--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাৱৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি দিনকাৰ গুপ্তাক দেশৰ শীৰ্ষ স্থানীয় সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী নিৰ্দেশ অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে নিয়াৰ শীৰ্ষ পদৰ বাবে পঞ্জাৱৰ আইপিএছ বিষয়া গৰাকীৰ নাম অনুমোদন কৰে।

উল্লেখ্য যে, ৱাই চি মোডীৰ অৱসৰৰ পিছত বিগত বৰ্ষৰ মে’ মাহত চেণ্ট্ৰেল ৰিজাৰ্ভড পুলিচ ফ'ৰ্চ(চিআৰপিএফ)- ৰ সঞ্চালক প্ৰধান কুলদ্বীপ সিঙক নিয়াৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছিল। এতিয়া দিনকাৰ গুপ্তাই কুলদ্বীপ সিঙৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিব। ২০২৪ চনৰ ৩১ মাৰ্টলৈকে দিনকৰ গুপ্তা নিয়াৰ মুৰব্বীৰ পদত অধিষ্ঠিত থাকিব। 

আৰক্ষী প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দিনকৰ গুপ্তা পঞ্জাৱৰ চোৰাংচোৱা বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদতো অধিষ্ঠিত হৈছিল।  তদুপৰি ২০০৪ চনৰ জুন মাহৰ পৰা ২০১২ চনৰ জুলাইলৈকে তেওঁ আঠ বছৰ ভিভিআইপিসকলৰ নিৰাপত্তাৰ চোৱাচিতা কৰা ইণ্টেলিজেঞ্চ ব্যুৰো গোটৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছিল।

১৯৯২ আৰু ১৯৯৪ চনত দিনকৰ গুপ্তাক দুটা আৰক্ষী বীৰত্ব পদকৰে সন্মানিত কৰা হৈছিল। তদুপৰি তেওঁক প্ৰসংশনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা পুলিচ মেডেল আৰু বিশিষ্ট সেৱাৰ বাবে ২০১০ চনত ৰাষ্ট্ৰপতি আৰক্ষী পদকৰ দ্বাৰাও সন্মানিত কৰা হৈছিল।

উল্লেখ্য যে দেশৰ ইতিহাসত অন্যতম ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে পৰিগণিত হোৱা ২৬/১১ মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থা নেচনেল ইনভেষ্টিগেচন এজেন্সি, চমুকৈ নিয়া গঠন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ