--°C
Loading...
Listen to Article
2 min read
80%

প্ৰহ্লাদ যোশীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া নবীন শেখৰাপ্পাৰ পিতৃৰ

ডিজিটেল ডেস্ক : উচ্চতৰ মাধ্যমিকত ৯৭শতাংশ নম্বৰ লাভ কৰাৰ পাছতো দেশত চিকিৎসক হোৱাৰ সপোন পূৰণ নহ’ল নবীনৰ। কৰ্ণাটকৰ চিকিৎসা মহাবিদ্যালয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ইউক্ৰেইনত নিহত হোৱা ভাৰতীয় ছাত্ৰ নবীনে। ইউক্ৰেইন সংকটৰ মাজত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰিবলৈ এফালে তৎপৰতা অব্যাহত ৰখাৰ মাজতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰা অসংবেদনশীল মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ যুদ্ধৰ মাজত অতি দুৰ্ভাগ্যজনকভাৱে নৱীন শেখৰাপ্পা নামৰ ছাত্ৰগৰাকীয়ে প্ৰাণ হেৰুওৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অতি অসংবেদনশীল মন্তব্য কৰিছে। তেওঁ কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নৱীনৰ পিতৃয়ে। প্ৰহ্লাদ যোশীয়ে বিতৰ্কিত মন্তব্য কৰি কৈছিল যে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাৰতত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা সফল হ’ব নোৱাৰে তেওঁলোকহে বিদেশলৈ পঢ়িবলৈ যায়। এক সংকটপূৰ্ণ পৰিস্থিতিৰ মাজত, যি সময়ত এগৰাকী ছাত্ৰৰ মৃত্যু পৰ্যন্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰি নবীনৰ পিতৃয়ে কি পৰিস্থিতিত তেওঁৰ পুত্ৰ বিদেশলৈ পঢ়িবলৈ যাবলগীয়া হৈছিল সেইকথা ব্যাখ্য কৰিছে। তেওঁ কয়, ‘উচ্চতৰ মাধ্যমিকত ৯৭শতাংশ নম্বৰ লাভ কৰাৰ পাছতো মোৰ পুত্ৰই কৰ্ণাটকৰ চিকিৎসা মহাবিদ্যালয়ত স্থান লাভ কৰিবলৈ অসমৰ্থ হৈছিল। তাৰ পাছত তেওঁক ইউক্ৰেইনলৈ পঠিয়াবলৈ আমি বাধ্য হৈ পৰিছিলোঁ। কাৰণ দেশত বৰঙণি দি পঢ়ুৱাব পৰাকৈ আমাৰ হাতত টকা নাছিল। আৰু আজি আমি তেওঁক হেৰুৱাবলগীয়া হ’ল।’ শোকত জড় হৈ পৰিব খোজা কণ্ঠেৰে এই মন্তব্য কৰে নবীনৰ পিতৃয়ে। উল্লখ্য যে, চিকিৎসা বিজ্ঞানৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ নবীনৰ ৰুছ বোমা আক্ৰমণত মঙলবাৰে মৃত্যু হৈছিল। তেওঁৰ প্ৰকৃত ঘৰ হৈছে কৰ্ণাটকৰ হাভেৰী জিলাৰ ৰানেবেনুৰ চালাগেৰী গাঁৱত। নৱীনৰ এগৰাকী আত্মীয়ই কয় সৰুৰে পৰা নবীন আছিল এজন মেধাৱী ছাত্ৰ। আমি দেশত তেওঁৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ খৰচ বহন কৰিবলৈ অপাৰগ হোৱা বাবেহে তেওঁক ইউক্ৰেইনলৈ শিক্ষা গ্ৰহণৰ বাবে পঠিয়াবলগীয়া হৈছিল। বৃহৎ বৰঙণি দি মেনেজমেণ্ট কোটাৰ আসন ক্ৰয় কৰিবলৈ অপৰাগ হোৱা পৰিয়ালটোৱে এতিয়া পু্ত্ৰৰ সপোন পূৰণ হোৱা দেখিবলৈ পোৱাটো বাদেই তেওঁক সোশৰীৰে ওভটাই পাবলৈও সক্ষম নহ’ল। উল্লেখ্য যে, ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়নৰ খৰচ ভালেখিনি কম হোৱা বাবে সকাহ লাভ কৰিছিল নবীনৰ পৰিয়ালটোৱে। কিন্তু এই কাল সময়ে তেওঁলোকৰ বাবে অপেক্ষা কৰি থকাৰ কথা তেওঁলোকে অনুমান কৰিবও পৰা নাছিল। মঙলবাৰে পুৱাই আহিছিল সেই অবাঞ্চিত দুঃখবৰ। ৰুছ সেনাৰ মিছাইল আক্ৰমণত নিহত হৈছিল এগৰাকী ভাৰতীয় ছাত্র। ৰুছ সৈন্যৰ নিৰ্বিচাৰ আক্ৰমণত ইউক্ৰেইনত প্ৰাণ হেৰুৱাইছিল কৰ্ণাটকৰ ছাত্ৰ নবীন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে তেওঁ এখন গেলামালৰ দোকানত ৰেচনৰ বাবে শাৰী পাতি আছিল। সেই সময়তে ৰুছ সৈন্যৰ আক্ৰমণে তেওঁৰ প্ৰাণ কাঢ়ি লয়। ২১ বছৰীয়া ছাত্ৰজনৰ মৃতদেহটো ঘূৰাই পোৱাৰ আশাতে এতিয়া বাট চাই আছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী