--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মান দিন। এনে সময়তে ৰাজ্য খনত বিজেপি, কংগ্ৰেছকে ধৰি আন দলসমূহেও ব্যাপক প্ৰচাৰ চলাইছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তে বিজেপি সমৰ্থকৰ এখন  বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত তিনি জন লোক নিহত  হৈছে। 

মধ্যপ্ৰদেশত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ হোৱা এছইউভিখন পথৰ ওপৰতে লুটি খাই পৰে।  এই দুৰ্ঘটনাত বাহন খনত থকা ৮ জন লোক গুৰুতৰ ভাবে আহত হয়। আহত সকলৰ ভিতৰৰে তিনি জনৰ শেহতীয়াকৈ মৃত্যু ঘটিছে।  আহতসকল  এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

 দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত কৰি আছে।উল্লেখ্য মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব।  ৰাজ্যখনত প্ৰচাৰ পূৰ্ণ গতিত  চলি আছে। আৰক্ষীয়ে জনোৱা অনুসৰি বিজেপি সমৰ্থকৰ বাহনৰ  দুৰ্ঘটনাটো সাগৰ জিলাত সংঘটিত হৈছিল। 

এছইউভিখনত মুঠ ৮ জন লোক আছিল। শনিবাৰে সন্ধিয়া গাড়ীখন হঠাতে বাৰ্গ্ৰান বৰখেদা আৰু জুন গাঁৱৰ মাজৰ ৰাস্তাত লুটি খাই  পৰে। গাড়ীখনৰ সকলোৱে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছিল আৰু এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এতিয়া  চিকিৎসাৰ সময়তে তিনিজন লোকৰ মৃত্যু ঘটাৰ বাতৰি আহিছে। বাকীসকলক একেখন চিকিৎসালয়তে চিকিৎসা কৰি থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ