--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ কেইদিনমান পূৰ্বে নেপালত হোৱা ৬.৪ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পত শ শ ঘৰ ধঝ্বংসপ্ৰাপ্ত হোৱাৰ লগে শতাধিক লোক নিহতচ হৈছে। এনে সময়তে সোমবাৰে  আবেলি ৪:১৮ বজাত দিল্লী-এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও ঠাইত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ) অনুসৰি, ৰিখটাৰ স্কেলত ৫.৬  প্ৰাবল্যৰ ভূমিকম্প নেপালত উৎপত্তি  হৈছিল। যোৱা চাৰি দিনত নেপালত হোৱা এইটো তৃতীয় ডাঙৰ ভূমিকম্প। 

ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা (৩ নৱেম্বৰ) দিল্লী-এনচিআৰ অঞ্চল, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশকে ধৰি উত্তৰ ভাৰতত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছে। সেই ভূমিকম্পতেই  নেপালত বিস্তৰ ক্ষতি সাধন হৈছিল।  নেপালত এনেদৰে সঘনাই হৈ থকা ভূমিকম্পই দেশখনৰ বাসিন্দাসকলক ত্ৰাসিত কৰি তুলিছে। বহুতৰে মনলৈ ২০১৫ চনৰ ভয়াৱহ স্মৃতি পুনৰ  ঘূৰি আহিছে নেপাললৈ । শুকুৰবাৰে নিশা হোৱা শক্তিশালী  ভূমিকম্পত ভাৰতৰ চুবুৰীয়া দেশ  নেপাল কঁপি উঠিছিল। এতিয়ালৈকে, ভূমিকম্পত নিহত লোকৰ সংখ্যা ১৪০ গৰাকীলৈ বৃদ্ধি পাইছিল। 

শুকুৰূবাৰে হোৱা  নেপালৰ ভূমিকম্পৰ প্ৰভাৱ ইমানে শক্তিশালী আছিল  যে ইয়াৰ প্ৰভাৱ দূৰৱৰ্তী দিল্লী-কলকাতাতো অনভূত হৈছিল। উত্তৰ ভাৰতৰ বৃহৎ অংশতো কম্পন অনুভৱ কৰা হৈছিল।  নেপাল প্ৰশাসনে প্ৰকাশ কৰা মতে ভূমিকম্পৰ ফলত ৰুকুম জিলা আৰু জাজাৰকোট আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। কেৱল ৰুকুমত কমেও ৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰুকুম পশ্চিমৰ মুখ্য জিলা বিষয়া হৰিপ্ৰসাদ পন্তে কয়  যে কমেও ৩০ জন লোক আহত হৈছে  আৰু তেওঁলোকক  স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুতৰে অৱস্থা সংকটজনক। আতংকিত স্থানীয় লোকে কৈছে  যে ভূমিকম্পৰ প্ৰভাৱ ইমানেই শক্তিশালী  আছিল যে নিমিষতে  কেইবাটাও ঘৰ তাচপাতৰ  ঘৰৰ দৰে খহি পৰিছিল। বহু ঘৰত বহল ফাট মেলিছে। ইটা-কাঠ-চিমেণ্টৰ ধ্বংসস্তূপৰ তলত পোত গৈ  বহু লোকৰ মৃত্যু হৈছে।

উল্লেখ্য ২০১৫ চনৰ ২৫ এপ্ৰিলতো নেপালত ৭.৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই হাজাৰ হাজাৰ লোকৰ প্ৰাণ হানি ঘটাইছিল।   ভাৰতীয় সময় অনুসৰি সেইদিনা  দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিণ এছিয়াক জোকাৰি গৈছিল। কথা হ’ল ভূমিকম্প কিয় হয়? নেপাল কিয় ইমান ভূমিকম্প প্ৰৱণ?দৰাচলতে পৃথিবী মূলতঃ চাৰিটা স্তৰেৰে গঠিত। ভিতৰৰ কোৰ (Inner core) বাহিৰৰ কোৰ (Outer core) । ওপৰৰ মেণ্টেল কোৰক  লিথ’স্ফিয়াৰ বোলা হয়। ৫০ কিলোমিটাৰ ডাঠ এই স্তৰটো কেইবাটাও ভাগত বিভক্ত কৰা হৈছে যাক টেকটনিক প্লেট বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰত ৭ খন প্লেট থাকে, যিবোৰ অহৰহ লৰচৰ কৰি  থাকে। যেতিয়া এই প্লেটবোৰে বেছিকৈ গতি কৰে তেতিয়াই ভূমিকম্প হ’ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ