--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। দুয়োজনে কাৰ্যতঃ এককভাৱে দেশখনক বিশ্বকাপ চেম্পিয়ন কৰি তুলিছিল। ১৯৯৮ চনত ফ্ৰান্সে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ মাষ্টাৰমাইণ্ড আছিল জিনেদিন জিদান। যোৱা বছৰো প্ৰায় একেদৰেই কাটাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰিছিল লিয়নেল মেছিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানৰ অনুষ্ঠানত দুয়োগৰাকী কিংবদন্তিয়ে ইজনে সিজনক প্ৰশংসাৰ বৰষুণেৰে উপচাই দিয়ে। জিদানে মেছিক যাদুকৰ বুলি অভিহিত কৰে।

"মেছিৰ বিষয়ে মই মাত্ৰ এটা শব্দ ক'ব পাৰো - যাদু। নিয়মীয়াকৈ লগ নাপাওঁ। গতিকে এই মুহূৰ্তটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ।’’- জিদানে কয়- ''মই লিঅ’ক ক’ব পাৰো যে মই তেওঁক কিমান ভাল পাওঁ। লিঅ’ই বল ধৰাৰ আগতে কি কৰিব লাগিব সেয়া জানে বুলিও তেওঁ লগতে কয়। ফুটবলত মানুহে সেইটোৱেই চাব বিচাৰে।''

জিদান আৰু মেছিয়ে কেতিয়াও একেলগে খেলা নাই। জিদান যেতিয়া ৰিয়েল মাদ্রিদৰ মেনেজাৰ আছিল তেতিয়া মেছিয়ে বার্চিলোনাৰ হৈ খেলি আছিল৷ আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে কয়- ''আপুনি মোৰ বৰ মৰমৰ। একেলগে খেলিবলৈ কোনো ভাগ্য নহ’ল। কিন্তু আমি ইজনে সিজনৰ বিৰুদ্ধে কেইখনমান মেচ খেলিলোঁ, আপোনাৰ প্ৰতি মোৰ সদায় সন্মান আৰু প্ৰশংসা আছিল।''

আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে লগতে কয়, “আপুনি যেতিয়া ৰিয়েল মাদ্রিদত আছিল, মই আপোনাক অনুসৰণ কৰিছিলোঁ। মোৰ বাবে আপোনাক ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ। আপুনি সকলোতকৈ পৃথক। ভিন্ন, মাৰ্জিত আৰু যাদুকৰীও। চেম্পিয়নছ লীগৰ ফাইনেলত লেভাৰকুচেনৰ বিৰুদ্ধে আপোনাৰ গ’লটো মোৰ মনত আছে। ৩৬০ ডিগ্ৰী ঘূৰাই বিশ্বকাপত কৰা গ’লটোও মই পাহৰিব পৰা নাছিলো।’’

১০ নম্বৰৰ জাৰ্চিৰ গুৰুত্ব সন্দৰ্ভতো আলোচনা হয় দুয়োগৰাকী কিংবদন্তিৰ মাজত। ডিয়েগো মাৰাডোনাৰ কথা উল্লেখ কৰি মেছিয়ে কয়- ''১০ নম্বৰৰ জাৰ্চি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ, যেতিয়া ১০ নম্বৰৰ জাৰ্চিখন ওলায়, তেতিয়া মাৰাডোনাৰ নাম প্ৰথমে আহে। আমি সকলোৱে তেওঁৰ দৰে হ’ব বিচাৰো। যদিও সেয়া সম্ভৱ নহয়। মাৰাডোনা এজনেই।’’

লগতে তেওঁ কয়- ‘মাৰাডোনাৰ খেল মই খুব কমেইহে দেখিছো। যেতিয়া তেওঁ শেষ ক্লাব হিচাপে নিউ ৱেলছলৈ উভতি আহিছিল, তেতিয়া মোৰ বয়স আছিল ছয়-সাত বছৰ। গতিকে বেছি মনত নাই। ১৯৯৪ চনৰ বিশ্বকাপৰ কথাও মনত নাই। যদিও পিছত ভিডিঅ’ত খেলখন চাইছিলো। মাৰাডোনা আছিল আমাৰ আদৰ্শ। তেওঁ আমাৰ গোটেই জীৱন আছে আৰু থাকিব। মোৰ সন্তানে মাৰাডোনাক কেতিয়াও দেখা নোপোৱাকৈয়ে চিনি পায়। তেওঁলোকে মোৰ কথা শুনিছে আৰু তেওঁৰ খেলাৰ ভিডিঅ’ও দেখিছে।''

এই উপলক্ষে জিদানে মেছিক সুধিলে-  ''পুনৰ মেচ খেলিব বিচাৰে নে নাই?’’ আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে কয়- ''মোৰ ফুটবল কেৰিয়াৰক লৈ মোৰ কোনো আক্ষেপ নাই। কিন্তু ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেলৰ দাগবোৰ এতিয়াও মনত আছে। যদিও যোৱা বিশ্বকাপ জয় কৰাৰ পিছত সেই বিষটো অলপ পাহৰিবলৈ সক্ষম হৈছিলো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক