--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰা বাহিৰ হৈ নিজ দেশলৈ উভতি আহিছে পাকিস্তানী ক্ৰিকেট দল। এনে পৰিস্থিতিত প্ৰাক্তন পাকিস্তানী খেলুৱৈয়ে নিজৰ দলটোক লক্ষ্য কৰি বাবৰ আজমক অধিনায়ক পদৰ পৰা অপসাৰণৰ দাবী জনাইছে। শেহতীয়াকৈ এক মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তানৰ প্ৰাক্তন অল ৰাউণ্ডাৰ আব্দুল ৰাজ্জাক। 

পাকিস্তানী দলৰ দুৰ্বল প্ৰদৰ্শনৰ বিষয়ে আলোচনা কৰি আব্দুল ৰাজ্জাক কয় যে, "ভাল প্ৰদৰ্শন কৰিবলৈ দলটোৰ উদ্দেশ্য সঠিক হ'ব লাগে। যদি আপুনি ভাবে যে মই ঐশ্বৰ্যক বিয়া কৰাম আৰু আদৰ্শ সন্তান জন্ম দিম, তেন্তে সেয়া নহ'ব। আপোনাৰ উদ্দেশ্য সঠিক হ'ব লাগে।" 

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰি ৰাজ্জাকে এই বক্তব্য দিছিল, যিটো এতিয়া এই হুলস্থুলৰ কাৰণ হৈ পৰিছে আৰু তেওঁক তীব্ৰ সমালোচনা কৰা হৈছে।

ৰাজ্জাকে যেতিয়া ঐশ্বৰ্যক লৈ এই বক্তব্য দি আছিল, তেতিয়া শ্বাহিদ আফ্ৰিদী, উমৰ গুলৰ বাহিৰেও বহু প্ৰাক্তন পাকিস্তানী খেলুৱৈ মঞ্চত উপস্থিত আছিল। কিন্তু ৰাজ্জাকে এই কথা কওঁতে তেওঁক কোনেও বাধা নিদিলে বা তেওঁৰ বক্তব্যত আপত্তি নকৰিলে, বৰঞ্চ প্ৰাক্তন ক্ৰিকেটাৰ কেইগৰাকীয়ে হাঁহি আৰু হাত চাপৰি বজাই থকা দেখা গ’ল।

এনে পৰিস্থিতিত এতিয়া ছ’চিয়েল মিডিয়াত তেওঁলোকক সমালোচনা কৰা হৈছে।

ৰাজ্জাকৰ এই বক্তব্যক আপত্তি কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এয়া পাকিস্তানী ক্ৰিকেটাৰসকলৰ মানসিকতা। ঐশ্বৰ্য ৰায় বচ্চনৰ ওপৰত মন্তব্য কৰাৰ বাবে আব্দুল ৰাজ্জাকে লাজ পাব লাগে। 

আন এজনে লিখিছে- ‘ঐশ্বৰ্যৰ সন্দৰ্ভত ৰাজ্জাকে যি উদাহৰণ দিছে সেয়া লজ্জাজনক। চাওকচোন একেলগে বহি থকা আন নিৰ্লজ্জ ক্ৰিকেটাৰসকলে কেনেকৈ হাত চাপৰি বজাই হাঁহিছে?

একেদৰে আন ব্যৱহাৰকাৰীসকলেও এই বিষয়ত নিজৰ মতামত দি অসন্তুষ্টি প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক