--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মান দিন। এনে সময়তে ৰাজ্য খনত বিজেপি, কংগ্ৰেছকে ধৰি আন দলসমূহেও ব্যাপক প্ৰচাৰ চলাইছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তে বিজেপি সমৰ্থকৰ এখন  বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত তিনি জন লোক নিহত  হৈছে। 

মধ্যপ্ৰদেশত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ হোৱা এছইউভিখন পথৰ ওপৰতে লুটি খাই পৰে।  এই দুৰ্ঘটনাত বাহন খনত থকা ৮ জন লোক গুৰুতৰ ভাবে আহত হয়। আহত সকলৰ ভিতৰৰে তিনি জনৰ শেহতীয়াকৈ মৃত্যু ঘটিছে।  আহতসকল  এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

 দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত কৰি আছে।উল্লেখ্য মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব।  ৰাজ্যখনত প্ৰচাৰ পূৰ্ণ গতিত  চলি আছে। আৰক্ষীয়ে জনোৱা অনুসৰি বিজেপি সমৰ্থকৰ বাহনৰ  দুৰ্ঘটনাটো সাগৰ জিলাত সংঘটিত হৈছিল। 

এছইউভিখনত মুঠ ৮ জন লোক আছিল। শনিবাৰে সন্ধিয়া গাড়ীখন হঠাতে বাৰ্গ্ৰান বৰখেদা আৰু জুন গাঁৱৰ মাজৰ ৰাস্তাত লুটি খাই  পৰে। গাড়ীখনৰ সকলোৱে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছিল আৰু এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এতিয়া  চিকিৎসাৰ সময়তে তিনিজন লোকৰ মৃত্যু ঘটাৰ বাতৰি আহিছে। বাকীসকলক একেখন চিকিৎসালয়তে চিকিৎসা কৰি থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু