থাকিব। 

আৰক্ষী প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দিনকৰ গুপ্তা পঞ্জাৱৰ চোৰাংচোৱা বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদতো অধিষ্ঠিত হৈছিল।  তদুপৰি ২০০৪ চনৰ জুন মাহৰ পৰা ২০১২ চনৰ জুলাইলৈকে তেওঁ আঠ বছৰ ভিভিআইপিসকলৰ নিৰাপত্তাৰ চোৱাচিতা কৰা ইণ্টেলিজেঞ্চ ব্যুৰো গোটৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছিল।

১৯৯২ আৰু ১৯৯৪ চনত দিনকৰ গুপ্তাক দুটা আৰক্ষী বীৰত্ব পদকৰে সন্মানিত কৰা হৈছিল। তদুপৰি তেওঁক প্ৰসংশনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা পুলিচ মেডেল আৰু বিশিষ্ট সেৱাৰ বাবে ২০১০ চনত ৰাষ্ট্ৰপতি আৰক্ষী পদকৰ দ্বাৰাও সন্মানিত কৰা হৈছিল।

উল্লেখ্য যে দেশৰ ইতিহাসত অন্যতম ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে পৰিগণিত হোৱা ২৬/১১ মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থা নেচনেল ইনভেষ্টিগেচন এজেন্সি, চমুকৈ নিয়া গঠন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প