--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ কেইদিনমান পূৰ্বে নেপালত হোৱা ৬.৪ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পত শ শ ঘৰ ধঝ্বংসপ্ৰাপ্ত হোৱাৰ লগে শতাধিক লোক নিহতচ হৈছে। এনে সময়তে সোমবাৰে  আবেলি ৪:১৮ বজাত দিল্লী-এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও ঠাইত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ) অনুসৰি, ৰিখটাৰ স্কেলত ৫.৬  প্ৰাবল্যৰ ভূমিকম্প নেপালত উৎপত্তি  হৈছিল। যোৱা চাৰি দিনত নেপালত হোৱা এইটো তৃতীয় ডাঙৰ ভূমিকম্প। 

ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা (৩ নৱেম্বৰ) দিল্লী-এনচিআৰ অঞ্চল, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশকে ধৰি উত্তৰ ভাৰতত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছে। সেই ভূমিকম্পতেই  নেপালত বিস্তৰ ক্ষতি সাধন হৈছিল।  নেপালত এনেদৰে সঘনাই হৈ থকা ভূমিকম্পই দেশখনৰ বাসিন্দাসকলক ত্ৰাসিত কৰি তুলিছে। বহুতৰে মনলৈ ২০১৫ চনৰ ভয়াৱহ স্মৃতি পুনৰ  ঘূৰি আহিছে নেপাললৈ । শুকুৰবাৰে নিশা হোৱা শক্তিশালী  ভূমিকম্পত ভাৰতৰ চুবুৰীয়া দেশ  নেপাল কঁপি উঠিছিল। এতিয়ালৈকে, ভূমিকম্পত নিহত লোকৰ সংখ্যা ১৪০ গৰাকীলৈ বৃদ্ধি পাইছিল। 

শুকুৰূবাৰে হোৱা  নেপালৰ ভূমিকম্পৰ প্ৰভাৱ ইমানে শক্তিশালী আছিল  যে ইয়াৰ প্ৰভাৱ দূৰৱৰ্তী দিল্লী-কলকাতাতো অনভূত হৈছিল। উত্তৰ ভাৰতৰ বৃহৎ অংশতো কম্পন অনুভৱ কৰা হৈছিল।  নেপাল প্ৰশাসনে প্ৰকাশ কৰা মতে ভূমিকম্পৰ ফলত ৰুকুম জিলা আৰু জাজাৰকোট আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। কেৱল ৰুকুমত কমেও ৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰুকুম পশ্চিমৰ মুখ্য জিলা বিষয়া হৰিপ্ৰসাদ পন্তে কয়  যে কমেও ৩০ জন লোক আহত হৈছে  আৰু তেওঁলোকক  স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুতৰে অৱস্থা সংকটজনক। আতংকিত স্থানীয় লোকে কৈছে  যে ভূমিকম্পৰ প্ৰভাৱ ইমানেই শক্তিশালী  আছিল যে নিমিষতে  কেইবাটাও ঘৰ তাচপাতৰ  ঘৰৰ দৰে খহি পৰিছিল। বহু ঘৰত বহল ফাট মেলিছে। ইটা-কাঠ-চিমেণ্টৰ ধ্বংসস্তূপৰ তলত পোত গৈ  বহু লোকৰ মৃত্যু হৈছে।

উল্লেখ্য ২০১৫ চনৰ ২৫ এপ্ৰিলতো নেপালত ৭.৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই হাজাৰ হাজাৰ লোকৰ প্ৰাণ হানি ঘটাইছিল।   ভাৰতীয় সময় অনুসৰি সেইদিনা  দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিণ এছিয়াক জোকাৰি গৈছিল। কথা হ’ল ভূমিকম্প কিয় হয়? নেপাল কিয় ইমান ভূমিকম্প প্ৰৱণ?দৰাচলতে পৃথিবী মূলতঃ চাৰিটা স্তৰেৰে গঠিত। ভিতৰৰ কোৰ (Inner core) বাহিৰৰ কোৰ (Outer core) । ওপৰৰ মেণ্টেল কোৰক  লিথ’স্ফিয়াৰ বোলা হয়। ৫০ কিলোমিটাৰ ডাঠ এই স্তৰটো কেইবাটাও ভাগত বিভক্ত কৰা হৈছে যাক টেকটনিক প্লেট বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰত ৭ খন প্লেট থাকে, যিবোৰ অহৰহ লৰচৰ কৰি  থাকে। যেতিয়া এই প্লেটবোৰে বেছিকৈ গতি কৰে তেতিয়াই ভূমিকম্প হ’ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু