--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰুণ ধাৱনৰ জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাই গৈ আছে। কেৱল বলীউডৰ চিনেমাতে অভিনেতাগৰাকীৰ জনপ্ৰিয়তা সীমাবদ্ধ নহয়, এইবাৰ মেডাম টুছড (Madame Tussauds)ত মমৰ মূৰ্তি স্থাপন কৰিব অভিনেতাগৰাকীৰ। শেহতীয়াকৈ মুক্তি পোৱা ‘ভেড়িয়া’ নামৰ ছবিখন, যিয়ে বৰ্তমানেও বক্স অফিছত দৰ্শকৰ বিপুল সমৰ্থন লাভ কৰি আছে।

এই সময়তে অভিনেতা বৰুণ ধাৱানৰ মমৰ মূৰ্তি স্থাপন কৰা হৈছে দিল্লীৰ মেডাম টুছড সংগ্ৰহালয়ত। যাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এতিয়ালৈকে এই সংগ্ৰহালয়ত বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন, বলীউডৰ কিং খান শ্বাহৰুখ খান, হৃত্বিক ৰোশন আৰু অনিল কাপুৰৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। এতিয়া বলীউডৰ অন্যতম আকৰ্ষণীয় আৰু উদ্যমী অভিনেতা বৰুণ ধাৱানৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে বৰুন ধাৱানৰ এয়ে প্ৰথম মমৰ মূৰ্তি নহয়, এয়া অভিনেতাগৰাকীৰ বাবে দ্বিতীয়বাৰৰ বাবে প্ৰাপ্ত। অভিনেতাগৰাকীয়ে পূৰ্বেও এই কৃতিত্ব অৰ্জন কৰিছে। ২০১৮ চনত, অভিনেতাজনৰ মমৰ মূৰ্তি হংকঙৰ মেডাম তুচাদতো স্থাপন কৰা হৈছিল। সেই সময়ত অভিনেতাগৰাকীৰ এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ কনিষ্ঠ অভিনেতা হিচাপে খ্যাত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক