--°C
Loading...
Listen to Article
2 min read
80%

প্ৰহ্লাদ যোশীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া নবীন শেখৰাপ্পাৰ পিতৃৰ

ডিজিটেল ডেস্ক : উচ্চতৰ মাধ্যমিকত ৯৭শতাংশ নম্বৰ লাভ কৰাৰ পাছতো দেশত চিকিৎসক হোৱাৰ সপোন পূৰণ নহ’ল নবীনৰ। কৰ্ণাটকৰ চিকিৎসা মহাবিদ্যালয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ইউক্ৰেইনত নিহত হোৱা ভাৰতীয় ছাত্ৰ নবীনে। ইউক্ৰেইন সংকটৰ মাজত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰিবলৈ এফালে তৎপৰতা অব্যাহত ৰখাৰ মাজতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা অসংবেদনশীল মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ যুদ্ধৰ মাজত অতি দুৰ্ভাগ্যজনকভাৱে নৱীন শেখৰাপ্পা নামৰ ছাত্ৰগৰাকীয়ে প্ৰাণ হেৰুওৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অতি অসংবেদনশীল মন্তব্য কৰিছে। তেওঁ কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নৱীনৰ পিতৃয়ে। প্ৰহ্লাদ যোশীয়ে বিতৰ্কিত মন্তব্য কৰি কৈছিল যে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাৰতত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা সফল হ’ব নোৱাৰে তেওঁলোকহে বিদেশলৈ পঢ়িবলৈ যায়। এক সংকটপূৰ্ণ পৰিস্থিতিৰ মাজত, যি সময়ত এগৰাকী ছাত্ৰৰ মৃত্যু পৰ্যন্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰি নবীনৰ পিতৃয়ে কি পৰিস্থিতিত তেওঁৰ পুত্ৰ বিদেশলৈ পঢ়িবলৈ যাবলগীয়া হৈছিল সেইকথা ব্যাখ্য কৰিছে। তেওঁ কয়, ‘উচ্চতৰ মাধ্যমিকত ৯৭শতাংশ নম্বৰ লাভ কৰাৰ পাছতো মোৰ পুত্ৰই কৰ্ণাটকৰ চিকিৎসা মহাবিদ্যালয়ত স্থান লাভ কৰিবলৈ অসমৰ্থ হৈছিল। তাৰ পাছত তেওঁক ইউক্ৰেইনলৈ পঠিয়াবলৈ আমি বাধ্য হৈ পৰিছিলোঁ। কাৰণ দেশত বৰঙণি দি পঢ়ুৱাব পৰাকৈ আমাৰ হাতত টকা নাছিল। আৰু আজি আমি তেওঁক হেৰুৱাবলগীয়া হ’ল।’ শোকত জড় হৈ পৰিব খোজা কণ্ঠেৰে এই মন্তব্য কৰে নবীনৰ পিতৃয়ে। উল্লখ্য যে, চিকিৎসা বিজ্ঞানৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ নবীনৰ ৰুছ বোমা আক্ৰমণত মঙলবাৰে মৃত্যু হৈছিল। তেওঁৰ প্ৰকৃত ঘৰ হৈছে কৰ্ণাটকৰ হাভেৰী জিলাৰ ৰানেবেনুৰ চালাগেৰী গাঁৱত। নৱীনৰ এগৰাকী আত্মীয়ই কয় সৰুৰে পৰা নবীন আছিল এজন মেধাৱী ছাত্ৰ। আমি দেশত তেওঁৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ খৰচ বহন কৰিবলৈ অপাৰগ হোৱা বাবেহে তেওঁক ইউক্ৰেইনলৈ শিক্ষা গ্ৰহণৰ বাবে পঠিয়াবলগীয়া হৈছিল। বৃহৎ বৰঙণি দি মেনেজমেণ্ট কোটাৰ আসন ক্ৰয় কৰিবলৈ অপৰাগ হোৱা পৰিয়ালটোৱে এতিয়া পু্ত্ৰৰ সপোন পূৰণ হোৱা দেখিবলৈ পোৱাটো বাদেই তেওঁক সোশৰীৰে ওভটাই পাবলৈও সক্ষম নহ’ল। উল্লেখ্য যে, ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়নৰ খৰচ ভালেখিনি কম হোৱা বাবে সকাহ লাভ কৰিছিল নবীনৰ পৰিয়ালটোৱে। কিন্তু এই কাল সময়ে তেওঁলোকৰ বাবে অপেক্ষা কৰি থকাৰ কথা তেওঁলোকে অনুমান কৰিবও পৰা নাছিল। মঙলবাৰে পুৱাই আহিছিল সেই অবাঞ্চিত দুঃখবৰ। ৰুছ সেনাৰ মিছাইল আক্ৰমণত নিহত হৈছিল এগৰাকী ভাৰতীয় ছাত্র। ৰুছ সৈন্যৰ নিৰ্বিচাৰ আক্ৰমণত ইউক্ৰেইনত প্ৰাণ হেৰুৱাইছিল কৰ্ণাটকৰ ছাত্ৰ নবীন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে তেওঁ এখন গেলামালৰ দোকানত ৰেচনৰ বাবে শাৰী পাতি আছিল। সেই সময়তে ৰুছ সৈন্যৰ আক্ৰমণে তেওঁৰ প্ৰাণ কাঢ়ি লয়। ২১ বছৰীয়া ছাত্ৰজনৰ মৃতদেহটো ঘূৰাই পোৱাৰ আশাতে এতিয়া বাট চাই আছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন