--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰুণ ধাৱনৰ জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাই গৈ আছে। কেৱল বলীউডৰ চিনেমাতে অভিনেতাগৰাকীৰ জনপ্ৰিয়তা সীমাবদ্ধ নহয়, এইবাৰ মেডাম টুছড (Madame Tussauds)ত মমৰ মূৰ্তি স্থাপন কৰিব অভিনেতাগৰাকীৰ। শেহতীয়াকৈ মুক্তি পোৱা ‘ভেড়িয়া’ নামৰ ছবিখন, যিয়ে বৰ্তমানেও বক্স অফিছত দৰ্শকৰ বিপুল সমৰ্থন লাভ কৰি আছে।

এই সময়তে অভিনেতা বৰুণ ধাৱানৰ মমৰ মূৰ্তি স্থাপন কৰা হৈছে দিল্লীৰ মেডাম টুছড সংগ্ৰহালয়ত। যাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এতিয়ালৈকে এই সংগ্ৰহালয়ত বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন, বলীউডৰ কিং খান শ্বাহৰুখ খান, হৃত্বিক ৰোশন আৰু অনিল কাপুৰৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। এতিয়া বলীউডৰ অন্যতম আকৰ্ষণীয় আৰু উদ্যমী অভিনেতা বৰুণ ধাৱানৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে বৰুন ধাৱানৰ এয়ে প্ৰথম মমৰ মূৰ্তি নহয়, এয়া অভিনেতাগৰাকীৰ বাবে দ্বিতীয়বাৰৰ বাবে প্ৰাপ্ত। অভিনেতাগৰাকীয়ে পূৰ্বেও এই কৃতিত্ব অৰ্জন কৰিছে। ২০১৮ চনত, অভিনেতাজনৰ মমৰ মূৰ্তি হংকঙৰ মেডাম তুচাদতো স্থাপন কৰা হৈছিল। সেই সময়ত অভিনেতাগৰাকীৰ এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ কনিষ্ঠ অভিনেতা হিচাপে খ্যাত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু