--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। দুয়োজনে কাৰ্যতঃ এককভাৱে দেশখনক বিশ্বকাপ চেম্পিয়ন কৰি তুলিছিল। ১৯৯৮ চনত ফ্ৰান্সে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ মাষ্টাৰমাইণ্ড আছিল জিনেদিন জিদান। যোৱা বছৰো প্ৰায় একেদৰেই কাটাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰিছিল লিয়নেল মেছিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানৰ অনুষ্ঠানত দুয়োগৰাকী কিংবদন্তিয়ে ইজনে সিজনক প্ৰশংসাৰ বৰষুণেৰে উপচাই দিয়ে। জিদানে মেছিক যাদুকৰ বুলি অভিহিত কৰে।

"মেছিৰ বিষয়ে মই মাত্ৰ এটা শব্দ ক'ব পাৰো - যাদু। নিয়মীয়াকৈ লগ নাপাওঁ। গতিকে এই মুহূৰ্তটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ।’’- জিদানে কয়- ''মই লিঅ’ক ক’ব পাৰো যে মই তেওঁক কিমান ভাল পাওঁ। লিঅ’ই বল ধৰাৰ আগতে কি কৰিব লাগিব সেয়া জানে বুলিও তেওঁ লগতে কয়। ফুটবলত মানুহে সেইটোৱেই চাব বিচাৰে।''

জিদান আৰু মেছিয়ে কেতিয়াও একেলগে খেলা নাই। জিদান যেতিয়া ৰিয়েল মাদ্রিদৰ মেনেজাৰ আছিল তেতিয়া মেছিয়ে বার্চিলোনাৰ হৈ খেলি আছিল৷ আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে কয়- ''আপুনি মোৰ বৰ মৰমৰ। একেলগে খেলিবলৈ কোনো ভাগ্য নহ’ল। কিন্তু আমি ইজনে সিজনৰ বিৰুদ্ধে কেইখনমান মেচ খেলিলোঁ, আপোনাৰ প্ৰতি মোৰ সদায় সন্মান আৰু প্ৰশংসা আছিল।''

আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে লগতে কয়, “আপুনি যেতিয়া ৰিয়েল মাদ্রিদত আছিল, মই আপোনাক অনুসৰণ কৰিছিলোঁ। মোৰ বাবে আপোনাক ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ। আপুনি সকলোতকৈ পৃথক। ভিন্ন, মাৰ্জিত আৰু যাদুকৰীও। চেম্পিয়নছ লীগৰ ফাইনেলত লেভাৰকুচেনৰ বিৰুদ্ধে আপোনাৰ গ’লটো মোৰ মনত আছে। ৩৬০ ডিগ্ৰী ঘূৰাই বিশ্বকাপত কৰা গ’লটোও মই পাহৰিব পৰা নাছিলো।’’

১০ নম্বৰৰ জাৰ্চিৰ গুৰুত্ব সন্দৰ্ভতো আলোচনা হয় দুয়োগৰাকী কিংবদন্তিৰ মাজত। ডিয়েগো মাৰাডোনাৰ কথা উল্লেখ কৰি মেছিয়ে কয়- ''১০ নম্বৰৰ জাৰ্চি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ, যেতিয়া ১০ নম্বৰৰ জাৰ্চিখন ওলায়, তেতিয়া মাৰাডোনাৰ নাম প্ৰথমে আহে। আমি সকলোৱে তেওঁৰ দৰে হ’ব বিচাৰো। যদিও সেয়া সম্ভৱ নহয়। মাৰাডোনা এজনেই।’’

লগতে তেওঁ কয়- ‘মাৰাডোনাৰ খেল মই খুব কমেইহে দেখিছো। যেতিয়া তেওঁ শেষ ক্লাব হিচাপে নিউ ৱেলছলৈ উভতি আহিছিল, তেতিয়া মোৰ বয়স আছিল ছয়-সাত বছৰ। গতিকে বেছি মনত নাই। ১৯৯৪ চনৰ বিশ্বকাপৰ কথাও মনত নাই। যদিও পিছত ভিডিঅ’ত খেলখন চাইছিলো। মাৰাডোনা আছিল আমাৰ আদৰ্শ। তেওঁ আমাৰ গোটেই জীৱন আছে আৰু থাকিব। মোৰ সন্তানে মাৰাডোনাক কেতিয়াও দেখা নোপোৱাকৈয়ে চিনি পায়। তেওঁলোকে মোৰ কথা শুনিছে আৰু তেওঁৰ খেলাৰ ভিডিঅ’ও দেখিছে।''

এই উপলক্ষে জিদানে মেছিক সুধিলে-  ''পুনৰ মেচ খেলিব বিচাৰে নে নাই?’’ আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে কয়- ''মোৰ ফুটবল কেৰিয়াৰক লৈ মোৰ কোনো আক্ষেপ নাই। কিন্তু ২০১৪ চনৰ বিশ্বকাপৰ ফাইনেলৰ দাগবোৰ এতিয়াও মনত আছে। যদিও যোৱা বিশ্বকাপ জয় কৰাৰ পিছত সেই বিষটো অলপ পাহৰিবলৈ সক্ষম হৈছিলো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক